আদৰ্শ শিক্ষক টুকলাল নেৱাৰৰ বিয়োগত শোকৰ ছাঁ
পৰিয়ালক সমবেদনা জ্ঞাপন বিশ্বনাথ মহকুমা শিক্ষক সন্মিলনীৰ
বিহমাৰী,অৰুণা ধৰ বৈষ্ণৱ, ৰঙিলী বাৰ্ত্তাসেৱা– বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত উত্তৰ বিশ্বনাথ কেন্দ্ৰৰ মালিমাৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক, আদৰ্শ শিক্ষক টুকলাল নেৱাৰৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলটোতে এতিয়াও শোকৰ ছাঁ বিয়পি আছে। যোৱা ১৫ নৱেম্বৰ তাৰিখে পুৱা হঠাতে অসুস্থ হোৱাত তেখেতক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৮ বছৰ। তেখেতে পত্নী, দুই পুত্ৰ, বোৱাৰী আৰু বহু গুণমুগ্ধক এৰি থৈ যায়। প্ৰতিটো সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা অমায়িক স্বভাৱৰ অধিকাৰী টুকলাল নেৱাৰে শিক্ষকতাকেই জীৱনৰ মূল লক্ষ্য আৰু উদ্দেশ্য হিচাপে গ্ৰহণ কৰিছিল। এজন নিষ্ঠাৱান তথা আদৰ্শ শিক্ষকৰ বিয়োগ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উত্তৰ বিশ্বনাথ কেন্দ্ৰৰ সভাপতি গাজিউৰ ৰহমানে মন্তব্য কৰে।

আজি ইংৰাজী ২১ নৱেম্বৰ, ২০২৬ তাৰিখে বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰপৰা প্ৰয়াত টুকলাল নেৱাৰৰ তিনি নং কুমলীয়া গাঁৱত থকা আৱাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰা হয়। উক্ত শোকসভাত প্ৰয়াত শিক্ষকজনৰ প্ৰতিচ্ছবিত ফুল অৰ্পণ, ধূপ-দীপ প্ৰজ্বলন আৰু এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ পাছত পৰিয়ালবৰ্গৰ হাতত শ্ৰদ্ধাঞ্জলি পত্ৰ অৰ্পণ কৰা হয়। সন্মিলনীৰ সভাপতি পৰেশ বৰাই শোকসন্তপ্ত পৰিয়ালবৰ্গক উদ্দেশ্যি চমুকৈ বক্তব্য প্ৰদান কৰি প্ৰয়াত শিক্ষকজনৰ আদৰ্শ, নিষ্ঠা আৰু শিক্ষাৰ প্ৰতি থকা অৱদানৰ কথা স্মৰণ কৰি পৰিয়ালবৰ্গক ধৈৰ্য ধৰিবলৈ আহ্বান জনায়। উক্ত শোকসভাত সন্মিলনীৰ সভাপতি তথা প্ৰাক্তন সৰ্বভাৰতীয় সদস্য পৰেশ বৰা, উপ-সভাপতি দ্বয় ক্ৰমে পদ্মেশ্বৰ কুৰ্মী, গাজিউৰ ৰহমান, সম্পাদক প্ৰেম বৈষ্ণৱ, সহঃ সম্পাদক বীৰেন মহন্তকে ধৰি মুকুন্দ লামিছানে, অৰুণ দাস, চবিৰ আহমেদ, আব্দুল খায়েৰ, কাচেম আলী, ছালেহ আহমেদ, খাইৰুল ইছলাম, বৰুণ দে, তুলসী শৰ্মা, দিলীপ শৰ্মা, সঞ্জয় গুপ্তা, আহিজল হক, ধৰণী বৰা আৰু বিকাশ ছেত্ৰী উপস্থিত থাকে।
