বিহালী ডিগ্ৰী কলেজৰ শিক্ষা বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ
কেটলা চাহ বাগিচা আদৰ্শ বিদ্যালয়ত স্বচ্ছতা অভিযান
বিহমাৰী,পিজোস বৈষ্ণৱ,ৰঙিলী বাৰ্ত্তাসেৱা- পাঠদানৰ লগতে সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে বিহালী ডিগ্ৰী কলেজৰ শিক্ষা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে। কেটলা চাহ বাগিচা আদৰ্শ বিদ্যালয়ত এমহীয়া Practice Teaching কাৰ্যসূচীত অংশগ্ৰহণ কৰি থকা শিক্ষা বিভাগৰ পঞ্চম ষাণ্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলে আজি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মিলিত হৈ এক স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বচ্ছতাৰ প্ৰতি সজাগতা, পৰিৱেশ সংৰক্ষণ আৰু শ্ৰমৰ মৰ্যাদাৰ মনোভাৱ গঢ়ি তোলাই আছিল এই অভিযানৰ মূল উদ্দেশ্য।

উল্লেখযোগ্য যে, শিক্ষক প্ৰশিক্ষণ কেৱল শ্ৰেণীকোঠাৰ পাঠদানতে সীমাবদ্ধ নাথাকি সহঃশৈক্ষিক আৰু সামাজিক কাৰ্যসূচীৰ মাজেৰেও যে সম্পূৰ্ণ হয়, প্ৰশিক্ষাৰ্থীসকলৰ এই সক্ৰিয় অংশগ্ৰহণে তাকে প্ৰমাণ কৰিলে। এনে সুন্দৰ পদক্ষেপৰ বাবে কেটলা চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ বিজিত ৰয়ে বিহালী ডিগ্ৰী কলেজৰ শিক্ষা বিভাগৰ অধ্যাপক-অধ্যাপিকা তথা সংশ্লিষ্ট কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। এনে কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস গঢ়ি তোলাৰ লগতে সামাজিক দায়বদ্ধতা আৰু সহযোগিতাৰ মনোভাৱ বিকাশত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
