মুম্বাই ইণ্ডিয়ানছ আৰু পঞ্জাব কিংছৰ মাজত সম্পন্ন হ’ল ট্রেড

মুম্বাই ইণ্ডিয়ানছ আৰু পঞ্জাব কিংছৰ মাজত সম্পন্ন হ’ল ট্রেড

ৰঙিলী বাৰ্ত্তাসেৱা- আইপিএল ২০২৭-ৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছ আৰু পঞ্জাব কিংছৰ মাজত এক বৃহৎ খেলুৱৈ ট্রেড সম্পন্ন হৈছে। পঞ্জাব কিংছত যোগ দিলে মুম্বাই ইণ্ডিয়ানছৰ পূৰ্বৰ অধিনায়ক হার্দিক পাণ্ডিয়া আৰু মুম্বাই ইণ্ডিয়ানছত যোগ দিলে পঞ্জাব কিংছৰ অন্যতম সফল বলাৰ অৰ্শদীপ সিঙে। বুধবাৰে আইপিএলৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত এই খেলুৱৈৰ বিনিময়ৰ কথা জনোৱা হৈছে। বিবৃতি অনুসৰি ১৮ কোটি টকাৰ বিনিময়ত হার্দিক পাণ্ডিয়া পঞ্জাব দললৈ গৈছে। পূর্বে তাৰকা অলৰাউণ্ডাৰগৰাকী মুম্বাই দলত তেওঁৰ মাচুল আছিল ১৬.৩৫ কোটি টকা। আনহাতে, অর্শদীপে পূৰ্বৰ ১৮ কোটি টকাতে মুম্বাই দলৰ সৈতে চুক্তি কৰিছে। এই খেলুৱৈ বিনিময়ৰ জৰিয়তে হার্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছৰ সৈতে দ্বিতীয়টো যাত্ৰাৰ সামৰণি পৰিল। ২০১৫, ২০১৭, ২০১৯ আৰু ২০২০ চনত খিতাপ দখলৰ সময়ত হাৰ্দিক মুম্বাই দলৰ অংশ আছিল । ৭ টা ছিজন মুম্বাইৰ হৈ খেলাৰ পিছত ২০২২ চনত গুজৰাট টাইটানছত তেওঁ যোগদান কৰিছিল । দলটোৰ অধিনায়ক হিচাপে হাৰ্দিকে প্ৰথমটো ছিজনতে গুজৰাটক খিতাপ প্ৰদান কৰিবলৈ সক্ষম হৈছিল । ২০২৩ বৰ্ষতো দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল । পৰৱৰ্তী সময়ত ২০২৪ চনত পুনৰ মুম্বাইলৈ উভতি আহি অধিনায়কৰ দায়িত্ব লাভ কৰিছিল । কিন্তু তেওঁৰ নেতৃত্বত মুম্বাইৰ প্ৰদৰ্শন আশানুৰূপ নাছিল । আইপিএলৰ মুঠ ১৬২ খন মেচত ২,৯৫৫ ৰাণ সংগ্ৰহ কৰা হাৰ্দিকে ৮২ টা উইকেট দখল কৰিছে । এই সময়ত তেওঁৰ ষ্ট্ৰাইক ৰেট ১৪৬.২৮ । ইফালে ২০১৯ চনত অৰ্শ্বদ্বীপ সিঙৰ আইপিএলত অভিষেক ঘটিছিল । বিগত ৮ টা ছিজনত পঞ্জাব দলটোত অতি গুৰুত্বপূৰ্ণ পেচাৰ হিচাপে অৰ্শ্বদ্বীপে আত্মপ্ৰকাশ কৰিছিল । ৮ টা ছিজনৰ পিছত প্ৰথমবাৰৰ বাবে সিঙে ফ্ৰেঞ্চাইজি সলনি কৰি মুম্বাই ইণ্ডিয়ানছত যোগদান কৰিছে । আইপিএলৰ ৯৬ খন মেচত ১১১ টা উইকেট দখল কৰি তেওঁ পঞ্জাবৰ আটাইতকৈ সফল বলাৰ আছিল ।