ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিশিষ্ট বিজ্ঞানী ড০ ৰুবুল মাউত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিশিষ্ট বিজ্ঞানী ড০ ৰুবুল মাউত: বৌদ্ধিক উৎকৰ্ষ আৰু যুক্তিবাদী চিন্তা-চৰ্চাইহে গঢ় দিব জ্ঞানভিত্তিক সমাজক

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-বিশিষ্ট গৱেষক, লেখক তথা সমাজকৰ্মী ড০ ৰুবুল মাউতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়খনৰ শিক্ষক সন্থাৰ উদ্যোগত অনুষ্ঠিত শৈক্ষিক বক্তৃতা অনুষ্ঠানত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোকপাত কৰি কয় যে- ‘বৌদ্ধিক উৎকৰ্ষ আৰু যুক্তিবাদী চিন্তা-চৰ্চাইহে গঢ় দিব জ্ঞানভিত্তিক সমাজক- এখন জ্ঞানভিত্তিক আৰু বিজ্ঞানমনস্ক সমাজ নিৰ্মাণৰ বাবে বৌদ্ধিক উৎকৰ্ষ,যুক্তিবাদী চিন্তা-চৰ্চা আৰু গভীৰ অধ্যয়নৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে’। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ সভাপতি অধ্যাপক ড০ ডেভিড কাৰ্দং, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাকে ধৰি বিশিষ্ট শিক্ষাবিদ, অধ্যাপক আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে। ‘বিজ্ঞান আৰু সপোনৰ এটা কাহিনী’ শীৰ্ষক বক্তৃতাত বক্তাগৰাকীয়ে মানুহৰ মস্তিষ্কৰ কাৰ্যপ্ৰণালী, চিন্তা-চৰ্চা, সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া আৰু বৌদ্ধিক বিকাশৰ বিভিন্ন দিশ ব্যাখ্যা কৰে। বৰ্তমান সময়ত মানুহে কেনেদৰে চিন্তা কৰে, কিয় বহু সময়ত ভুল সিদ্ধান্ত গ্ৰহণ কৰে আৰু মানসিক পক্ষপাতিত্বই কেনেদৰে আমাৰ সিদ্ধান্তক প্ৰভাৱিত কৰে, সেই সম্পৰ্কে তেওঁ বিস্তৃত আলোচনা আগবঢ়ায়।বিশিষ্ট মনোবিজ্ঞানী তথা অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী ডেনিয়েল কাহনেমানৰ ‘থিংকিং ফাষ্ট এণ্ড শ্লো‘’ গ্ৰন্থৰ প্ৰসংগ উল্লেখ কৰি মাউতে মানুহৰ চিন্তা-প্ৰক্ৰিয়াৰ দুটা পৃথক ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁৰ মতে, মানুহৰ মস্তিষ্কই একেদৰে দ্ৰুত আৰু স্বতঃস্ফূৰ্তভাৱে চিন্তা কৰাৰ লগতে আনহাতে লেহেমীয়া, বিশ্লেষণাত্মক আৰু যুক্তিনিৰ্ভৰ চিন্তাৰ জৰিয়তেও সিদ্ধান্ত গ্ৰহণ কৰে। দ্ৰুত চিন্তা- প্ৰক্ৰিয়াৰ ফলত বহু সময়ত মানুহে ভুল সিদ্ধান্ত গ্ৰহণ কৰে। মনোবিজ্ঞানত এনে মানসিক প্ৰৱণতাক কগনিটিভ বায়াছ বুলি অভিহিত কৰা হয়। এই মানসিক প্ৰৱণতাসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে কেনেদৰে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে, সেই বিষয়েও তেওঁ আলোকপাত কৰে। বিহেভিয়াৰেল ইক’নমিক্সৰ প্ৰসংগৰে মানুহৰ আৱেগ, অভ্যাস, পূৰ্বৰ অভিজ্ঞতা আৰু মানসিক পক্ষপাতিত্বই অৰ্থনৈতিক সিদ্ধান্তককেনেদৰে প্ৰভাৱিত কৰে, তাৰ ব্যাখ্যা আগবঢ়ায়। বৌদ্ধিক উৎকৰ্ষৰ প্ৰসংগত ইউক্লিডৰ জ্যামিতিৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে যুক্তি, বিশ্লেষণ, প্ৰমাণ আৰু শৃংখলাবদ্ধ চিন্তা-চৰ্চা হৈছে প্ৰকৃত বৌদ্ধিক বিকাশৰ আধাৰ। কোনো এটা বিষয় গভীৰভাৱে অধ্যয়ন কৰা, প্ৰতিটো ধাৰণাক যুক্তিৰে পৰীক্ষা কৰা আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰাৰ মানসিকতা গঢ়ি তোলাটো অত্যন্ত জৰুৰী।