অচিনাকী অনুভৱৰ ঠিকনা
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
টিং,,,,,, এটি নটিফিকেশ্যন! তাই একো নভৱাকৈয়ে খুলি ল’লে সেই অচিনাকী ব্যক্তিৰ নটিফিকেশ্যনটি।
” Hiii”—
ফোনৰ নটিফিকেশ্যনটিয়ে যেন তাইৰ হৃদয়ত বাজি উঠিল। এক অন্য অনুভৱ — আগতেও এনে বহু hii, hello মেছেজৰে তাইৰ ফেচবুক ভৰি আছিল। কিন্তু আজিৰ অনুভৱ অন্য ধৰণৰ। ৰাতি প্ৰায় এঘাৰ বাজি গৈছিল ইতিমধ্যে। তাই দিওঁ নিদিওঁকৈ ৰিপ্লাই লিখিলে —
” Hello”
লগে লগে সেইফালৰ পৰা মেছেজ আহিল।
তাইয়ো যি সুধিছে লগে লগে উত্তৰ দি গ’ল। তেনেকৈয়ে বহু সময় বাৰ্তালাপ চলি থাকিল। ৰাতি তিনি বাজি গ’ল কথাৰ অন্ত নপৰে হে নপৰে। কলতো কথা পাতিলে বহু পৰ। এটা সময়ত তাই কথা পাতি পাতিয়েই শুই পৰিল। তাইৰ আগে পিছে এনেদৰে টোপনি খতি কৰি কথা পাতাৰ অভ্যাস নাই। এইয়া তাইৰ জীৱনৰ প্রথমটি অনুভৱ।
দেৰিলৈকে সাৰে থকাৰ বাবে টোপনিৰ পৰা সাৰ পাই উঠিবলৈ তাইৰ পলম হয়। মাকৰ চিঞৰত যেনিবা তাই সাৰ পাই উঠে। উঠিয়েই তাই খৰ ধৰ কৰি নিজৰ ফোনটো দাঙি ল’লে। বহু কেইটা মেছেজৰে ভৰি আছে। তাই লগে লগে ৰিপ্লাই লিখিলে —
” Sorry, sorry I’m extremely sorry, মই কেতিয়া যে শুই গ’লো গমকে নাপালোঁ। “
তৎক্ষণাত মেছেজ আহিল —
:” একো নাই, good morning বিউটিফুল গাৰ্ল। টোপনি ভালদৰে হ’ল নে?”
:” good morning, মোৰ টোপনি হ’ল বাৰু। আপোনাৰ হ’ল নে?”
:” ওহো, মোৰ নাই হোৱা।”
:” কিয়?”
:” তোমাৰ কথা ভাৱি থাকোতেই গ’ল।”
তাই একো নক’লে। কিন্তু তাইৰ গাল দুখন যেন অলপ ৰঙচুৱা হৈ পৰিছে।
:” তুমি বৰ মৰমলগাকৈ ফটোবিলাক উঠা দেই। “
:” ধেই।”
:” লাজ কৰিলে কিন্তু তোমাক আৰু বেছিকৈ মৰম লাগে, জানানে? “
:” বাই, মায়ে মাতিছে। মই উঠোঁ, নহ’লে ৰাতিপুৱাই গালি শুনিব লাগিব
উত্তৰৰ অপেক্ষা নকৰি তাই ফোনৰ ডাটা অফ কৰি গাৰোৰ তলত ফোনটো সুমুৱাই ৰাখি বাহিৰলৈ লৰ মাৰিলে। মাকে পাক ঘৰত পুৱাৰ আহাৰ তৈয়াৰ কৰি আছিল। তাই পাকঘৰত সোমাওঁতেই মাকে তাইৰ ফালে নোচোৱাকৈয়ে ক’লে —
:” সময় কেইটা হৈছে চকু পৰিছে নে? কলেজলৈ দেৰি হ’ব নাই,,? খৰ ধৰ কৰি যদি আজিও নোখোৱাকৈ ওলাইছ নহয় কথা বেয়া হৈ যাব।”
:” মা মা, মোৰ সোণজনী, অনবৰতে খং কৰি কিয় থাকা? মই কিবা এতিয়াও সৰু ছোৱালীজনী হৈ আছোঁ নি? ৰাতি দেৰিলৈকে পঢ়িলো নহ্, চ’ ৰাতিপুৱা সাৰেই নাপালোঁ। “
:” সঁচাই পঢ়িছ নে ফোন পিটিকি আছিলি?”
:” মা তুমি অকল সন্দেহ কৰি থাকা মোক। সঁচাই পঢ়িছোঁ আক’ পৰীক্ষা উচৰ চাপি আহিছে ন? বুজিছাই ন? “
:” হ’ব হ’ব মোক বেছি বুজাব নালাগে।সোনকালে মুখ হাত ধুই আহ্ মই ব্ৰেকফাষ্ট ৰেডি কৰোঁ।”
***
কলেজলৈ বুলি ওলাই যোৱাৰ পাছত হে তাইৰ মনত পৰিল, ফোনটো দেখোন গাৰুৰ তলতে থাকি গ’ল! কিন্তু ইতিমধ্যে দেৰি হৈ যোৱাৰ বাবে ফোনটো নোলোৱাকৈয়ে তাই কলেজলৈ ওলাই গ’ল।
কলেজত ক্লাছ কৰি থাকোঁতেও তাইৰ মনটো বাৰে বাৰে ফোনটোৰ ওচৰলৈ উৰি গৈছিল। অৱশেষত ঘৰলৈ উভতি আহিয়েই তাই ফোনটো হাতত তুলি ল’লে। কেইবাটাও মেছেজ আহি আছিল।
:” ক’ত হেৰালা, বিউটিফুল গাৰ্ল?”
:” কলেজত আছিলোঁ।”
:” অ’, মোৰ কথা মনত পৰা নাছিল চাগে?”
:” ধেই!কি যে কয় নহয়, মই হে জানো ইমান সময় কেনেকৈ আছিলো।
তাইৰ ওঁঠত এটি মিঠা হাঁহি বিৰিঙি উঠিল। এনেকৈয়ে দিনবোৰ পাৰ হ’বলৈ ধৰিলে। পুৱা চকু মেলিয়েই তেওঁৰ মেছেজ চোৱা আৰু ৰাতি শুবলৈ যোৱাৰ আগতে তেওঁৰ সৈতে কথা পতা তাইৰ অভ্যাসত পৰিণত হ’ল।
লাহে লাহে অচিনাকি মানুহজন তাইৰ বাবে চিনাকি হৈ পৰিল। দিনটোৰ সৰু-সুৰা কথাবোৰো তেওঁক নজনোৱাকৈ তাই থাকিব নোৱাৰা হ’ল। কেতিয়ানো তেওঁৰ কথাবোৰে তাইৰ মনত ইমানখিনি ঠাই ল’লে, তাই নিজেও গম নাপালে।
এদিন ৰাতি কথা পাতি থাকোঁতে তেওঁ সুধিলে—
:” আচ্ছা, মোক লগ পাবলৈ মন নাযায় নে তোমাৰ? ব’লা না লগ কৰোঁ। “
তাই অলপ সময় মনে মনে থাকি উত্তৰ দিলে—
:” কি ? কিয়?”
:” তোমাৰ লগত কথা পাতি মোৰ বহুত ভাল লাগে। সেয়ে এবাৰ সন্মুখত বহি কথা পাতিবলৈ মন যায়। তুমি ফটোতেই ইমান ধুনীয়া , বাস্তৱত আৰু বেছি ধুনীয়া হ’বা,তাকেই ভাৱি থাকোঁ মই। “
তাই একো নক’লে। মাথোঁ মিচিকিয়াই হাঁহিলে। সেই হাঁহিটোৰ আঁৰত যে কিমান কথা লুকাই আছিল, সেয়া তাইৰ বাহিৰে আন কোনেও নাজানিছিল।
দিনবোৰৰ লগে লগে তাইৰ অনুভূতিবোৰো গভীৰ হৈ আহিল। কিন্তু তাই জনা নাছিল, সিফালৰ মানুহজনৰ মনতো একেই অনুভৱে ঠাই লৈছিল নে নাই।আগতে যিজন মানুহে তাইৰ সৈতে কথা পাতিবলৈ ৰাতি তিনি বজালৈকে সাৰে আছিল, লাহে লাহে তেওঁ সলনি হ’বলৈ ধৰিলে। আগৰ দৰে মেছেজ নকৰে, ফোন কৰিলেও ব্যস্ততাৰ অজুহাত দেখুৱায়।
তাই প্ৰথমে কথাবোৰ আওকাণ কৰিলে। ভাবিলে, হয়তো কামত ব্যস্ত আছে। কিন্তু যেতিয়া কথাবোৰ দিনক দিনে বাঢ়িবলৈ ধৰিলে, তাই এদিন সুধিয়েই পেলালে—
:” আপোনাৰ কিবা হৈছে নেকি? আজিকালি আগৰ দৰে কথা নাপাতে যে!”
:” নাই, একো হোৱা নাই। অলপ ব্যস্ত আছোঁ।”
:” অঁ, ঠিক আছে।”
ইমানখিনিকে লিখি তাই ফোনটো কাষতে থৈ দিলে। আৰু একো সুধিবলৈ মন নগ’ল।
সেই নিশা তাই বহু সময়লৈকে টোপনি যাব নোৱাৰিলে। বাৰে বাৰে মনলৈ আহি থাকিল প্ৰথম দিনটোৰ কথাবোৰ। এটা সাধাৰণ Hiiiৰ পৰা আৰম্ভ হোৱা চিনাকিটোৱে কেতিয়া যে তাইৰ মনত ইমানখিনি ঠাই অধিকাৰ কৰি ল’লে, তাই নিজেই গম নাপালে।
তাইৰ মনত এটা প্ৰশ্নই বাৰে বাৰে ভুমুকি
মাৰিলে— যিজন মানুহৰ সৈতে কথা পাতিবলৈ তাই এসময়ত ইমান ব্যাকুল হৈ পৰিছিল, আজি সেইজন মানুহৰ ওচৰত তাইৰ বাবে কেইটামান মিনিটো কিয় নাই?
বহু সময় ভাবি থকাৰ পিছত তাই ফোনটো হাতত তুলি ল’লে। তেওঁলৈ এটা মেছেজ লিখিবলৈ লৈও তাই ৰৈ গ’ল। অৱশেষত ফোনটো কাষতে থৈ খিৰিকীৰে বাহিৰলৈ চাই ৰ’ল।
তাইৰ মনটো বৰ বেয়া লাগিছিল। মানুহজনৰ প্ৰতি তাইৰ অনুভৱবোৰ সঁচা আছিল, কিন্তু সেই অনুভৱৰ মূল্য সিফালৰ মানুহজনে কিমান বুজিছিল, তাই নাজানিছিল।তাই মনে মনে ভাবিলে, কিছুমান মানুহৰ সৈতে চিনাকি হোৱাটো হয়তো আমাৰ হাতত নাথাকে, কিন্তু তেওঁলোকৰ বাবে নিজৰ মনটোক কিমান কষ্ট দিব লাগে, সেই সিদ্ধান্তটো অন্ততঃ নিজৰ হাতত থাকে।
পিছদিনা পুৱা মাকৰ মাতত তাই সাৰ পালে। প্ৰত্যেক দিনাৰ দৰে প্ৰথমেই ফোনটো বিচাৰি নোলোৱাকৈ তাই খিৰিকীখন খুলি দিলে। ৰাতিপুৱাৰ কোমল ৰ’দজাকে কোঠাটো পোহৰাই তুলিছিল।
তাইৰ ওঁঠত এটি মৃদু হাঁহি বিৰিঙি উঠিল।হয়তো তেওঁ আকৌ মেছেজ কৰিব। হয়তো আকৌ আগৰ দৰে কথা হ’ব। কিন্তু এইবাৰ তাই নিজৰ সুখখিনি কাৰোবাৰ এটা মেছেজৰ ওপৰত এৰি নিদিয়ে।
কাৰণ, তাই বুজি উঠিছিল— সকলো চিনাকি আজীৱন আপোন হৈ নাথাকে। কিছুমান মানুহ আমাৰ জীৱনলৈ আহে, কিছুদিনৰ বাবে মনত ৰং সানে, তাৰ পিছত এদিন লাহে লাহে আঁতৰি যায়।
তথাপিও তেওঁলোকৰ সৈতে কটোৱা সময়খিনি মিছা হৈ নাযায়। মাথোঁ সেই সময়খিনিক লৈ দেখা সপোনবোৰহে কেতিয়াবা আধৰুৱা হৈ ৰয়।
এদিন এটা সৰু Hiiiৰ পৰা আৰম্ভ হৈছিল তাইৰ অপেক্ষা। কোনে জানিছিল, সেই চিনাকিয়েই এদিন তাইক শিকাব যে কাৰোবাৰ সৈতে কথা পাতি ভাল লগা আৰু কাৰোবাৰ জীৱনত সঁচাকৈয়ে আপোন হৈ থকাটো একে কথা নহয়!
সেইদিনাৰ পৰা তাই আৰু কাৰো মেছেজৰ অপেক্ষাত নিজৰ সময়বোৰ ৰখাই নথ’লে। কাৰণ, জীৱনটো কেৱল কাৰোবাৰ অহা-যোৱাৰ মাজতে সীমাবদ্ধ নহয়। কিছুমান মানুহক মনত ৰাখিও নিজৰ বাটেৰে আগবাঢ়িব পাৰি।
আৰু তাইও আগবাঢ়িল— বুকুত কিছু মিঠা স্মৃতি আৰু মনৰ কোনোবা এটা কোণত ৰৈ যোৱা সেই প্ৰথম চিনাকিটোৰ অনুভৱখিনি লৈ।
