উচ্ছেদক লৈ ৰকিবুলক তীব্র কটাক্ষ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ধুবুৰীত চলা উচ্ছেদ অভিযানক লৈ শেহতীয়াকৈ ৰকিবুল হুছেইনে ৰাজ্য চৰকাৰলৈ দায় ঠেলি কংগ্ৰেছ চৰকাৰ গঠন হ’লে উচ্ছেদিতসকলক পুনৰ সংস্থাপিত কৰা হ’ব বুলি ঘোষণা কৰি উচ্ছেদ অভিযান বন্ধ হোৱাৰ দাবী তুলিছিল। ৰকিবুল হুছেইনৰ এই দাবীক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্রী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয়- কংগ্ৰেছ ক্ষমতালৈ আহিব ৫০ বছৰ পিছত। তেতিয়ালৈকে বৰ্তমানৰ এই কংগ্ৰেছ নাথাকিবও পাৰে। ৫০ বছৰলৈ কোনে অপেক্ষা কৰিব? ৰকিবুল হুছেইনে ক’ব লাগে যে তৎকালীনভাৱে উচ্ছেদিত লোকক ভূমি প্ৰদান কৰা হ’ব। মই যদি এই সমষ্টিৰ বিধায়ক অথবা সাংসদ হ’লোঁ হয়, বিকল্প ভূমি বিচাৰি জিলা আয়ুক্তৰ লগত কথা পাতি এই ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিলোঁ হয়। ইয়াৰ বিপৰীতে ৰকিবুল হুছেইনে পুনৰ সংখ্যালঘু লোকসকলক বিপথে পৰিচালিত কৰিলে। তেওঁৰ মতে কংগ্ৰেছ ক্ষমতালৈ আহিলেহে ভূমিহীনক মাটি দিব, কিন্তু এতিয়া নিদিয়ে। তেওঁ ক’ব লাগে মুখ্যমন্ত্রীক মই সাক্ষাৎ কৰি ভূমিহীন লোকৰ বাবে মাটি দিয়াৰ দাবী তুলিম। তেওঁ কংগ্ৰেছ আহিলেহে মাটি দিব। ‘৩১চনলৈতো কংগ্রেছ ক্ষমতালৈ নাহেই। পৰৱৰ্তী সময়ত কংগ্ৰেছ আহিব কেতিয়া? ইয়াৰ অৰ্থ হ’ল সংখ্যালঘু লোকসকলক হোজা পাই কংগ্রেছে বিপথে পৰিচালিত কৰি আহিছে। বিগত ৭০ বছৰত যদি কংগ্ৰেছে এই লোকসকলক ভূমি প্রদান কৰিলে হয়, আজি এই সমস্যাৰ সৃষ্টি নহ’লহেঁতেন। ৰকিবুল হুছেইনে যদি সঁচাকৈয়ে দুর্ভগীয়া মানুহখিনিৰ কথা চিন্তা কৰে, তেন্তে তেওঁ সেই লোকসকলক আজিয়েই মাটি দিয়াৰ বাবে চিন্তা কৰক, কংগ্ৰেছ আহিলে মাটি দিয়াৰ চিন্তাটো বাদ দিয়ক।
