শিশু সকলেই হৈছে দেশ আৰু জাতিৰ ভৱিষ্যত.. – পংকজ দাস

Pc StockCake

শিশু সকলেই হৈছে দেশ আৰু জাতিৰ ভৱিষ্যত.. 

পংকজ দাস, ব্ৰক্ষ্মাজান, গহপুৰ

আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক। আমি সকলোৱে বিচাৰো যে, আমাৰ শিশুসকল একোজন ভাল মানুহ তথা দেশৰ নাগৰিক হওঁক। কিন্তু আমি ভাল হোৱাটো বিচাৰিলেই নহ’ব। এটি শিশুৰ ভবিষ্যৎ গঢ় দিবলৈ হলে আমি শিশুসকলক শিশু অৱস্থাৰ পৰাই উচিত শিক্ষা, উচিত স্বাস্থ্য-খাদ্য, পৰিবেশ দিব লাগিব। সেয়ে তেওঁলোকক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলাটো অতি প্রয়োজনীয়। শিশু বুলি কলেই আমাৰ মনলৈ আহে একেবাৰে মৰম, আকলুৱা এপাহি ফুলৰ দৰে কোমল মনৰ অকণিহঁতৰ কথা। শিশুসকলৰ বাবে নিজৰ ঘৰখন, গাঁওখন,চুবুৰীটো এখন উকা পথাৰ।

ঘৰখনেই শিশু এটিৰ বাবে শিক্ষা আহৰণৰ ঘাই কেন্দ্র বিন্দু। শিশু এটি জন্ম হৈ যিখন ঘৰত ডাঙৰ-দীঘল হয় সেই পৰিবেশৰ আচৰণকে আয়ত্ব কৰে। সেয়ে পিতৃ-মাতৃৰ লগতে ঘৰখনৰ আন সদস্য সকলৰ আচাৰ আচৰণ আৰু আনুসঙ্গিক আন দিশবোৰৰ প্রতি সচেতন হোবা প্রয়োজন। শিশুৰ বৌদ্ধিক বিকাশত জীবনৰ আদিচোৱাত অজানিতে ৰঙৰ সহায়ত নান্দনিকতাৰ আনন্দ স্পর্শ কৰিছিল, তাকে সমল হিচাপে লৈ বহুজনে জীৱনটোক সুন্দৰৰ সাধনাৰে আগুৱাই নিবলৈ চেষ্টা কৰি আহিছে। শিশুৰ বিকাশত উপযুক্ত পৰিবেশ, মৰম চেনেহৰ লগতে সুস্থ পৰিবেশ, সুষম খাদ্য, সু-শিক্ষা, স্বাস্থ্য ৰক্ষাৰ নীতি সৰুৰে পৰা দিব লাগে। শিশু স্বাস্থ্য ক্ষেত্রত খেল ধেমালিৰ উপকাৰিতা আছে। খেল ধেমালিয়ে শিশুৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। শৰীৰ মন প্রফুল্লিত কৰি ৰাখে। সুস্থ শৰীৰতহে সুস্থ মনে বিৰাজ কৰে। আজৰি সময়ৰ বাবে খেল খেলাটো প্রয়োজন। খেলৰ জৰিয়তে শিশু কর্ম দক্ষতা বৃদ্ধি পায়। খেল সমূহৰ মাধ্যমৰে শিশুৰে অনাবিল আনন্দ উপভোগ কৰে খেলৰ উপৰিও শিশুৰ অন্যান্য প্রতিভা থাকে, ই স্বতস্ফুর্তভাবে প্রকাশ পায়। বর্তমান যুগত বিদ্যালয় কেৱল জ্ঞান অর্জন আৰু মানসিক উৎকর্ষ সাধনৰ ক্ষেত্র বুলি ভাবিব নোৱাৰি। পাৰ্চি নানে কৈছিল -”বিদ্যালয় হ’ব লাগিব এখন কৃত্রিম সমাজ আৰু ইয়াত সমাজৰ মংগলজনক গুৰুত্বপূর্ণ দিশটোহে প্রতিফলিত হয়। ‘পেষ্টালজিয়ে কৈছিল- ”স্কুল এনে হ’ব লাগিব য’ত ঘৰুৱা জীৱনৰ কামবোৰ প্রতিফলিত হ’ব লাগিব।” সেয়ে হ’ল নিজৰ দৈনন্দিন জীৱনত আৱশ্যকীয় কিছু শিশুৱে বালি-ধেমালি খেলাৰ পৰা, পুতলাৰ দৰা কইনা খেলা, আকৌ কিছুৱে বিদ্যালয়লৈ গৈ পঢ়া- শুনা কৰা, কিছুৱে ঘৰুৱা পৰিৱেশৰ বাবে বিদ্যালয়ৰ শ্রেণী কোঠাকে দেখি নোপোৱা অবস্থা নিয়াবলগীয়া হৈছে। তেওঁলোকৰ শিক্ষা লাভৰ নামত পোৱা নাই একো সুবিধা, শিশু নামত পোৱা নাই উপযুক্ত খাদ্য। আনকি শৈশৱৰ মধুৰতম সময় বোৰ কটাব পৰা নাই বহু হাজাৰ শিশুৱে। এনে কিছুমান শিশুৱে হোটেল, ৰেষ্টুৰেন্টত কাম কৰি নাইবা কেইটামান টকাৰ বিনিময়ত নলা নর্দমা নামি প্লাষ্টিকৰ সামগ্রীবোৰ বুটলি জীৱন নির্বাহ কৰিবলগীয়া হৈছে। এই ক্ষেত্রত শিশুৰ সর্বাঙ্গীন বিকাশত বর্তমান চৰকাৰে বিভিন্ন কার্যসূচীৰ জৰিয়তে শিশু সকলক আগুৱাই নিব বুলি আমি আশাবাদী। কেৱল চৰকাৰে নহয় আমাৰ সমাজৰ সমাজ সচেতন ব্যক্তি যুৱক, জাতীয় সংগঠন,শিক্ষক, অভিভাৱক সকলে আগ ভাগ ললে সমাজত এনে শিশু সকল আগুৱাই যাব আৰু ভবিষ্যতে সু-নাগৰিক হিচাপে গঢ় ল’ব।

