অদ্বিতীয় ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ দুখন নতুন গ্ৰন্থ প্ৰকাশ
শিশুৰ বাবে এডভেঞ্চাৰ “ভলকান”, প্ৰাপ্তবয়স্কৰ বাবে ক্লাছিক “মাধবীৰ প্ৰেম”
বিহমাৰী,অৰুণা ধৰ বৈষ্ণৱ,ৰঙিলী বাৰ্ত্তাসেৱা- এছিয়া মহাদেশৰ ভিতৰতে সৰ্বাধিক গ্ৰন্থ প্ৰকাশ কৰি অভিলেখ সৃষ্টি কৰা, অসমৰ জনপ্ৰিয় লেখক তথা অদ্বিতীয় ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ দুখন নতুন গ্ৰন্থ “ভলকান” আৰু “মাধবীৰ প্ৰেম” প্ৰকাশ হৈ ওলাইছে। অসমৰ আগশাৰীৰ প্ৰকাশক দাপোণ প্ৰকাশনে গ্ৰন্থ দুখন প্ৰকাশ কৰিছে। “ভলকান”ৰ কাহিনী এডভেঞ্চাৰধৰ্মী, শিশু আৰু চেমনীয়াৰ বাবে লিখা হৈছে যদিও ডাঙৰ পাঠকেও পঢ়ি আমোদ পাব। আনহাতে “মাধবীৰ প্ৰেম” এখন ক্লাছিক উপন্যাস। দুয়োখন গ্ৰন্থ সম্প্ৰতি যোৰহাটত চলি থকা গ্ৰন্থ মেলাত উপলব্ধ হৈছে আৰু অনলাইনত ল’ব বিচৰা পাঠকে ৮১৮১৮১৪৬৫২ নম্বৰত যোগাযোগ কৰিব পাৰিব। “অসম সাহিত্য সেৱা মঞ্চ”ৰ তৰফৰপৰা সকলো পাঠক, সাহিত্যপ্ৰেমী আৰু গ্ৰন্থাগাৰকে গ্ৰন্থ দুখন সংগ্ৰহ কৰি পঢ়িবলৈ আৰু নিজ নিজ গ্ৰন্থাগাৰত সংগ্ৰহ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। মঞ্চৰ তৰফৰপৰা জনোৱা হৈছে যে এজন লেখকৰ একেলগে দুটা বেলেগ সোৱাদৰ গ্ৰন্থ প্ৰকাশ হোৱাটো অসমীয়া সাহিত্যৰ বাবে আনন্দৰ খবৰ আৰু শিশুৰ বাবে এডভেঞ্চাৰ আৰু প্ৰাপ্তবয়স্কৰ বাবে ক্লাছিক প্ৰেমৰ উপন্যাস – দুয়োখনেই পাঠকৰ মন জয় কৰিব।
