বিস্তীৰ্ণ পাৰৰে – কল্পনা দত্ত

বিস্তীৰ্ণ পাৰৰে

( ব্ৰহ্মপুত্ৰ আৰু ভূপেনদাৰ এক মহামিলন )

কল্পনা দত্ত
নুনমাটি গুৱাহাটী 

ভূপেন হাজৰিকাৰ বিষয়ে লিখিব বা ক’ব পৰা যোগ্যতা মোৰ হোৱা নাই। তেওঁ হ’ল অদ্বিতীয় মহামানৱ — সেয়েহে কিছু অধ্যয়ন কৰি সুধাকণ্ঠৰ চৰণত উৎসৰ্গিত কৰি লিখাৰ অকণমান প্ৰয়াস—

মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ড° ভূপেন হাজৰিকা — অসমীয়া জাতিৰ সত্তা এই দুই ধাৰা সংস্কৃতি আৰু জাতীয় জীৱনৰ যুগ যুগ ধৰি ইটো সিটোৰ পৰিপূৰক হৈ বৈ আছে। ব্ৰহ্মপুত্ৰ যদি অসমৰ ভৌগোলিক আৰু প্ৰাণময় ধাৰা, তেন্তে ভূপেনদা আছিল সেই ধাৰাৰ সুৰীয়া কণ্ঠ। নদী আৰু শিল্পীৰ এই অনন্য সম্পৰ্কক আটাইতকৈ মৰ্মস্পৰ্শী আৰু কালজয়ী ৰূপত তুলি ধৰিছিল তেওঁৰ যুগান্তকাৰী গীত “বিস্তীৰ্ণ পাৰৰে ।”

বিশ্বজনীন চেতনা আৰু ‘বিস্তীৰ্ণ পাৰৰে’

গীতটিৰ সৃষ্টিৰ আঁৰত আছিল এক বিশ্বজনীন বৈপ্লৱিক চেতনা। আমেৰিকাৰ কৃষ্ণাংগ শিল্পী পল ৰবচনৰ বিখ্যাত ‘অ’ল মেন ৰিভাৰ’ (Ol’ Man River) গীতটিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভূপেনদাই মিচিচিপি নদীৰ বুকুত দেখা পোৱা কৃষ্ণাংগ মানুহৰ যন্ত্ৰণাক লৈ আহিছিল লুইতৰ পাৰলৈ। মিচিচিপিৰ সেই বৰ্ণবাদ আৰু শোষিত মানুহৰ যন্ত্ৰণা ব্ৰহ্মপুত্ৰৰ পাৰৰ নিষ্পেষিত-বঞ্চিত জনসাধাৰণৰ বিননিৰ সৈতে একাকাৰ হৈ পৰিছিল।

নদীৰ বুকুত মানৱতাৰ সন্ধান কৰিছিল।

এই গীতটিত ভূপেনদাই ব্ৰহ্মপুত্ৰক ‘মহাবাহু’ বুলি সম্বোধন কৰিও তাৰ নিস্পৃহতাক তীব্ৰ ভাষাৰে প্ৰশ্নবাণেৰে থকা-সৰকা কৰিছে। নদীখনে শতিকা জুৰি মানুহৰ উত্থান-পতন, প্ৰেম-অপ্ৰেম, আৰু শোষণৰ ইতিহাস প্ৰত্যক্ষ কৰি আহিছে। কিন্তু তাৰ পিছতো নদীখন কিয় ইমান শান্ত, কিয় ইমান নিৰ্বিকাৰ?

” বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
হাঁহাকাৰ শুনিও নিঃশব্দে নীৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱা কিয়?”

গীতটোৰ প্ৰতিটো স্তৱকত ভূপেনদাই সমাজৰ নৈতিক স্খলনক নদীৰ চিৰন্তন গতিৰ সৈতে তুলনা কৰিছে। মানৱতা লাঞ্ছিত হোৱা সমাজ খনত ব্ৰহ্মপুত্ৰই কেনেকৈ কোনো প্ৰতিবাদ নকৰাকৈ বৈ থাকিব পাৰে, তাক লৈ শিল্পীজন আচৰিত হৈ পৰিছিল। জ্ঞানবিহীন লোকক পথ দেখুওৱাৰ পৰিৱৰ্তে নদীখনে কিয় কেৱল নিজৰ গতিত সাগৰলৈ বৈ গৈছে, সেই ক্ষোভ গীতটিত ফুটি উঠিছিল ।ইয়াত ব্ৰহ্মপুত্ৰ আৰু ভূপেনদাৰ মাজত কোনো দূৰত্ব নাই; বৰঞ্চ ভূপেনদাই নিজেই ব্ৰহ্মপুত্ৰৰ আত্মাৰ ভিতৰলৈ সোমাই গৈ সমাজক জগাই তুলিবলৈ চেষ্টা কৰিছিল।

ব্ৰহ্মপুত্ৰই ভূপেনদাক দিছিল এক বিশাল কেনভাছ, য’ত তেওঁ সমগ্ৰ মানৱজাতিৰ সুখ-দুখৰ ছবি আঁকিব পাৰিছিল। আনহাতে, ভূপেনদাই ব্ৰহ্মপুত্ৰক দিলে এটা অমৰ কণ্ঠ। আজি ব্ৰহ্মপুত্ৰৰ পানীৰ শব্দৰ মাজতো অসমীয়াই ভূপেনদাৰ কণ্ঠ বিচাৰি পায়। নদীৰ বিশালতা আৰু শিল্পীৰ সৃষ্টিশীলতাৰ এইয়া এক অনন্য মহামিলন।

সময়ৰ গতিত সময় সলনি হ’ল, লুইতৰ বুকুৰে বহুত পানী বৈ গ’ল, ভূপেনদাও আজি শাৰীৰিকভাৱে আমাৰ মাজত নাই। কিন্তু ‘বিস্তীৰ্ণ পাৰৰে’ গীতটিৰ প্ৰাসংগিকতা আছিল, আছে আৰু চিৰকাল থাকিব। যেতিয়ালৈকে সমাজত অন্যায়, বৈষম্য আৰু মানুহৰ হাঁহাকাৰ থাকিব, তেতিয়ালৈকে লুইতৰ পাৰে পাৰে ভূপেনদাৰ এই প্ৰতিবাদী কণ্ঠ অনুৰণিত হৈ থাকিব। ব্ৰহ্মপুত্ৰ আৰু ভূপেনদাৰ এই মহামিলন অসমীয়া সংস্কৃতিৰ বুকুত চিৰকাললৈ এক অক্ষয় পোহৰ হৈ জিলিকি থাকিব।

ভূপেন দা তোমাৰ স্মৃতিত আজি আকৌ এবাৰলৈ তোমাক সুঁৱৰিছোঁ

হে সুধাকণ্ঠ , গোটেই অসমবাসীৰ হৈ তোমাক যাচিছোঁ শত-কোটি প্ৰণাম আৰু অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি।