শিশু দিৱসৰ প্ৰাসংগিকতা
দীপিকা ফুকন
প্ৰতিবছৰে ১৪ নৱেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত অতি উলহ-মালহেৰে শিশু দিৱস পালন কৰা হয়। এই দিনটো ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। আমি জনামতে, নেহৰুক নিজৰ অঞ্চলৰ শিশুসকলে মৰমতে ‘নেহৰু চাচা’ বুলি মাতিছিল। কালক্ৰমত গোটেই ভাৰততে তেওঁ সকলোৰে মৰমৰ নেহৰু খূড়া হৈ পৰিল।তেখেতে শিশুসকলক অপৰিসীম ভাল পাইছিল। তেখেতৰ মতে, “আজিৰ শিশুৱেই কাইলৈৰ ভাৰতবৰ্ষ গঢ়িব।” সেই বিশ্বাসৰ পৰাই তেখেতৰ জন্মদিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়।
কিন্তু শিশু দিৱস মানে কেৱল স্কুলত নাচ-গান কৰা, চকলেট বিলোৱা বা এদিনৰ উৎসৱ নহয়। ইয়াৰ আঁৰত আছে এক গভীৰ অৰ্থ, এক ডাঙৰ দায়িত্ব। আজিৰ সমাজত শিশু দিৱসৰ প্ৰাসংগিকতা আগতকৈ বহুত বেছি ।
এখন দেশৰ আচল সম্পদ সোণ-ৰূপ,তেল, চাহপাত বা গঁড় নহয়, আচল সম্পদ হ’ল দেশখনৰ শিশুসকল। এটা গছৰ গুটি কেনেকৈ গজিব, তাৰ ওপৰতে নিৰ্ভৰ কৰে গছজোপা কেনেকুৱা হ’ব। ঠিক তেনেকৈ আজিৰ শিশুটোক আমি কেনেকৈ ডাঙৰ কৰিছোঁ, তাৰ ওপৰতে নিৰ্ভৰ কৰে কাইলৈৰ সমাজখন কেনেকুৱা হ’ব।
যদি আমি শিশুটোক ভাল শিক্ষা দিওঁ, ভাল সংস্কাৰ দিওঁ, তেন্তে সি ডাঙৰ হৈ এজন ভাল ডাক্তৰ, শিক্ষক, বিজ্ঞানী বা ভাল মানুহ হ’ব। কিন্তু যদি আমি তাক অৱহেলা কৰোঁ, তেন্তে সমাজে এটা উজ্জ্বল ভৱিষ্যত হেৰুৱাব।
ভাৰতীয় সংবিধানে আৰু ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ চনদে প্ৰতিটো শিশুকে কিছুমান মৌলিক অধিকাৰ দিছে – শিক্ষাৰ অধিকাৰ, স্বাস্থ্যৰ অধিকাৰ, মৰম পোৱাৰ অধিকাৰ, শোষণৰ পৰা সুৰক্ষা পোৱাৰ অধিকাৰ।কিন্তু বাস্তৱত বহু ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ ওলোটাটো হৈ আছে।আজিও বহু শিশুৱে এই অধিকাৰ সমূহৰ পৰা বঞ্চিত। শিশু দিৱসে আমাক এই কথাটো আকৌ এবাৰ মনত পেলাই দিয়ে – কোনো শিশু যাতে শিক্ষাৰ পৰা বঞ্চিত নহয়, কোনো শিশু যাতে ভোকত নাথাকে, কোনো শিশু যাতে নিৰ্যাতনৰ বলি নহয়।
আজিৰ আধুনিক যুগতো আমাৰ দেশত লাখ লাখ শিশুৱে হোটেলত, গেৰেজত, ঘৰত কাম কৰি আছে। যি বয়সত সিহঁতৰ হাতত কিতাপ-কলম থাকিব লাগিছিল, সেই বয়সত দেশৰ অধিকাৰৰ আইনক বুঢ়া আঙুলি দেখুৱাই সিহঁতৰ বহুতৰে হাতত আছে বাচন, ঝাড়ু হাতুৰী আদি।
শিশু দিৱসৰ প্ৰাক ক্ষণত মোৰ মনলৈ অহা এটি প্ৰশ্ন হৈছে – আমি কিয় এতিয়াও শিশু শ্ৰম বন্ধ কৰিব পৰা নাই? এজন সচেতন নাগৰিক হিচাপে আমাৰ কৰ্তব্য হ’ল – য’তেই শিশু শ্ৰম দেখোঁ, তাৰ বিৰুদ্ধে মাত মতা। শিশুক কামত নলগাই স্কুললৈ পঠিওৱা।
আগৰ দিনৰ শিশুৱে পথাৰত খেলিছিল, গল্প শুনিছিল, ককা-আইতাৰ কোলাত ডাঙৰ হৈছিল। তাৰ বিপৰীতে আজিৰ শিশুসকল মোবাইলৰ স্ক্ৰীণত ডাঙৰ হৈছে। ইয়াৰ ফলত শিশুৰ মাজত অকলশৰীয়া হোৱা, খিংখিঙীয়া হোৱা, মনোযোগ কমি যোৱা, চকুৰ সমস্যা আদি বাঢ়িছে। শিশু দিৱসৰ প্ৰাসংগিকতা ইয়াতেই । মাক-দেউতাকে শিশুক কেৱল দামী মোবাইল বা দামী কাপোৰ দিলেই নহ’ব, সময় দিব লাগিব। দিনটোত অন্তত অতি কমেও এঘণ্টা শিশুৰ লগত বহি কথা পতা, তাৰ মনৰ কথা শুনা – ইয়াতকৈ ডাঙৰ উপহাৰ একো নাই।
শিশু দিৱসে ছোৱালী শিশুৰ শিক্ষা আৰু সুৰক্ষাৰ কথাও বিশেষকৈ মনত পেলাই দিয়ে। ‘বেটি বচাও, বেটি পঢ়াও’ কেৱল শ্লোগান হৈ থাকিব নালাগে। এজনী ছোৱালীক শিক্ষা দিয়া মানে এটা পৰিয়ালক, এখন সমাজক শিক্ষা দিয়া! আজি ছোৱালী শিশুৰ বিৰুদ্ধে হোৱা অপৰাধবোৰৰ বিৰুদ্ধে সমাজে একেলগে থিয় দিব লাগিব।
আজিৰ শিক্ষা ব্যৱস্থাত আমি শিশুক কেৱল নম্বৰ পাবলৈ শিকাওঁ। অৰ্থাৎ শিক্ষাব্যৱস্থা কেৱল নম্বৰকেন্দ্ৰীক হৈ পৰিছে। পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ লগতে শিশুক ভাল মানুহ হ’বলৈ শিকোৱাটোও অতি প্ৰয়োজনীয়।শিশু দিৱসে কয় – শিশুক সততা শিকাওক, আনক সন্মান কৰিবলৈ শিকাওক, ডাঙৰক শ্ৰদ্ধা আৰু সৰুক মৰম কৰিবলৈ শিকাওক, পৰিৱেশক ভাল পাবলৈ শিকাওক।
নেহৰুৱে কৈছিল – “শিশুসকলৰ মাজত মই মোৰ ভৱিষ্যত দেখোঁ।” সেই ভৱিষ্যত সুন্দৰ কৰিবলৈ হ’লে আমি শিশুৰ মনত মানৱতাৰ বীজ সিঁচিব লাগিব।
শিশু দিৱসত কেৱল ভাষণ দিলেই নহ’ব। আমি প্ৰত্যেকে কৰিব পৰা কিছুমান সৰু-সৰু কাম আছে,সেইবোৰো কৰিব লাগিব। কামবোৰ হৈছে —
* নিজৰ সন্তানক সময় দিয়া
* চুবুৰীৰ দুখীয়া শিশু এটাক কিতাপ দি সহায় কৰা
* শিশুৰ সন্মুখত কাজিয়া, গালি-গালাজ নকৰা
* শিশুক তাৰ মতামত প্ৰকাশ কৰিবলৈ দিয়া
* শিশুৰ প্ৰতিভাক উৎসাহ দিয়া
দেখাত এই কামবোৰ সৰু, কিন্তু ইয়াৰ প্ৰতিক্ৰিয়া গুৰুত্বপূৰ্ণ আৰু সুদুৰপ্ৰসাৰী।
শিশুসকল এটা মাটিৰ কলহৰ দৰে। তাক যেনেকৈ গঢ় দিয়া হয়, সি তেনে ৰূপকে লয়। শিশু দিৱসে আমাক সেই গঢ় দিয়াৰ দায়িত্বৰ কথা মনত পেলাই দিয়ে।আমি গঢ় দিব লাগিব সঠিকভাৱে, উপযুক্তভাৱে, ইতিবাচক ভাৱে!
আমি যদি আজি শিশুটোক মৰম, শিক্ষা, সুৰক্ষা আৰু সংস্কাৰ দিওঁ, তেন্তে কাইলৈ সি দেশখনক পোহৰ দিব। গতিকে শিশু দিৱস কেৱল ১৪ নৱেম্বৰৰ এটা দিন নহয়, বছৰৰ প্ৰতিটো দিনতে শিশুৰ যত্ন লোৱাটোৱেই ইয়াৰ আচল প্ৰাসংগিকতা।
আহক,আজি শিশু দিৱসত আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ –আজিৰ পৰা কোনো শিশুৱে কান্দিব নালাগে, কোনো শিশুৱে শিক্ষাৰ পৰা বঞ্চিত হ’ব নালাগে, প্ৰতিগৰাকী শিশুৱে হাঁহি হাঁহি নিজৰ প্ৰাপ্য অধিকাৰৰ সৈতে ডাঙৰ হ’ব । কাৰণ শিশুৰ হাঁহিতেই দেশৰ হাঁহি লুকাই আছে।