শিশু সকল হৈছে দেশৰ ভবিষ্যতৰ নাগৰিক আৰু শিশু সকলৰ উন্নয়নক অত্যন্ত অগ্ৰাধিকাৰ দিয়াটো দেশৰ প্ৰধান কৰ্তব্য। দুৰ্ভাগ্যবশত সমগ্ৰ পৃথিৱীখনত অৰ্দ্ধ শতাংশই শিশু শ্ৰমিকৰ সমস্যাই দেখা দি আহিছে। বৰ্তমান গোলকীকৰণ আৰু আধুনিকীকৰণৰ যুগটো শিশু শ্ৰমিক সকলৰ সমস্যা আৰু তেওঁলোকে সন্মুখীন হোৱা প্ৰতিবন্ধকতা সমূহক লৈ ৰজাঘৰীয়া মুৰব্বী সকলে সমাধান আগবঢ়াই নিব লাগিব। বৰ্তমানৰ শিক্ষিত সমাজ খনতো বহু শিশু এতিয়াও সমাজৰ অজ্ঞাতে শিশু শ্ৰমিক হিচাপে নিজৰ জীৱনতো অন্ধকাৰ পথলৈ আগবঢ়াই নিছে। বিশ্বৰ এক তৃতীয়াংশ শিশুৱেও আনকি চাৰি বছৰীয়া নূন্যতম শিক্ষা অৰ্হতাৰ পৰা বঞ্চিত হৈ আছে।

