মুম্বাইত পূৰ্ণগতিত চলিছে ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণী অনুষ্ঠানৰ আখৰা
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ২৯ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণী অনুষ্ঠানৰ প্ৰস্তুতি জোৰদাৰ গতিত চলিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপস্থিত থকিব লগীয়া উক্ত অনুষ্ঠানৰ বাবে দিল্লীৰ লগতে মুম্বাইতো শিল্পীসকলে অনুশীলন আৰম্ভ কৰিছে। কেইবাগৰাকীও স্বনামধন্য শিল্পীৰ লগতে অসমৰ শিল্পীসকলে এই আখৰাত সুধাকণ্ঠৰ কেইবাটাও গীত গাই ২৯ নৱেম্বৰৰ বাবে প্রস্তুতি চলাই আছে। এই উপলক্ষে মুম্বাইত অসমৰ লগতে দেশৰ কেইবাগৰাকীও বিশিষ্ট শিল্পী তথা নৱপ্ৰজন্মৰ গায়ক-গায়িকাৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা এক অন্তৰংগ মুহূৰ্তত মিলিত হোৱাৰ লগতে পূৰ্ণগতিৰ আখৰাৰ সাক্ষী হয়। এই আখৰাত উপস্থিত থাকে বলিউদৰ জনপ্রিয় শিল্পী কবিতা কৃষ্ণমূর্তিৰ লগতে বলীউডত প্রতিষ্ঠা লাভ কৰা অসমৰ সন্তান অনুৰাগ শইকীয়া। আনহাতে মুম্বাইত উপস্থিত আছে ৰূপম ভূঞা, আচুৰ্য বৰপাত্র গোহাঁই, ময়ূষ হাজৰিকা, অনিন্দিতা পাল, দীক্ষু, জুবলী, মৌচুমী চহৰীয়া, নাহিদ আফ্রিন, মনোজ বৰুৱা, ৰূপম তালুকদাৰ আদি কৰি কেইবাগৰাকীও শিল্পী। মুখ্যমন্ত্রী ড° শৰ্মাই শিল্পীসকলৰ সৈতে আখৰা আৰু প্রস্তুতি সম্পর্কে বার্তালাপ কৰে। উল্লেখ্য যে ২৯ নৱেম্বৰৰ সামৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগা এক সাংস্কৃতিক অনুষ্ঠানত ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰা হ’ব। সমগ্র অনুষ্ঠানটোৰ পৰিচালনাৰ দায়িত্বত আছে অনুৰাগ শইকীয়া। ইফালে এই আখৰাত উপস্থিত থকা বলীউডৰ জনপ্রিয় কণ্ঠশিল্পী কবিতা কৃষ্ণমূর্তিয়ে মুখ্যমন্ত্ৰীৰ সৈতে বিশেষ বাৰ্তালাপ কৰে আৰু ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। কেনেদৰে তেওঁক চাৰিটা শাৰী গাবলৈ দি বলীউডত সুবিধা প্রদান কৰিছিল, সেই অভিজ্ঞতাৰ বিষয়েও উল্লেখ কৰে। কবিতা কৃষ্ণমূর্তিয়ে ২৯ নৱেম্বৰৰ অনুষ্ঠানত ‘বিমূর্ত মোৰ নিশাটি…’ গীতৰ হিন্দী সংস্কৰণ গুমচুম গীতটি পৰিৱেশন কৰিব। এই গীতটো ‘দমন’ ছবিখনত তেওঁ কণ্ঠদান কৰিছিল। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে এই আখৰাৰ কথা উল্লেখ কৰি লিখিছে- সুধাকণ্ঠৰ যুগজয়ী সৃষ্টি ‘বিমূর্ত মোৰ নিশাটি…’ এই গীতৰ হিন্দী সংস্কৰণটি প্রসিদ্ধ কণ্ঠশিল্পীগৰাকীৰ কণ্ঠত শুনি মুগ্ধ হ’লোঁ। অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ স্মৰণীয় অনুষ্ঠানত এই গীতটি পৰিৱেশন কৰিব কবিতা কৃষ্ণমূর্তিয়ে। ভূপেনদাৰ সৃষ্টিৰ সুৰ আৰু আৱেগক দেশৰ মঞ্চত নতুন ৰূপত উপস্থাপনৰ এই প্রস্তুতি নিশ্চয়কৈ এক বিশেষ অনুভৱ। লক্ষণীয়ভাৱে সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণী অনুষ্ঠানৰ বাবে বিশেষ ৰে’লযোগে নতুন দিল্লীলৈ ৰাওনা হ’ল ১,৪০০ শিক্ষার্থী, চৰকাৰী কৰ্মচাৰী, অধ্যাপক-অধ্যাপিকা। ‘মানুহে মানুহৰ বাবে…’ গীতেৰে মুখৰ হোৱা ৰে’লখনত গুৱাহাটী ষ্টেচনত দিল্লী অভিমুখে যাব ওলোৱা শিক্ষার্থী, কর্মচাৰীসকলৰ বিশেষ উৎসাহ পৰিলক্ষিত হ’ল। মন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে বিয়লি ৭ বজাত ফ্লে গঅফ কৰি ৰে’লখনৰ যাত্ৰাৰ শুভাৰম্ভণি কৰে।
