শৰতৰ আশীৰ্বাদ
প্ৰদীপ দাস
নিৰ্জন নিশাক সাক্ষী কৰি
ফুলিছে শেৱালিৰ পাহ।
আইৰ বুকুত মিচিচিপি হেপাঁহ !
দুৱৰিত নিয়ৰাবৃত মুকুতাৰ পাহাৰ
হাড়ভঙা শ্ৰমিকৰ আধাপেটীয়া আহাৰ
কঙালী দীঘল ৰাতিক প্ৰত্যাহ্বান…
পথাৰত সেউজীয়া ধানৰ হাঁহি
দুৰৈত গৰখীয়াৰ কৰুণ বাঁহী ।
শৰৎ আহিছে
চৌপাশে শেৱালি সুবাস…
শাৰদী ৰাণীৰ লয়লাস খোজ !
গতানুগতিকতাৰেই তোৰ আগমন
তথাপি তোক আদৰাৰ বিচিত্ৰ আয়োজন !
মিঠাতেলৰ চাকিত জেউতিৰ আভা
গুম-গুম শব্দ আৰু বৰ্ণালীৰে
আকাশ ৰজনজনোৱা।
আহিছ যদি আহ
হে শৰৎ সুন্দৰী-
এদিনৰ বাবে নহয়,
নিপিন্ধি নিৰ্ধাৰিত সময় বসন
হত্যা-হিংসা, দৰিদ্ৰতা গুছাই
শান্তি সমৃদ্ধিৰে
সুখময় কৰি তোল
যান্ত্ৰিকতামুখী এই পৃথিৱী !
জয় হওক সত্য সুন্দৰৰ
জয় হওক তোৰ ৰূপ লাবন্য
চিৰদিন … চিৰকালৰ… ।