শিশু শ্রমিক সকলৰ দ্বাৰা কৰোৱা কামবোৰে মানসিক,শাৰীৰিক, সামাজিক অথবা নৈতিক দিশবোৰ বিপদাপন্ন কৰিছে আৰু নানা ধৰণৰ অপকাৰ সাধন কৰিছে। তেওঁলোকক শৈক্ষিক দিশটোৰ পৰা আঁতৰাই আনি ক্ষুদ্ৰ উদ্যোগ অথবা ঘৰুৱা কাম কাজত নিয়োজিত কৰা প্ৰবৃত্তি বৰ্তমান সমাজত গঢ় লৈ উঠিছে। তাৰেই কিছুমান উদ্যোগ যিবোৰ সম্পূৰ্ণ প্রায় শিশু শ্রমিক সকলৰ ওপৰতে নিৰ্ভৰ লৈ গঢ় লৈ উঠিছে যেনে বস্ত্ৰ উদ্যোগ , আতচ্‌বাজী উদ্যোগ , কাৰ্পেট উদ্যোগ , চাহ উদ্যোগ , জুইশলা কাৰখানা , ইটাৰ ভাটা আদি ।চৰ-চাপৰি, গাওঁ অঞ্চলৰ শিশুসকলক বিশেষকৈ হোটেল , গৃহনিৰ্মাণ কাৰ্য , চাহৰ দোকান , পেট্ৰ’ল পাম্প আদিত নিয়োজিত হৈ থকা পৰিলক্ষিত হয় ।অনেক শিশুৱে মাদক দ্ৰব্য সেৱন , সামাজিক অপৰাধ আদিৰ সৈতে পৰিচিত হৈ পৰে । আকৌ সেই শিশুসকলৰ মাজৰপৰাই বহুতে চোৰ , ডকাইত , সন্ত্ৰাসবাদী বা অমানবীয় কাৰ্যকলাপত জড়িত হৈ পৰে। বৰ্তমান ভাৰতবৰ্ষত উদ্যোগ প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে শিশু শ্ৰমিকৰ সংখ্যাও বৃদ্ধি হৈছে ।ইয়াৰ উপৰিও শিশু শ্রমিক সকলক অসৎমূলক কাৰ্যটো নিয়োজিত কৰা দেখা যায়। তেওঁলোকক এনে কামত নিয়োজিত কৰাটো সমাজৰ বাবে অপৰাধ জনক।

আমাৰ দেশত শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰধান কাৰণ হ’ল দৰিদ্ৰতা । ভাৰতবৰ্ষৰ অধিকাংশ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে । দৰিদ্ৰতাৰ বাবে বহুতো অভিভাৱকে তেওঁলোকৰ সন্তানসকলক এক বোজা হিচাপে গণ্য কৰে আৰু শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয়লৈ নপঠিয়ায় । কেইটিমান টকাৰ বিনিময়ত মৌখিক চুক্তি কৰিয়েই নিজৰ সন্তানক অন্য লোকৰ ওচৰত গতাই দিয়ে । শিক্ষাৰ অভাৱ আৰু তেওঁলোকৰ মাজত নিজৰ অধিকাৰৰ প্ৰতি সজাগতাৰ অভাৱে শিশু শ্ৰমিকসকলক উৎসাহিত কৰে । ফলত এই শিশুসকলে শৈশৱৰ সোণালী দিনবোৰ একাষৰীয়াকৈ থৈ একোটা পৰিয়াল পোহপাল দিয়াৰ এক বিশাল দায়িত্ব বহন কৰিবলগীয়া হয় । ইয়াৰোপৰি ভাৰতবৰ্ষত জনসচেতনতাৰ অভাৱ , কঠোৰ আইনী ব্যৱস্থাৰ অভাৱ , দুৰ্নীতি , শোষণ আদিৰ বাবেও শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি হোৱা দেখা যায় ।

