নৈঃশব্দ্যৰ অন্তৰালত নাচিমা য়াচমিন

Pc Unsplash

নৈঃশব্দ্যৰ অন্তৰালত

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

মানুহৰ জীৱনত কিছু বিচ্ছেদৰ কোনো নিৰ্দিষ্ট ক্ষণ নাথাকে। নাথাকে বিদায়ৰ আনুষ্ঠানিকতা, নাথাকে শেষবাৰৰ বাবে উভতি চোৱাৰ কোনো প্ৰতিশ্ৰুতি। অথচ এদিন অজ্ঞাতে দুজন মানুহৰ অন্তৰৰ মাজত এনে এক অদৃশ্য প্ৰাচীৰ গঢ় লৈ উঠে, যাৰ সিপাৰে ৰৈ যায় অলেখ অনুচ্চাৰিত অনুভৱ আৰু অপ্ৰকাশিত অভিমান।

নৈঋতীয়ে আজিও সেই আবেলিটোক পাহৰিব পৰা নাই। আকাশৰ বুকুত তেতিয়া গধুৰ মেঘৰ সমাৱেশ। প্ৰকৃতিও যেন কোনো এক অজ্ঞাত বিষাদৰ বোজা কঢ়িয়াই ফুৰিছিল। তাইৰ সন্মুখত মেলি থোৱা কিতাপখনৰ পৃষ্ঠাবোৰ বতাহত লৰচৰ কৰিছিল, কিন্তু তাইৰ দৃষ্টি নিবদ্ধ আছিল বহু দূৰৰ এখন স্মৃতিৰ দুৱাৰত।

এসময়ত তাইৰ জীৱনতো এজন মানুহ আছিল, যিজনক তাই  নিঃস্বাৰ্থভাৱে আপোনাই লৈছিল। যাৰ উপস্থিতিয়ে নিৰস দিনবোৰতো এক অনিৰ্বচনীয় মাধুৰ্যৰ সঞ্চাৰ কৰিছিল। সম্পৰ্কটোৰ কোনো নাম নাছিল, তথাপিও তাত আছিল আত্মিক ঘনিষ্ঠতাৰ এক গভীৰ অনুৰণন। দুয়োৰে মাজত বিনিময় হৈছিল অসংখ্য কথা, সপোন আৰু ভৱিষ্যতৰ অলেখ কল্পনা।

কিন্তু সময়ৰ গতিপথ সদায় মানুহৰ আকাংক্ষাৰ অনুকূলত আগ নাবাঢ়ে। ক্ৰমশঃ কথোপকথনৰ সুৰ ম্লান হৈ পৰিল। আন্তৰিকতাৰ ঠাইত আনুষ্ঠানিকতাই স্থান ল’লে। যিবোৰ প্ৰশ্নৰ উত্তৰ এসময়ত চকুৰ ভাষাতেই পোৱা গৈছিল, সেইবোৰৰ উত্তৰ বিচাৰি এতিয়া দীঘলীয়া অপেক্ষাৰ প্ৰয়োজন হৈছিল।

নৈঋতীয়ে প্ৰথমে পৰিৱৰ্তনটোক স্বাভাৱিক বুলি গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল। মানুহৰ জীৱনত ব্যস্ততা আহে, অগ্ৰাধিকাৰ সলনি হয়—এইবোৰ তাইৰো অজ্ঞাত নাছিল। কিন্তু তাই বুজি পোৱা নাছিল, ব্যস্ততাৰ অজুহাতত আন্তৰিকতাও কিয় ক্ৰমাৎ অপ্ৰাসংগিক হৈ পৰে!

এদিন তাই সুধিছিল— “আমাৰ মাজত কিবা সলনি হৈছে নেকি?”

উত্তৰ আহিছিল—” সময়ৰ লগে লগে সকলো সলনি হয়।”

কথাষাৰ বৰ সাধাৰণ আছিল, কিন্তু তাৰ অন্তৰালত লুকাই থকা অৰ্থখিনি আছিল অত্যন্ত নিষ্ঠুৰ। তাই আৰু কোনো প্ৰশ্ন কৰা নাছিল। কিয়নো কিছুমান সত্যৰ স্বীকাৰোক্তি মানুহে মুখেৰে নিদিলেও আচৰণৰ মাজেৰে প্ৰকাশ কৰি দিয়ে।

বহুদিনৰ অন্তত সেইদিনা নৈঋতীয়ে পুৰণি চিঠিবোৰ উলিয়াই ল’লে। প্ৰতিখন চিঠিৰ আখৰত তাই বিচাৰি ফুৰিলে অতীতৰ সেই মানুহজনক। কিন্তু সময়ৰ ধূলিয়ে স্মৃতিবোৰৰ ওপৰত এনে এখন আৱৰণ পেলাইছিল যে চিনাকি শব্দবোৰো যেন ক্ৰমাৎ অপৰিচিত হৈ পৰিছিল।

চিঠিবোৰ সামৰি তাই ডায়েৰীৰ শেষ পৃষ্ঠাটোত লিখিলে—”জীৱনৰ আটাইতকৈ বেদনাদায়ক উপলব্ধি এইটোৱেই যে, সকলো সম্পৰ্কৰ পৰিসমাপ্তি ঘৃণাত নহয়; কিছুমানৰ অৱসান ঘটে অৱহেলাৰ নিৰৱচ্ছিন্ন পুনৰাবৃত্তিত। যাক এসময়ত নিজৰ সমস্ত অনুভৱৰ ঠিকনা বুলি ভবা হয়, এদিন তেওঁৰ ওচৰতেই নিজৰ অনুভূতিবোৰ অপ্ৰাসংগিক হৈ পৰে। মই কাৰো প্ৰতি বিদ্বেষ পুহি ৰখা নাই। মাথোঁ সময়ৰ ওচৰত এটা প্ৰশ্ন আজিও উত্তৰবিহীন হৈ আছে—যদি এসময়ত ইমান আপোন আছিলোঁ, তেন্তে অচিনাকি হৈ পৰিবলৈনো ইমান কম সময় কিয় লাগিল?”

ডায়েৰীখন জপাই তাই খিৰিকীৰ কাষলৈ আগবাঢ়িল। বৰষুণজাক ইতিমধ্যে শাম কাটিছিল। গছৰ পাতত জমা হৈ থকা পানীৰ টোপালবোৰ এটাৰ পিছত এটাকৈ সৰি পৰিছিল।

তাই অনুভৱ কৰিলে, সকলো হেৰুওৱাৰ পিছতো জীৱন ৰৈ নাথাকে। সময়ে মানুহক বহু কথাৰ সৈতে সহাৱস্থান কৰিবলৈ শিকায়। কিছুমান শূন্যতা পূৰণ নহয়, মাথোঁ সেই শূন্যতাক বুকুত সামৰি আগবাঢ়ি যোৱাৰ অভ্যাস গঢ় লৈ উঠে। কাৰণ, মানুহৰ জীৱনত আটাইতকৈ দীঘলীয়া বিচ্ছেদটো দূৰত্বৰ নহয় ; ই হৈছে সেই আত্মিক ব্যৱধান, য’ত দুজন মানুহ একেখন আকাশৰ তলত থাকিও পৰস্পৰৰ বাবে সম্পূৰ্ণ অপৰিচিত হৈ পৰে।