৭ ডিচেম্বৰলৈ স্থগিত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ শুনানি 

৭ ডিচেম্বৰলৈ স্থগিত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ শুনানি 

ৰঙিলী বাৰ্ত্তাসেৱা-  জুবিন গাৰ্গৰ হত্যা গোচৰত উচ্চ ন্যায়ালয়ৰ পৰা কোনো সকাহ নাপালে অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে। চৰকাৰী অধিবক্তাই শেখৰজ্যোতি গোস্বামীৰ জামিনৰ বিৰোধিতা কৰি আদালতত আবেদন কৰাৰ বাবে আদালতে শেখৰজ্যোতিৰ জামিনৰ শুনানিৰ পৰৱৰ্তী দিন অহা ৭ ডিচেম্বৰলৈ স্থগিত ৰাখে। শেখৰজ্যোতি গোস্বামীৰ লগতে জুবিন গাৰ্গৰ দুই প্ৰাক্তন দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰো জামিন আবেদনৰ শুনানি একেদিনাই অৰ্থাৎ ৭ ডিচেম্বৰলৈ পিছুৱাই দিয়া হৈছে। ইয়াৰ লগে লগে হাফলং জিলা কাৰাগাৰত বন্দী হৈ থকা শেখৰজ্যোতি গোস্বামীয়ে  জামিন বিচাৰি আদালতৰ পৰা বিমুখ হ’ব লগা হয়। ইফালে জুবিন গাৰ্গৰ হত্যা গোচৰত ফাষ্টট্রেক আদালতত দ্বিতীয় দিনাৰ বাবে সাক্ষ্য প্রদান কৰে জুবিনৰ সম্পৰ্কীয় ভাতৃ ঋতু প্রয়াগ গার্গে।  আনহাতে অহা ৩০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মাৰ জামিনৰ শুনানি হ’ব। সেইদিনাই অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰোধিতা কৰি দিয়া আবেদনৰো শুনানি গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে।