কলি যুগৰ মানৱ – ৰশ্মি ৰেখা দুৱৰা

Pc StockCake

কলি যুগৰ মানৱ

ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়

এয়া দেখিছানে? এইখন স্বাৰ্থপৰ পাহাৰ
দিনকদিনে পাহাৰখন ওখ হ’ব ধৰিছে,
চিনাকি মৰমবোৰ অচিনাকি হৈ
পাহাৰখনলৈ খোজ লৈছে,
শেলুৱৈবোৰ আহি সম্পৰ্কবোৰত ডাঠকৈ গজিছে।

আবেগ-অনুভূতি শব্দবোৰ কঢ়াল গ্ৰাসত
পৰিপূৰ্ণ হৈও আজি অকলশৰীয়া,
আপোনজনক মাতষাৰ দিবলৈয়ো আজৰি নাই
ব্যস্ততাৰ অজুহাতত বন্দী আজিৰ মানৱ।

সময়ৰ পিছে পিছে খৰকৈ দৌৰিছোঁ
হাতৰ ফাঁকেৰে সৰকি সময়ো দৌৰিছে
ধৰি ৰাখিব জানো পাৰিছোঁ!
সেই শক্তি নাই আমাৰ হাতত।

সুখত একেলগে হাঁহিবলৈ
দুখত একেলগে কান্দিবলৈ
দূৰণিৰ পৰা মুহূৰ্ততে আহি সংগ দিছিল।
সেয়া আপুৰুগীয়া সময় আছিল।

ক্ৰমে অন্ধকাৰ নামি আহিব ধৰিছে,
একতাৰ জৰী ছিঙি
ক্ষুদ্ৰ টুকুৰা এটাহে বাকী ৰৈছেগৈ।
শেষ হৈ নাযাবা, ৰৈ যোৱা
ক্ষুদ্ৰ টুকুৰাটোৱে নিশ্চিহ্ন হোৱাৰ পৰা দূৰ কৰিব।

শিল হৈ পৰিল কোমল হৃদয়খন,
মৌনতাৰ পোছাক পিন্ধি
চকু থাকিও অন্ধ হ’ল।
মুক্তকণ্ঠৰ শত্ৰুৰ সংখ্যা দিনৌ বাঢ়িল
কণ্ঠ থাকিও যেন বোবা হ’ব লগা হ’ল।

আকৃতিত মানুহ, অথচ মানৱতা নাই
আপোনজনক শেষ কৰি দিব পৰা সাহস,
এয়াই কলি যুগৰ মানৱৰূপী দানৱ।

জ্ঞানেৰে ভৰা বিবেক ক’ত বিক্ৰী হ’ল?
লাভ-লোকচানৰ বজাৰত
মানৱতাৰ মূল্য হেৰুৱাই
স্বাৰ্থৰ পাছত দৌৰিলোঁ।