বাল বিবাহ মুক্ত ভাৰত অভিযানত কেটেলা মডেল স্কুলৰ কৃতিত্ব
আন্তঃ বিদ্যালয় বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতাত প্ৰথম স্থান, প্ৰধান শিক্ষক-শিক্ষকৰ আনন্দ প্ৰকাশ
বিহমাৰী,অৰুণা ধৰ বৈষ্ণৱ,ৰঙিলী বাৰ্ত্তাসেৱা- বাল বিবাহ মুক্ত ভাৰত অভিযানৰ অধীনত জিলা সমাজ কল্যাণ বিভাগ, বিশ্বনাথৰ উদ্যোগত আজি পি.এম. শ্ৰী বৰগাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তঃ বিদ্যালয় বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত বিশ্বনাথ জিলাৰ বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত কেটেলা চাহ বাগিচা মডেল স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে। এই সাফল্যৰ বাবে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিজিত ৰয় আৰু শিক্ষক-কৰ্মচাৰীসকলে আনন্দ প্ৰকাশ কৰাৰ লগতে বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক অভিনন্দন আৰু শুভকামনা জনায়। তেওঁলোকে আগন্তুক দিনতো ছাত্ৰ-ছাত্ৰীসকলে এনেদৰেই অধ্যয়নৰ লগতে বিভিন্ন সৃষ্টিশীল আৰু প্ৰতিযোগিতামূলক ক্ষেত্ৰত বিদ্যালয়ৰ নাম উজলাই যাব বুলি আশা প্ৰকাশ কৰে।
