অপেক্ষা – অংকুৰজ্যোতি হাতীমূৰীয়া

Pc StockCake

অপেক্ষা

অংকুৰজ্যোতি হাতীমূৰীয়া
গদাধৰ নগৰ, জয়সাগৰ,শিৱসাগৰ

নোকোৱা প্ৰেমৰ গভীৰ বেদনা হৃদয়ত গোপনে বৈ থাকে
অব্যক্ত শব্দৰ ভাৰে মোৰ নিশাৰ নীৰৱতা ভাঙি যায়
তোমাক বিচাৰি ব্যাকুল নয়নে দিগন্তলৈ চাই ৰওঁ
লাজৰ কঠিন শিকলিয়ে মোক তোমাৰ পৰা আঁতৰাই ৰাখে
সময়ৰ সোঁত বৈ যায় তোমাৰ অপেক্ষাত নিঃশব্দে
দিন ৰাতিৰ প্ৰতিটো পল তোমাৰ নামতে উছৰ্গিত
খোজে খোজে তোমাৰ ছাঁ বিচাৰি মই অকলে ভ্ৰমোঁ
তোমাৰ অবিহনে মোৰ জীৱনৰ অৰ্থ হেৰাই যায়
নুশুকোৱা ঘা হৈ ৰ’ল হৃদয়ৰ গভীৰ কোণত
তুমি আহিবা বুলি ৰৈ আছোঁ আশাৰ দুৱাৰদলিত
মোৰ মৌনতাৰ আঁৰত লুকাই আছে হাজাৰ প্ৰাৰ্থনা
তোমাৰ অবিহনে সকলো সুখ মোৰ বাবে শূন্য
টোপনি হেৰাল মোৰ তোমাৰ চিন্তাত উজাগৰে
হৃদয়ৰ পিয়াহ বাঢ়ে তোমাৰ পৰশৰ আশাত
দেহা মন প্ৰাণ সকলো তোমাৰ নামতে সমৰ্পিত
চকুৰ পতাত ৰৈ আছে তোমালৈ চোৱাৰ ব্যাকুলতা
আহিবানে এবাৰ মোৰ শূন্য জীৱনলৈ ঘূৰি
তুমিয়েই মোৰ শেষ আশা তুমিয়েই মোৰ গতি
তোমাক ভাবি ভাবি বতাহতো তোমাৰ গোন্ধ পাওঁ
তোমাৰ হাঁহিতেই মোৰ পৃথিৱী পুনৰ জী উঠে
নোকোৱাকৈয়ে ৰৈ গ’ল যি কথা তোমাক কোৱা নহ’ল
সেই কথাই আজি মোৰ হৃদয়ত অগ্নি হৈ জ্বলে
যদি কেতিয়াবা বুজা মোৰ এই নীৰৱ ক্ৰন্দন
তেতিয়া জানিবা প্ৰেম কেতিয়াও মৰি নাযায়