আগন্তুক চাৰি বছৰৰ ভিতৰত পূৰণ হ’ব শিক্ষকৰ সকলো খালী পদঃশিক্ষামন্ত্ৰী

আগন্তুক চাৰি বছৰৰ ভিতৰত পূৰণ হ’ব শিক্ষকৰ সকলো খালী পদঃশিক্ষামন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বিদ্যালয় শিক্ষা ব্যৱস্থাত একাধিক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ইংগিত দি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শিক্ষকৰ চাকৰি সেৱাৰ ক্ষেত্রত উমৈহতীয়া সেৱা বিধি শীঘ্রে বলবৎ কৰাৰ লগতে আগন্তুক চাৰি বছৰৰ ভিতৰত বিদ্যালয়সমূহৰ সকলো খালী শিক্ষকৰ পদ পূৰণৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে বুলি সদৰী কৰিছে। ইয়াৰ উপৰি প্ৰাথমিক বিদ্যালয়ত পুনৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা আৰু প্ৰতিটো শিক্ষা বর্ষতে গুণোৎসৱ অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। আনহাতে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্র-ছাত্রীৰ সংখ্যা হ্রাস পোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষক পদৰ ভৱিষ্যতক লৈ সৃষ্টি হোৱা চৰ্চাৰ মাজতে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। ছাত্র-ছাত্রীৰ সংখ্যা কমি যোৱাৰ অজুহাতত শিক্ষকৰ পদ বিলুপ্ত হ’ব নালাগে বুলি স্পষ্ট মত প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে ভবিষ্যতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিপালে সেই অনুপাতে নতুন শিক্ষক পদ সৃষ্টিৰো পোষকতা কৰে।  বুধবাৰে অসমৰ বিভিন্ন শিক্ষক সংগঠনৰ উমৈহতীয়া মঞ্চ ‘সম্মিলিত শিক্ষক মঞ্চ’ৰ তৃতীয় বার্ষিক অধিৱেশনত অংশগ্রহণ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে চৰকাৰী বিদ্যালয়ৰ গুণগত মান উন্নয়নৰ পৰা আৰম্ভ কৰি শিক্ষক নিযুক্তি, বিদ্যালয়ৰ একত্রীকৰণ আৰু আবাসিক শিক্ষানুষ্ঠান স্থাপনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ মত প্রকাশ কৰে। শিক্ষক সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ গঠনৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন সময়ত চৰকাৰে পৃথক পৃথক শিক্ষক সংগঠনৰ সৈতে আলোচনা কৰিবলগীয়া হোৱাৰ ফলত কেতবোৰ অসুবিধাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত সম্মিলিত শিক্ষক মঞ্চ গঠনে চৰকাৰৰ সৈতে আলোচনাৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব। তেওঁ কয় যে সম্মিলিত শিক্ষক মঞ্চখন হোৱাৰ কাৰণে আমি খুব ভাল পাইছে। তেওঁলোকক মই আহ্বান জনাইছো, মঞ্চখন যাতে সফল হয়। তেওঁলোকে উমৈহতীয়াভাবে তেওঁলোকৰ সমস্যাসমূহ চৰকাৰৰ ওচৰত দাঙি ধৰিলে এটা আলোচনাতে আমি কথাবিলাক আগুৱাই নিব পাৰিম আৰু সমাধানৰ পথ বিচাৰিব পাৰিম। ইফালে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। তেওঁৰ মতে, বৰ্তমান অসমত প্রায় ৫০ লাখ ছাত্র-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ত শিক্ষা গ্রহণ কৰি আছে। ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ লগে লগে জনমূৰি আয় বৃদ্ধি পাইছে। ফলত সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা তথা ব্যয় কৰাৰ সামর্থ্যও বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সন্তানক পঢ়ুৱাব পৰাকৈ বহু পৰিয়ালৰ আর্থিক সামর্থ্য বৃদ্ধিপোৱাটো স্বাভাৱিক। কিন্তু ইয়াৰ ফলত চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকর্ষণ হ্রাস পাবলৈ দিব নোৱাৰি। