পৰনিন্দাৰ বিষবাষ্পত কলুষিত কাৰ্যালয়ৰ পৰিৱেশ –  শংকৰ দেৱ

Pc Unsplash

(এক আলোকপাত )

পৰনিন্দাৰ বিষবাষ্পত কলুষিত কাৰ্যালয়ৰ পৰিৱেশ

 শংকৰ দেৱ, দেৰগাঁও

এখন কাৰ্যালয়ৰ প্ৰকৃত সৌন্দৰ্য কেৱল তাৰ সুসজ্জিত কোঠা, চকী-মেজ অথবা আধুনিক সা-সুবিধাৰ মাজতেই সীমাবদ্ধ হৈ নাথাকে,  বৰঞ্চ তাৰ অন্তৰালত লুকাই থাকে কৰ্মচাৰীসকলৰ পাৰস্পৰিক বিশ্বাস, সহযোগিতা, সৌহাৰ্দ্য আৰু কৰ্মসংস্কৃতি।আজিৰ এই ব্যস্ততা পূৰ্ণ পৰিৱেশত মানুহৰ জীৱন এক বহুৰঙী কৰ্মশালা হৈ পৰিছে। এই কৰ্মশালাত প্ৰতিজন মানুহে নিজৰ কৰ্ম, চিন্তা আৰু আচৰণেৰে জীৱনৰ একো একোটা অধ্যায় ৰচনা কৰে। কৰ্মক্ষেত্ৰ হৈছে মানুহৰ কৰ্মনিষ্ঠা, সততা, দক্ষতা আৰু ব্যক্তিত্বৰ প্ৰতিফলন ঘটাৰ এক গুৰুত্বপূৰ্ণ স্থান।  কিন্তু পৰিতাপৰ বিষয় যে, কিছুমান মানুহৰ অপ্ৰয়োজনীয় পৰচৰ্চা, পৰনিন্দা আৰু ঈৰ্ষাপৰায়ণ মনোভাৱে এই সুন্দৰ পৰিৱেশত প্ৰায়ে কলংকৰ দাগ লগায়।

কাৰ্যালয়ত কৰ্মৰত প্ৰতিজন ব্যক্তিৰে নিজস্ব দায়িত্ব আৰু কৰ্তব্য থাকে। কোনোবাই নিজৰ কৰ্তব্যক নিষ্ঠাৰে পালন কৰি প্ৰতিষ্ঠানৰ উন্নতিৰ বাবে অহৰহ প্ৰচেষ্টা চলায়, আন কোনোবাই আকৌ নিজৰ কামত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে সহকৰ্মীৰ দোষ-দুৰ্বলতা বিচাৰি ফুৰাতহে অধিক আগ্ৰহ প্ৰকাশ কৰে। এনে লোকৰ বাবে আনৰ কৰ্মদক্ষতা, সফলতা, পদোন্নতি, জনপ্ৰিয়তা অথবা ব্যক্তিগত জীৱনৰ সৰু-বৰ ঘটনাবোৰেই যেন চৰ্চাৰ মুখ্য বিষয়। নিজৰ কৰ্মৰ মূল্যায়ন কৰিবলৈ অনীহা প্ৰকাশ কৰা এইচাম লোকৰ আনৰ কৰ্মৰ খুঁত বিচৰাত কিন্তু কৃপণালি নাথাকে । প্ৰকৃততে, পৰনিন্দা এনে এক মানসিক প্ৰৱণতা, যিয়ে মানুহৰ অন্তৰৰ সংকীৰ্ণতা আৰু ব্যক্তিত্বৰ দুৰ্বলতাকে প্ৰতিফলিত কৰে। মুখত মধুৰ বাক্য, অথচ অন্তৰত বিষাক্ত চিন্তা—এয়াই যেন এনে কিছুমান লোকৰ চৰিত্ৰৰ অন্যতম বৈশিষ্ট্য। সন্মুখত প্ৰশংসাৰ ফুল ছটিয়াই পিছফালে নিন্দাৰ কাঁইট সিঁচি দিয়াত তেওঁলোক পাকৈত। এজনৰ মুখৰ কথা আনজনৰ কাণত অন্য এক ৰূপত প্ৰকাশ কৰি সহকৰ্মীৰ মাজত সন্দেহ, ভুল বুজাবুজি আৰু বিবাদৰ বীজ সিঁচিবলৈও তেওঁলোকে কুণ্ঠাবোধ নকৰে। ফলত যি কাৰ্যালয়ত সহযোগিতাৰ হাত আগবঢ়োৱাৰ কথা, তাতেই সৃষ্টি হয় অবিশ্বাসৰ অদৃশ্য দেৱাল।

