পাভৈত অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা
কৃতী শিক্ষক বঁটা প্ৰাপক দুগৰাকীকো বিশেষ সম্বৰ্ধনা, ১১ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক জনালে সেৱাৰ স্বীকৃতি
বিহমাৰী,অৰুণা ধৰ বৈষ্ণৱ, ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বনাথ জিলাৰ পাভৈ কেন্দ্ৰ প্ৰাথমিক শিক্ষক সন্মিলনী আৰু কুঁৱৰী কেন্দ্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ যৌথ উদ্যোগত ২৭ নৱেম্বৰত পাভৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এটি বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি তথা বিশ্বনাথ জিলাৰ কৃতী শিক্ষক বঁটা প্ৰাপক বীনা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে জ্যেষ্ঠ শিক্ষক লক্ষ্য হাজৰিকাই। সভাত বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰপৰা জিলা কৃতী শিক্ষকৰ বঁটা লাভ কৰা বীনা বৰুৱা আৰু পূৰ্ণিমা নাৰ্জাৰীক ফুলাম গামোচা, কলম আৰু মোমেন্টোৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে উক্ত সভাত মুঠ ১১ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীকো আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। তেখেতসকল হ’ল ক্ৰমে – লিলিমা বৰা, মনিদীপা হাজৰিকা, শশীপ্ৰভা দেৱী, ললিতা নাথ দৈমাৰী, ৰেৱতি শইকীয়া, হেমন্ত মেছ, প্ৰণতি দেৱী, বাপুষ্মান শৰ্মা, স্মৃতি ঘোষ, মঞ্জু কুৰ্মী আৰু দ্বিজেন দাস। অনুষ্ঠানত হাইদাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মৌচুমী দেৱীয়ে “প্ৰিয় চহৰ বিশ্বনাথ” শীৰ্ষক এটি স্বৰচিত কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে। সভাৰ মঞ্চত আসন গ্ৰহণ কৰে- বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক প্ৰেম বৈষ্ণৱ, ললিতা নাথ দৈমাৰী, হৰেণ স্বৰ্গীয়াৰী, কেশৱ হাজৰিকা, ৰেখা বৰা, ললিত চন্দ্ৰ তেৰাং, বাপুষ্মান শৰ্মা, দ্বিজেন দাস, শশীপ্ৰভা দেৱী, মনিদীপা হাজৰিকা আৰু লিলিমা বৰা। মঞ্চত আসন গ্ৰহণ কৰা সকলোকে ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।

পাভৈ কেন্দ্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভানেত্ৰী বীনা বৰুৱা, সম্পাদক দিলীপ পৌৰেল, কুঁৱৰী কেন্দ্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভানেত্ৰী পূৰ্ণিমা নাৰ্জাৰী, সম্পাদিকা মঞ্জুলা দাসৰ বিশেষ উদ্যোগত আৰু দুয়োটা কেন্দ্ৰৰ শিক্ষকসকলৰ সক্ৰিয় সহযোগত অনুষ্ঠিত এই সুন্দৰ অনুষ্ঠানৰ বাবে বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক প্ৰেম বৈষ্ণৱে কৃতজ্ঞতা জ্ঞাপন কৰে। নিজৰ বক্তব্যত তেওঁ কয় যে, অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ পৰা আমি বহুত শিকিবলগীয়া আছে। শিক্ষকতা জীৱনৰ বাস্তৱ অভিজ্ঞতাৰে তেখেতসকল অভিজ্ঞ। তেখেতসকলৰ আদৰ্শই নৱ প্ৰজন্মৰ শিক্ষকসকলক সদায় পথ দেখুৱাই থাকিব। শিক্ষক কেৱল এটা চাকৰি নহয়, শিক্ষক হৈছে সমাজ গঢ়াৰ ভেটি। তেখেতসকলে নিজৰ জীৱনৰ সোণালী সময়ছোৱা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ়াত উৎসৰ্গা কৰিলে, সেই অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। অৱসৰৰ পিছতো তেখেতসকলৰ অভিজ্ঞতা আৰু আশীৰ্বাদে আমাক আগুৱাই যোৱাত সাহস আৰু প্ৰেৰণা যোগাই থাকিব বুলি কয়। সভাত বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহকাৰী সম্পাদক বীৰেন মহন্ত, ন্যাস সম্পাদক হেমন্ত নাগৰ উপৰিও দুয়োটা কেন্দ্ৰৰ প্ৰায় অৰ্ধশতাধিক শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। শেষত পাভৈ কেন্দ্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক দিলীপ পৌৰেলে সকলোলৈ আন্তৰিক ধন্যবাদ আৰু শলাগৰ শৰাই আগবঢ়ায়।
