কেনভাছ
বনজিত দাস,ৰিহাবাৰী , বজালী
দেখুৱাম নো কি
একোৱেই নাই কবিৰ
ক’ত ঋতুই গৰকা
বুকুত সাঁচি ৰখা কেনভাছ
খুলি দিওঁ কেনেকৈ ?
পুৰি ছাই হোৱা, ধোৱা যায় উৰি
মাথো ৰৈ যায় ছাই
খিৰিকী খুলি নিজেই হতবাক কিংকৰ্তব্যবিমূঢ়
ক’ত কি হ’ল কেনি হেৰাল
কোন বাটে বৈ যায় নদী
যিয়ে জ্বলি জ্বলি মৰি
নিজৰ অস্তিত্ব পুৰি নিশেষ
ৰঙা মুৱাৰ আবেলি ।
