ভোগদৈ নৈৰ ইতিহাস
স্বাগতা বৰুৱা গোস্বামী
আগফালে চোতালত আমন জিমনকৈ বহি থকা চিল্কীক দেখি তাইৰ মাক তাইৰ ওচৰলৈ গৈ সোধিলে,কি হ’ল চিল্কী কিয় ইমান আমন জিমনকৈ বহি আছা।এনেই বহি আছো মা বুলি ক’লে।তেতিয়া মাকে ক’লে চিল্কী,মাকে কিন্তু নিজৰ ল’ৰা-ছোৱালীয়ে মন বেয়া কৰি থাকিলে গ’ম পাই যায়।এতিয়া তুমিও যে মন বেয়া কৰি আছা মই কিন্তু গ’ম পাই গৈছো।গতিকে এতিয়া মোক সোনকালে মন বেয়া হোৱাৰ কাৰণটো কৈ দিয়া নহ’লে মইয়ো মনটো বেয়া কৰি থাকিম।হ’ব মা কৈছো শুনা বুলি ক’বলৈ লওঁতেই তাইৰ শোকে খুন্দা মাৰি ধৰিছে।কিহ’ল চিল্কী কথাটো কোৱা আকৌ।মানে মা কি জানা,আজি ১৭ তাৰিখ হ’ল।এইবাৰ মোৰ মামাৰ ঘৰ যোৰহাটলৈ যোৱাই নহ’ল।এই বৰষুণটোৰ কাৰণে মোৰ সকলো প্লেন শেষ হৈ গ’ল।কিমান আশা কৰি আছিলো গুনগুন বাৰ লগত খেলিম বুলি। কাজিৰঙাত ইমান সময় গাড়ীবোৰনো কিয় ৰখাই থয় বাৰু ?মোৰ মনতো সেইকাৰণে বেয়া।যি ভাবি থৈছিলো একো নহ’ল।চোৱা চিল্কী তুমিটো মামাৰ ঘৰলৈহে যাব পৰা নাই।কিন্তু এইবাৰ বৰষুণৰ বাবে হোৱা বানপানীৰ কাৰণে কিমান মানুহে খাবলৈ পোৱা নাই।থাকিবলৈ ভালকে পোৱা নাই।কাপোৰ কানিৰ অভাৱ হৈছে।তাতে মানুহক বাৰু সাহাৰ্য্য দিয়া মানুহেই আছে,কিন্তু জীৱ জন্তু বিলাকৰ কি অৱস্থা হৈছে চোৱাচোন।বানপানীৰ কাৰণে ইহঁতৰ থাকিবলৈ ঠাই নোহোৱা হৈছে।তাতে আকৌ কিছুমান মানুহে তাহাতৰ কথা নাভাবি তীব্ৰ গতি বেগেৰে গাড়ী চলাই তাঁহাতৰ মাজৰ কাৰোবাক চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা লৈ গৈছে।সেইকাৰণে এই পদক্ষেপ লৈছে।গতিকে মন বেয়া কৰি নাথাকিবা বতৰ পানী ভাল হ’লে আমি স্কুল খোলাৰ আগত নিশ্চয় যোৰহাট যাম দেই।
এতিয়া তোমাক এটা বৰ ধুনীয়া ইতিহাস ক’ম দেই যোৰহাটৰ।তুমি যোৰহাটলৈ গ’লে গুনগুন বাক ক’বগৈ পাৰিবা।তুমি জানানে আমাৰ এই অসমতে এখন মানুহে হাতেৰে খন্দা নদী আছে।নাজানা যদি কৈছো শুনা অসমত আহোমসকলে শাসন কৰিবলৈ লয় ১২২৮ খ্ৰীষ্টাব্দৰ পৰা।এই আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ আৰু শেষ ৰাজধানী আছিল যোৰহাট। ‘যোৰহাট’ শব্দটোৰ অৰ্থ হৈছে ‘দুখন হাট’ (যোৰ-দুই, হাট-বজাৰ), ১৮শ শতিকাত ভোগদৈ নদীৰ দুয়োপাৰে থকা “চকীহাট” আৰু “মাছৰহাট”ৰ পৰা যোৰহাট নামটো হয়। ই আছিল আহোম ৰাজ্যৰ অন্তিম ৰাজধানী।স্বৰ্গদেউ গৌৰীনাথ সিংহই (১৭৮০-১৭৯৪) বৃটিছৰ সহায়ত বিদ্ৰোহী মায়ামৰীয়া মৰাণৰ হাতৰ পৰা সাম্ৰাজ্য উদ্ধাৰ কৰাৰ পাছত গড়গাঁও আৰু ৰংপুৰৰ পৰা আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত কৰে।
ৰাজধানী স্থানান্তৰ হোৱাৰ পাছত তেওঁলোকে ৰাজধানীৰ কাষতে এখন নৈৰ আৱশ্যকতা অনুভৱ কৰিলে।কাৰণ সেই সময়ত নৈয়েদিয়েই বেপাৰ বাণিজ্য কৰিছিল। সেই উদ্দেশেই পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ভোগ দি দিচৈ নৈ খান্দি আনি যোৰহাটৰ কাষেদি বোৱাই ব্ৰহ্মপুত্ৰত পেলায়। নৈখন খান্দোতে ভোগ দিয়াৰ বাবে এই নৈ খনৰ নাম ভোগদৈ হ’লগৈ।ভোগদৈ হ’ল ব্ৰহ্মপুত্ৰৰ উপনদী।
গতিকে আজি চিল্কীয়ে যোৰহাটৰ এক ডাঙৰ ইতিহাসৰ বিষয়ে গ’ম পালা,হয়নে বাৰু?হয় মা।এই নদীখনে বৰ্তমানে ছশবছৰ অতিক্ৰম কৰিলে।মানৱ সৃষ্ট এইখনেই একমাত্ৰ নদী।এতিয়া তুমি যোৰহাটলৈ গ’লে গুনগুন বাক ক’ব পাৰিবা।এতিয়া গধূলি হ’বৰ হ’ল ভিতৰলৈ ব’লা নহ’লে ম’হে কামুৰিব।চাৰিওফালে হোৱা বানপানীৰ ফলত বহু জেগাত জাপানীজ এনকেফেলাইটিছ হৈছে।সেই বাবে একেবাৰে ম’হে কামুৰিবলৈ নিদিবা।হয় নেকি মা ব’লা ভিতৰলৈ যাওঁ আৰু ম’হ খেদোৱা ঔষধ লগাওঁ।