আটাইতকৈ দুখজনক কথাটো হ’ল, এনে পৰনিন্দুকসকলে বহু সময়ত আনৰ সামান্য ভুল এটাকো পাহাৰসম কৰি দেখুৱায়, অথচ নিজৰ ব্যক্তি স্বাৰ্থ জড়িত ভুলৰ ক্ষেত্ৰত নীৰৱতাৰ আশ্ৰয় লয়। আনৰ সফলতাত আনন্দিত হোৱাৰ পৰিৱৰ্তে ঈৰ্ষাৰ জুইত দহে আৰু আনৰ সন্মান হ্ৰাস কৰি নিজৰ স্থান উচ্চ কৰাৰ এক অসাৰ প্ৰয়াস চলায়। কিন্তু এটা কথা মনত ৰখা উচিত যে আনৰ মৰ্যাদা হ্ৰাস কৰিলেই নিজৰ মৰ্যাদা বৃদ্ধি নহয়,  বৰঞ্চ এনে আচৰণে নিজৰ ব্যক্তিত্বৰ দৰিদ্ৰতাকহে উদঙাই দিয়ে। অৱশ্যে, সকলো সমালোচনাই পৰনিন্দা নহয়। কোনো কৰ্মচাৰীৰ ভুল আঙুলিয়াই দি তাক শুধৰোৱাৰ সুযোগ দিয়া, কৰ্মক্ষেত্ৰৰ অনিয়মৰ বিষয়ে কৰ্তৃপক্ষক তথ্যসহ অৱগত কৰা অথবা প্ৰতিষ্ঠানৰ স্বাৰ্থত গঠনমূলক পৰামৰ্শ আগবঢ়োৱাটো এক ইতিবাচক কৰ্মসংস্কৃতিৰ পৰিচায়ক। কিন্তু কাৰোবাক হেয় প্ৰতিপন্ন কৰা, তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা অথবা ব্যক্তিগত বিদ্বেষ পূৰণৰ বাবে তেওঁৰ সন্মানত আঘাত কৰাটো কেতিয়াও সুস্থ মানসিকতাৰ পৰিচয় হ’ব নোৱাৰে। গঠনমূলক সমালোচনাই সংশোধনৰ পথ মুকলি কৰে, কিন্তু পৰনিন্দাই সম্পৰ্কৰ মাজত বিভেদৰ বিষ ঢালি দিয়ে।

এখন কাৰ্যালয়ৰ মুৰব্বীসকলৰো এইক্ষেত্ৰত যথেষ্ট দায়িত্ব আছে। কৰ্মচাৰীসকলৰ মাজত ন্যায়, স্বচ্ছতা আৰু পাৰস্পৰিক সন্মানৰ পৰিৱেশ গঢ়ি তোলাৰ লগতে কৰ্মদক্ষতা আৰু সততাৰ ভিত্তিত মূল্যায়ন কৰাৰ ব্যৱস্থা থাকিব লাগে। কোনো ব্যক্তিৰ বিষয়ে শুনা কথাকে সত্য বুলি গ্ৰহণ নকৰি, প্ৰয়োজনত তথ্যৰ সত্যতা পৰীক্ষা কৰাটোও অত্যন্ত জৰুৰী। একেদৰে প্ৰতিজন কৰ্মচাৰীয়েও নিজৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠাৱান হৈ অপ্ৰয়োজনীয় পৰচৰ্চাৰ পৰা আঁতৰি থাকিবলৈ সচেষ্ট হোৱা উচিত।

জীৱনৰ অমূল্য সময় আনৰ দোষ বিচাৰি কটোৱাতকৈ নিজৰ কৰ্ম আৰু চৰিত্ৰৰ উৎকৰ্ষ সাধনত ব্যয় কৰাটোহে বুদ্ধিমানৰ কাম। কাৰণ, মানুহৰ প্ৰকৃত পৰিচয় তেওঁৰ কথাৰ জাকজমকতাত নহয়, কৰ্মৰ সততা আৰু আচৰণৰ মহত্ত্বতহে প্ৰতিফলিত হয় । সেয়েহে, কাৰ্যালয়ৰ প্ৰতিজন ব্যক্তিয়ে এই কথা হৃদয়ংগম কৰা উচিত যে কৰ্মক্ষেত্ৰ কেৱল জীৱিকা অৰ্জনৰ স্থান বুলি ভাবিলেই নহ’ব, ই হৈছে পাৰস্পৰিক বিশ্বাস, দায়িত্ববোধ আৰু মানৱীয় মূল্যবোধৰো এক উমৈহতীয়া ক্ষেত্ৰ। পৰনিন্দাৰ কোলাহলত কৰ্মনিষ্ঠাৰ কণ্ঠ ৰুদ্ধ হ’বলৈ দিব নালাগে, ঈৰ্ষাৰ অন্ধকাৰত সহযোগিতাৰ পোহৰ ম্লান হ’বলৈ দিব নালাগে। কাৰ্যালয়ৰ পৰিৱেশ সুন্দৰ কৰি ৰখাৰ দায়িত্ব কেৱল কৰ্তৃপক্ষৰেই  নহয়, এই দায়িত্ব প্ৰতিজন কৰ্মচাৰীৰো থকা উচিত।

মনত ৰখা উচিত যে ফুলৰ সুগন্ধিয়ে যেনেকৈ চৌদিশ আমোলমোলাই তোলে, তেনেকৈ সৎ আচৰণ আৰু সুন্দৰ ব্যক্তিত্বই এখন কৰ্মক্ষেত্ৰক সৌহাৰ্দ্যৰ সুবাসেৰে ভৰাই তোলে। আনহাতে, পৰনিন্দাৰ বিষবাষ্পই সেই সুগন্ধিক নিমিষতে ম্লান কৰি পেলাব পাৰে। গতিকে আনৰ জীৱন আৰু কৰ্মৰ হিচাপ লোৱাৰ আগতে এবাৰ নিজৰ অন্তৰলৈও দৃষ্টি দিয়া উচিত। কিয়নো, আনৰ দোষ বিচাৰি ফুৰা চকুযুৰিতকৈ নিজৰ দোষ চিনাক্ত কৰিব পৰা বিবেকহে মানুহৰ প্ৰকৃত অলংকাৰ।