ভাষণত তেওঁ সমাজৰ বৌদ্ধিক বিকাশৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। সেইকেইটা হৈছে একাডেমিক উৎকৰ্ষ, সামাজিক নেটৱৰ্কৰ জৰিয়তে বৌদ্ধিক সম্পৰ্কৰ বিকাশ আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত যুক্তিনিৰ্ভৰ সিদ্ধান্ত গ্ৰহণ। তেওঁৰ মতে, একাডেমিক চৰ্চা কেৱল শিক্ষানুষ্ঠানৰ চাৰিসীমাৰ মাজতে আবদ্ধ থাকিব নালাগে। বিজ্ঞান, গণিত, অৰ্থনীতি, দৰ্শন, সাহিত্য আৰু ইতিহাসৰ দৰে বিষয়সমূহৰ ওপৰত সমাজৰ বিভিন্ন স্তৰত মুক্ত আৰু যুক্তিনিৰ্ভৰ আলোচনা হ’ব লাগে। একেদৰে সামাজিক মাধ্যম আৰু বিভিন্ন সামাজিক গোটসমূহক কেৱল মনোৰঞ্জন অথবা দৈনন্দিন কথোপকথনৰ মাধ্যম হিচাপে ব্যৱহাৰ নকৰি জ্ঞানৰ আদান- প্ৰদান আৰু বৌদ্ধিক চৰ্চাৰ শক্তিশালী মঞ্চ হিচাপে গঢ়ি তোলাৰ আহ্বান জনায়। নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো আৱেগৰ পৰিৱৰ্তে তথ্য, গৱেষণা, যুক্তি আৰু দূৰদৰ্শিতাক প্ৰাধান্য দিয়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।আনহাতে, আমাৰ সমাজত বিজ্ঞান, অৰ্থনীতি, গণিত আৰু দৰ্শনৰ দৰে বিষয়ৰ চৰ্চা তুলনামূলকভাৱে কম হোৱাৰ বিষয়টোও বক্তৃতাত উত্থাপন কৰে মাউতে। কম্পিউটাৰ আৰু প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত যিদৰে আলোচনা আৰু চৰ্চা হয়, সেইদৰে অন্যান্য জ্ঞান- বিজ্ঞানৰ বিষয়সমূহৰ প্ৰতিও নতুন প্ৰজন্মৰ আগ্ৰহ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ মত প্ৰকাশ কৰে।ডেনিয়েল কাহনেমান, কাৰ্ল গুস্তাভ য়ুং, ষ্টিফেন পিংকাৰ আৰু মাৰ্ভিন মিনস্কিৰ দৰে চিন্তাবিদৰ কৰ্মৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কগনিটিভ ছায়েন্স, নিউৰ’ছায়েন্স আৰু বিহেভিয়াৰেল ছায়েন্সৰ গৱেষণাই মানুহৰ চিন্তা, জ্ঞান আহৰণ আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া বুজাত কেনেদৰে সহায় কৰে, সেই বিষয়েও আলোক পাত কৰে। তেওঁৰ মতে, এখন সমাজৰ প্ৰকৃত বৌদ্ধিক পৰিচয় নিৰ্ভৰ কৰে সেই সমাজত কিমানখিনি মুক্ত চিন্তা-চৰ্চাৰ পৰিৱেশ আছে, কিমান মানুহে প্ৰশ্ন কৰে, যুক্তিৰে নিজৰ মত প্ৰকাশ কৰে আৰু নতুন জ্ঞানৰ সৃষ্টি কৰে তাৰ ওপৰত। সেয়েহে নতুন প্ৰজন্মৰ মাজত বিজ্ঞান মনস্কতা, যুক্তিবাদী চিন্তা আৰু গভীৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰাটো সময়ৰ আহ্বান।উল্লেখ্য যে ড০ ৰুবুল মাউত বৰ্তমান আমেৰিকাৰচিনচিনাটি চিলড্ৰেনছ হাস্পতাল মেডিকেল চেণ্টাৰ, হাৰ্ভাৰ্ড মেডিকেল স্কুল আৰু বষ্টন চিলড্ৰেনছ হাস্পতালৰ সৈতে জড়িত। ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ একাডেমিক লেকচাৰ ছিৰিজৰ অংশ হিচাপে অনুষ্ঠিত এই বক্তৃতানুষ্ঠানে বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু বৌদ্ধিক চৰ্চাৰ পৰিসৰ অধিক বিস্তৃত কৰাৰ প্ৰয়াস কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সভাপতি ডেভিদ কাৰ্দঙৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা উপস্থিত থাকে।