পৰিৱেশ সুৰক্ষাত দেশৰ ভিতৰত দ্বিতীয় অসম
ৰঙিলী বাৰ্ত্তাসেৱা- পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অসমে এক উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে। ৰাজ্যখনৰ পৰিৱেশ সুৰক্ষা, বনাঞ্চল সংৰক্ষণ, নৱীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধি আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ফলস্বৰূপে দেশৰ ভিতৰত অসমে দ্বিতীয় স্থান লাভ কৰিছে। Centre for Science and Environment (CSE) আৰু Down To Earth’1 State of India’s Environment 2026 প্রতিবেদনত পৰিৱেশ শিতানত অসমে ১০০ৰ ভিতৰত ৬৬.৩২ স্ক’ৰ লাভ কৰি দ্বিতীয় স্থানত আছে। ৬৬.৬৯ স্ক’ৰেৰে গোৱাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে অসম শীৰ্ষস্থানৰ পৰা মাত্র ০.৩৭ পইন্ট পিছ পৰি আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰে। তেওঁৰ মতে, সেউজ অসম কেবল এটাশ্ল’গান নহয়, পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰতিফলন। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত পাঁচ বছৰত অসমত প্ৰায় ১৮,০০০ হেক্টৰ বনভূমি বেদখলমুক্ত কৰা হৈছে। বনাঞ্চলৰ সুৰক্ষা আৰু পুনৰুদ্ধাৰৰ লগতে বেদখলমুক্ত ভূমিত পুনৰ বনানীকৰণৰ প্ৰক্ৰিয়াও অব্যাহত আছে। বনাঞ্চলৰ পৰিসৰ বৃদ্ধি আৰু প্ৰাকৃতিক পৰিৱেশৰ পুনৰুজ্জীৱনৰ ক্ষেত্ৰত এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বনাঞ্চল সংৰক্ষণৰ উপৰি ৰাজ্য চৰকাৰে জাবৰ নিষ্কাশন ব্যৱস্থাক অধিক সুসংহত কৰা, নদীক নৱীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধিৰ বাবে অনুকূল নীতি গ্রহণ কৰা আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্রত বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। নৱীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধি আৰু পৰিৱেশ-অনুকূল উন্নয়নৰ দিশত চৰকাৰৰ প্ৰচেষ্টা অব্যাহত আছে। ইফালে, মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, নবীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰে ‘অসম ইন্টিগ্রেটেড ক্লীন এনার্জী পলিচি, ২০২৫’ ৰূপায়ণৰ পদক্ষেপ গ্রহণ কৰিছে। সৌৰশক্তিকে ধৰি পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি আৰু শক্তি উৎপাদনৰ ক্ষেত্ৰত পৰিৱেশ-অনুকূল ব্যৱস্থাক উৎসাহিত কৰাই এই নীতিৰ অন্যতম লক্ষ্য। একেদৰে জাবৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো চৰকাৰে ‘ছলিড ৱেষ্ট মেনেজমেন্ট ৰুছ, ২০২৬’ ৰূপায়ণত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি ড° শৰ্মাই কয় যে জাবৰ নিষ্কাশন আৰু পুনঃব্যৱহাৰৰ ব্যৱস্থাক অধিক কাৰ্যকৰী কৰি পৰিৱেশ প্ৰদূষণ হ্রাস কৰাত এই পদক্ষেপে সহায় কৰিব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি, পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপৰ লগতে জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰাটোও অত্যন্ত প্রয়োজনীয়। বিগত কেইবছৰত বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ পৰ্যটনৰ ক্ষেত্ৰত অসমৰ যুৱশক্তিৰ অংশগ্ৰহণ বৃদ্ধি পোৱাটো এক ইতিবাচক লক্ষণ। সেউজ পৰিৱেশ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য আগত ৰাখি চৰকাৰে এই দিশত বিশেষ পদক্ষেপ গ্রহণ কৰিছে।
