এইমছত ভর্তি প্রাক্তন উপৰাষ্ট্ৰপতি ধনখড়

এইমছত ভর্তি প্রাক্তন উপৰাষ্ট্ৰপতি ধনখড়

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ প্রাক্তন উপৰাষ্ট্ৰপতি জগদীপ ধনখড় চিকিৎসালয়ত চিকিৎসাধীন। নতুন দিল্লীৰ এইমছত ভর্তি কৰোৱা হৈছে তেওঁক। বুধবাৰে পুৱা প্ৰাতঃভ্রমণলৈ ওলাই গৈ হঠাৎ অসুস্থ হৈ পৰে তেওঁ। সূত্ৰৰ খবৰ মতে খোজ কাঢ়ি থাকোতেই মূৰ ঘূৰাই পৰি যায় ধানখৰ। তাৰ পিছতেই সংজ্ঞা হেৰুৱাই পেলাই তেওঁ। বহু সময় ধৰি সংজ্ঞাহীন অৱস্থাতে থাকে। প্রাথমিক চিকিৎসাৰ পিছত তেওঁক এইমছলৈ লৈ যোৱা হয়। সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে এইমছৰ কার্ডিঅ’ নিউৰো চেণ্টাৰলৈ স্থানান্তৰিত কৰা হৈছে ৭৫ বছৰ বয়সীয়া প্রাক্তন উপ ৰাষ্ট্ৰপতিগৰাকীক। কার্ডিঅ’লজি বিভাগৰ চিকিৎসকসকলে তেওঁক চিকিৎসা কৰি আছে। তেওঁ এতিয়া কেনে আছে সেয়া স্পষ্ট নহয়।