শিশু দিৱস – ছেলিমা বেগম 

Pc StockCake

শিশু দিৱস

ছেলিমা বেগম,নগাঁও

জাতি ধৰ্ম -নিৰ্বিশেষে সকলো শিশু নিস্পাপ।
শিশু সকলৰ মাজত থাকে ভবিষ্যৎ,
এই ভবিষ্যতৰ সম্পদ যাতে কোনো কাৰণতে নহয় নষ্ট।
শিশুক উচিত শিক্ষা দিয়াটো পিতৃ -মাতৃৰ দায়িত্ব।
শিশুক নিৰাপত্তা দিয়াটো হৈছে জাতিৰ কৰ্তব্য।
শিশু হ’ল মানৱ জীৱনৰ সংবেদনশীল অংশ,
শিশু সকল কোমল মনৰ অধিকাৰী।
যি ফালে গঢ় দিয়া হয় সেই ফালে গঢ় লৈ উঠে।
এজন শিশুৱে গঢ়ি উঠে অভিভাৱক আচৰণ বিধি বলবৎ কৰি।
শিশুক শুদ্ধিকৰণ কৰিবলৈ সক্ষম হ’ব লাগিব অভিভাৱক সকল ।
খুড়া নেহৰুৰ আদৰ্শ পালন কৰাটো আমাৰ কৰ্তব্য।
য’ত শিক্ষা সুৰক্ষিত তাত ভবিষ্যৎ সুৰক্ষিত।
চৈধ্য নবেম্বৰ তাৰিখে নেহৰুৰ জন্ম দিনত সকলো শিশুৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰি শিশু দিৱসৰ শুভেচ্ছা জনালোঁ।