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰী বিদ্যালয়সমূহৰ গুণগত মান উন্নত কৰিব লাগিব। শিক্ষকসকলেও এই দিশত অধিক দায়িত্বশীল ভূমিকা গ্রহণ কৰিব লাগিব। চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ পৰিৱেশ, শৈক্ষিক মান আৰু আন্তঃগাঁথনি উন্নত কৰিব পাৰিলেহে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে প্রতিযোগিতাত বর্তি থকাটো সম্ভৱ হ’ব। আনহাতে, বিদ্যালয়ৰ সংখ্যা হ্রাস পোৱা আৰু শিক্ষক পদৰ বিলুপ্তিৰ মাজত থকা সম্পৰ্কক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুই। তেওঁ কয় যে কেৱল বিদ্যালয়ৰ সংখ্যা চাই চৰকাৰে শিক্ষক পদ সৃষ্টি নকৰে। ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ অনুপাত অনুসৰিহে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হয়। কিন্তু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্রাস পোৱাৰ বাবে ইতিমধ্যে থকা শিক্ষক পদসমূহ বিলুপ্ত হ’ব নালাগে। তেওঁৰ ভাষ্য অনুসৰি, ভৱিষ্যতে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পালে সেই অনুসৰি অতিৰিক্ত শিক্ষক পদ সৃষ্টি কৰি নতুন প্ৰজন্মৰ বাবে নিয়োগৰ সুযোগো সৃষ্টি কৰি ব পৰা যাব। বিদ্যালয়সমূহৰ মাজত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ বৈষম্যৰ উদাহৰণ দি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ কোনো কোনো প্রাথমিক বিদ্যালয়ত মাত্র সাতজন ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰি আছে। ইয়াৰ বিপৰীতে আন একাংশ প্রাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সাতশ পর্যন্ত। যিখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক, তাত শিক্ষকৰ প্ৰয়োজনো অধিক। সেই অনুসৰি শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যত বৰ্তমান ছাত্র-শিক্ষকৰ অনুপাত গড়ে ৩২.১ বজাই ৰখাৰ প্ৰচেষ্টা চলোৱা হৈছে। এই অনুপাত যাতে অধিক অৱনমিত নহয়, তাৰ প্ৰতিও চৰকাৰে বিশেষ গুৰুত্ব দিছে। অর্থাৎ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ সৈতে সামঞ্জস্য ৰাখি শিক্ষক নিযুক্তি আৰু শিক্ষকৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাটোৱেই চৰকাৰৰ লক্ষ্য। ইয়াৰ উপৰি ৰাজ্যৰ বিদ্যালয় শিক্ষাত আৱাসিক ব্যৱস্থাৰ ধাৰণা সংযোজন কৰাৰ কথাও সদৰী কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। অসমৰ বিভিন্ন প্রান্তত ছাত্ৰ-ছাত্ৰীৰ বাবে আৱাস নিৰ্মাণৰ কাম চলি আছে। এই আৱাসসমূহত প্রায় ২০০জনকৈ ছাত্র বা ছাত্ৰী থকাৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰে কাম আগবঢ়োৱা হৈছে বুলি তেওঁৰ বক্তব্যৰ পৰা জানিব পৰা যায়।ইতিমধ্যে নির্মাণকার্য চলি থকা অঞ্চলসমূহ পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত যথেষ্ট উৎসাহ দেখা পোৱা বুলিও তেওঁ উল্লেখ কৰে। ছাত্র-ছাত্রীসকলে আৱাসিক ব্যৱস্থাত থাকি শিক্ষা গ্রহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে অভিভাৱকসকলেও সন্তানক হোষ্টেলত ৰাখিবলৈ সন্মতি প্রকাশ কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ক্রমাগতভাৱে এই আৱাসিক শিক্ষাৰ ব্যৱস্থা সম্প্ৰসাৰণ কৰা হ’ব বুলিও তেওঁ ইংগিত দিয়ে।