এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক অন্তৱৰ্তীকালীন জামিন

এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক অন্তৱৰ্তীকালীন জামিন

ৰঙিলী বাৰ্ত্তাসেৱা- অসম লোকসেৱা আয়োগৰ বহু চৰ্চিত নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালক গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে ।  উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ খণ্ডবিচাৰপীঠে ৰাকেশ পালৰ কাৰাদণ্ডৰ শাস্তি ২৮ ফেব্ৰুৱাৰী, ২০২৭লৈ স্থগিত ৰাখি নির্দিষ্ট চর্তসাপেক্ষে জামিনত মুক্তিৰ নিৰ্দেশ দিছে। অৱশ্যে সংযুক্ত আপীলৰ নিষ্পত্তি যদি উক্ত সময়ৰ আগতেই হয়, তেন্তে সেই নিষ্পত্তিৰ দিনাই এই সুবিধাৰ অন্ত পৰিব। ৰাকেশ কুমাৰ পালে কাৰাবাসৰ সময়, আপীল নিষ্পত্তিত হোৱা বিলম্ব, সংযুক্ত গোচৰসমূহৰ পেপাৰ বুক প্রস্তুত নোহোৱা আৰু তেওঁৰ পত্নীৰ সংকটজনক স্বাস্থ্যৰ অৱস্থাৰ যুক্তি দাঙি ধৰি শাস্তি স্থগিত তথা জামিনৰ আবেদন জনাইছিল। পূর্বতে একেধৰণৰ আবেদন নাকচ কৰা হৈছিল যদিও নতুন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আদালতে এইবাৰ তেওঁৰ আবেদন মঞ্জুৰ কৰে।  ৰাকেশ পালৰ অধিবক্তাই আবেদনত আদালতক জনাই যে তেওঁৰ পত্নীৰ দুয়োটা বৃক্ক বিকল হৈছে । সেয়ে জৰুৰীভাৱে বৃক্ক সংৰোপণৰ প্ৰয়োজন । এনে পৰিস্থিতিত পত্নীৰ চিকিৎসাৰ বাবে পালৰ উপস্থিতি অতি জৰুৰী বুলি আবেদনত উল্লেখ কৰা হৈছে । ৰাকেশ পালে ইতিমধ্যে ৮ বছৰতকৈও অধিক সময় কাৰাগাৰত কটাইছে । তেওঁৰ আপীলৰ চূড়ান্ত শুনানি শীঘ্ৰে নিষ্পত্তি হোৱাৰ সম্ভাৱনা কম বুলি আদালতে উল্লেখ কৰিছে । ৰাকেশ পালক আদালতে কেইবাটাও চৰ্তত এই অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে । সেইবোৰৰ ভিতৰত আছে ৰাকেশ পালে ১ লাখ টকাৰ ব্যক্তিগত বণ্ড আৰু সম পৰিমাণৰ ধনৰ ৩ জন জামিনদাৰ প্ৰদান কৰিব লাগিব । জামিনদাৰসকলৰ ভিতৰত এজনৰ বিচাৰ আদালতৰ এলেকাৰ ভিতৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব । ইয়াৰ উপৰি আদালতে নিৰ্ধাৰণ কৰা চৰ্তসমূহ হ’ল-বিচাৰ আদালতৰ পূৰ্ব অনুমতি অবিহনে আদালতৰ এলেকা এৰি যাব নোৱাৰিব। নিজৰ প্ৰস্তাৱিত বাসস্থান আৰু যোগাযোগ নম্বৰ বিচাৰ আদালতত দাখিল কৰিব লাগিব। পাছপ’র্ট থাকিলে বিচাৰ আদালতত জমা দিব লাগিব আৰু সংযুক্ত আপীল নিষ্পত্তি নোহোৱালৈকে সেয়া আদালতৰ জিম্মাত থাকিব। ইয়াৰ উপৰি বিচাৰ আদালতে প্রয়োজনীয় বুলি বিবেচনা কৰা অন্য চৰ্তও আৰোপ কৰিব পাৰিব। উল্লেখ্য যে  এপিএছচি গোচৰত বিশেষ আদালতে ২০২৪ চনৰ ২২ জুলাইত ৰাকেশ পালক দোষী সাব্যস্ত কৰাৰ পিছত ২৯ জুলাইত বিভিন্ন ধাৰাত মুঠ ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্রদান কৰিছিল। শাস্তিসমূহ একেৰাহে ভোগ কৰিব লাগিব বুলি নির্দেশ দিয়াৰ ফলত তেওঁ মুঠ ১৪ বছৰ কাৰাগাৰত থাকিব লাগিব বুলি বিচাৰ আদালতে নিৰ্ধাৰণ কৰিছিল।