মাটিৰ মানুহ বিচাৰি – বাহাৰুল ইছলাম 

Pc StockCake

মাটিৰ মানুহ বিচাৰি 

বাহাৰুল ইছলাম 

মোৰ হৃদয়ৰ উৰুঙা ফালি
আহিছে একাঁজলি হাঁহি
তাৰে পৰশত
নুমাই যোৱা তৰাবোৰে হাঁহিছে,গাইছে
তিৰবিৰাইছে
ঘৰৰ এচুকত সেয়ে
কবিতা কবিতা গোন্ধাইছে।
এভঁৰাল সুখে ৰিঙিয়াইছিল তেতিয়া
দুখৰ নগৰীৰ পৰা এখোজ আগুৱাই
আন্ধাৰ চহৰখন পাইছিলোঁহে
এনেতে মোৰ সপোনৰ স’তে সাক্ষাৎ হয়
সপোনে কোনোমতে আশাৰ ঘৰখনত
মোক থৈ পলায়ন কৰে
মই দুমোজাত ৰৈ বিনাইছোঁ।
সিদিনা তৰাবোৰৰ খোজৰ শব্দত মোৰ টোপনি ভাঙিল
মই পিছে পিছে আগুৱাইছোঁ
হাতত আধা পোৰা মম,ডিঙিত বিশ্বাসৰ মালা
নিশাৰ নিস্তব্দতা ফালি সৰাপাতবোৰ
মোৰ সংগী হৈ আগুৱাইছে
মোৰ বাটত তাৰ খোজ
মোৰ ভৰিত তাৰ ভৰি।
চৌপাশে কেৱল কংক্ৰিটৰ হৃদয়
তাৰ মাজতে মই বিচাৰিছোঁ
মাটিৰ হোজা হৃদয়
সময়ৰ কোবাল নৈত সাঁতুৰি-নাদুৰি চালোঁ
একেবাৰেই সেৰেঙা
সেয়েহে নীলা চকুজুৰিতে সানি লৈছোঁ
মনুষ্যত্বৰ কাজল
তাতেই দেখোন লুকাই আছে
মই বিচৰা মাটিৰ অনেক মানুহ।