আমাৰ দেশত চৰকাৰে ২০০৯ চনত প্ৰণয়ন কৰা শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন মতে ছয় বছৰৰ পৰা চৈধ্য বছৰ বয়সৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা হৈছে । তদুপৰি কিছুমান বেচৰকাৰী সংস্থাইও শিশু শ্ৰমিক ৰোধ কৰাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াইছে। এই সংস্থাসমূহে আয়োজন কৰা বিভিন্ন অনুষ্ঠান আৰু ইয়াৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজৰ সমৰ্থন আৰু সহযোগিতাই এনে পদক্ষেপৰ ফলপ্ৰসুতা আৰু অধিক বৃদ্ধি কৰে । দূৰদৰ্শন , অনাতাঁৰ , বাতৰি কাকত , প’ষ্টাৰ , শ্লোগান , বাটৰ নাট আদিৰ মাধ্যমেৰে সমাজ তথা ৰাইজক সজাগ কৰি শিশু শ্ৰমিক নিৰ্মূল কৰিছে ।

কেন্দ্ৰীয় চৰকাৰে শিশু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে বহুতো আইন প্ৰণয়ন কৰিছিল । এই আইনসমূহ, যেনে: শিশু আৰু কিশোৰ শ্ৰম (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন-১৯৮৬ , কাৰখানা আইন-১৯৪৮ , খনি আইন-১৯৫২ আদি ।  শিশু আৰু কিশোৰ শ্ৰম (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন অনুসৰি , শিশুসকলক ‘শিশু’ (১৪ বছৰ বয়সৰ তলৰ ) আৰু ‘কিশোৰ’ (১৪ ৰপৰা ১৮ বছৰ বয়সৰ ভিতৰৰ) এই দুটা ভাগত ভাগ কৰিছে । ১৪ বছৰ বয়সৰ তলৰ শিশু বা ১৪ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক যিকোনো প্ৰতিষ্ঠানতেই নিয়োগ কিম্বা কাম কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে । তদুপৰি আমাৰ সমাজত বাল্য বিবাহ দুৰিকৰণৰ বাবে চৰকাৰে বিভিন্ন আইন প্ৰণয়ন কৰিছে।ইয়াৰ উপৰি POSCO Act ২০১২ আইনখন আছে যি বিশেষভাৱে শিশুসকলৰ সুৰক্ষাৰ বাবে বনাইছে। এইখন আইনে কোনো শিশুক যদি শাৰিৰিকভাৱে বিভিন্ন ধৰণে অপদস্থ কৰে তেন্তে শিশুক এই আইনৰ অধীনত ৰক্ষণাবেক্ষণ দিয়া হয়।

শিশুসকলেই দেশৰ ভৱিষ্যত নাগৰিক। গতিকে শিশুসকলৰ জীৱন গঢ় দিয়া কথাটিৰ লগত দেশৰ সৰ্বাংগীন উন্নতিৰ কথা জড়িত হৈ থাকে। এনে এবিধ মূল্যৱান সম্পদক অথলত পেলাই মৰহি যাবলৈ দিয়াটো অতি দুৰ্ভাগ্যজনক। শিশু শ্ৰমিক দেশৰ পৰা নোহোৱা কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয়।

শিশুসকল সুৰক্ষিত মানে দেশৰ ভৱিষ্যত সুৰক্ষিত। সেয়ে তেওঁলোকক ৰক্ষণাবেক্ষন দিবলৈ সকলো প্ৰচেষ্টা হাতত লব লাগিব।এখন প্ৰগতিশীল সমাজৰ বৰ ভেটি নিৰ্মাণৰ বাবে শিশুসকলক উপযুক্ত পৰিৱেশৰ জৰিয়তে সিহঁতক মানৱতা আৰু মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰাৰ সময় সমাগত ।সময় থাকোঁতে আমি সজাগ হোৱা প্ৰয়োজন ।