এক নতুন জীৱন সংগ্ৰাম
চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি
এদিন মই বিশ্বনাথ চাৰিআলিৰ পৰা গুৱাহাটীৰ অভিমুখে ব্যক্তিগত গাড়ী এখন লৈ ওলালোঁ। মোৰ লগত মোৰ মানুহজনী মোৰ কাষৰ চিটত বহি আছে। আচলতে মোৰ নিজা আন এখন সৰু ঘৰ গুৱাহাটীৰ ছানছাৰিতো আছে। সেয়েহে নিজ ঘৰত এবাৰ পাই আহোঁ বুলি মোৰ মানুহজনীয়ে মোক বৰ কামোৰ দি আছে।কাৰণ গুৱাহাটীৰ ঘৰখনলৈ নোযোৱা আমাৰ প্ৰায় ছয় মাহ মান হল।গতিকে ঘৰ এখন মাজে মাজে চোৱা-চিতা নকৰিলে ঘৰ এখনৰ অৱস্থা বৰ বেয়া হৈ পৰে। কিন্তু আমি গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰাৰ সময়ত সৰু এটি পৰুৱা গাড়ীৰ পিছৰ চিটত তহল দি এক নিৰ্ভক মনে ঘুৰি ফুৰিছিল।
আমি গাড়ীখনত আহি আহি জাগিৰোড পাই কিছু চাহ,কফি একাপ খাই ভাগৰ নাইকিয়া কৰিবলৈ এখন লাইন হোটেল এখনত সোমালোঁ। কিছু সময় জাগিৰোডত জিৰণি লৈ পুনৰ আকৌ যাত্ৰা অব্যাহত ৰাখিলোঁ। কিন্তু সেইসয়তো গাড়ী পিছফালে পুনৰ এবাৰ লক্ষ্য কৰি দেখিবলৈ সক্ষম হলো সেই আগতে বিশ্বনাথত চাৰিআলিৰ পৰা গাড়ী খনত তহল দি ফুৰা ক্ষুদ্ৰ পৰুৱাটো সেই একেই ধৰনে আনন্দ মনে গাড়ী খনত ঘুৰি ফুৰিছে। আমি তেতিয়া গুৱাহাটী পোৱা মানে আমাৰ বাবে নিৰ্দিষ্ট এক ঠিকনা আছে। খাবলৈ, শুৱলৈ।সংসাধন আছে।কিন্তু সেই গাড়ীত উঠি ফুৰা সৰু পৰুৱাৰ বাবে গুৱাহাটীটো এক নতুন জীৱন সংগ্ৰাম।
পৰুৱাটোৱে এতিয়া প্ৰথমে কি বিচাৰি আগবাঢ়ি যাব বাসস্থান নে খাদ্য । আমি মানুহৰ দৰে কাপোৰৰ বাৰু দৰকাৰ নাই। তথাপিও থাকিবলৈ এক আশ্ৰয় আৰু জীয়াই থাকিবলৈ খাদ্যখিনি সকলোৰে বাবে দৰকাৰ। কিন্তু মোৰ মতে পৰুৱাই প্ৰথমে নিজৰ বাবে নিজা লগ-বন্ধুৰ লগত সম্পৰ্ক সাধনাৰ প্ৰয়োজন ।যাৰ জৰিয়তে সেই ক্ষুদ্ৰ পৰুৱাটোৱে এক অচিনাকি ঠাইত তিষ্ঠি থাকিবলৈ বহু সহজ হৈ পৰিব। কিন্তু মানুহৰ ক্ষেত্ৰত কোনো সংসাধন অবিহনে একেবাৰে অচিনাকি ঠাইত জীৱনৰ সংগ্ৰাম সম্ভৱপৰনে ?কাৰণ মোৰ পূৰ্ণ বিশ্বাস পৰুৱাই মানুহৰ দৰে মস্তিষ্ক,জ্ঞান নথকাৰ ফলতো বিশ্বৰ যি কোনো ঠাইতে,যিকোনো পৰিস্থিতিতে নিৰ্ভকতাৰ সহায়ত জীৱন অব্যাহত ৰাখিব নিশ্চয়কৈ পাৰিব।
