ডিগাৰুত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰী গুৱাহাটীৰ সমীপৱৰ্তী ডিগাৰুত বুধবাৰে পুৱা এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয় । বুধবাৰে পুৱা ৬:৫৪ বজাত এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটো সংঘটিত হয় । কলকাতাৰ পৰা মিজোৰাম অভিমুখী ছাইৰাং-কলকাতা এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত। পুৱা ৭ বজাত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ৰে’লখন। আহত যাত্রীকেইগৰাকীক উদ্ধাৰ কৰি সোণাপুৰ জিলা চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। অৱশ্যে বৰ্তমানলৈকে কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই । ইফালে, দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল আৰু ৰে’ল বিভাগৰ কৰ্মচাৰী। অব্যাহত আছে উদ্ধাৰ অভিযান। প্ৰাথমিক খবৰ অনুসৰি, বুধবাৰে পুৱা নিৰ্ধাৰিত পথেৰে চলাচল কৰি থকা অৱস্থাতে ডিগাৰু অঞ্চলত হঠাৎ এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । মুহূৰ্তৰ ভিতৰতে ইঞ্জিনসহ ছটাকৈ দবা লাইনচ্যুত হোৱাত ৰে’লখনৰ যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে । উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ৰে’ল বিভাগৰ লগতে সংশ্লিষ্ট প্ৰশাসনৰ উচ্চপদস্থ বিষয়া-কৰ্মচাৰীসকলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । এই দুৰ্ঘটনাৰ ফলত কেইবাটাও দবা ক্ষতিগ্ৰস্ত হৈছে । দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় । আহত যাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।এই দুৰ্ঘটনাটোৰ ফলত গুৱাহাটী–লামডিং ৰে’লপথত ৰে’ল চলাচল ব্যাহত হোৱাৰ আশংকাই দেখা দিছে । তদুপৰি যাত্ৰীসকলক এখন বিকল্প ৰে’লৰে তেওঁলোকৰ গন্তব্যস্থানলৈ নিয়া হৈছে । জানিব পৰা মতে, ডিগাৰু ৰে’ল ষ্টেচনৰ ছিগনেল বিকল হৈ আছিল। লোকো পাইলটে ছিগনেলত ৰঙা লাইট জ্বলি থকাৰ কথা উল্লেখ কৰা বুলি জানিব পৰা গৈছে। আনহাতে, ৰে’লখনৰ জৰুৰীকালীন ব্রেকেও কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ ৰে’ল বিভাগে তদন্ত আৰম্ভ কৰাৰ সম্ভাৱনা আছে। ইপিনে,ৰে’লপথৰ পৰা লাইনচ্যুত হোৱাৰ পৰিপ্ৰেক্ষিতত দুখন ৰে’ল নিয়ন্ত্ৰণ কৰা হৈছে । ১২০৬৭ নম্বৰৰ গুৱাহাটী-যোৰহাট টাউন জনশতাব্দী এক্সপ্ৰেছ পাণবাৰীত আৰু ১৫৬২৭ নম্বৰ কইম্বাটুৰ-শিলচৰ এক্সপ্ৰেছ পানীখাইটিত নিয়ন্ত্ৰণ কৰা বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এক বিবৃতি যোগে প্ৰকাশ কৰিছে । দুৰ্ঘটনাগ্ৰস্ত দবাসমূহ আঁতৰাই ৰে’লপথ মেৰামতি কৰাৰ লগতে পুনৰ ৰে’ল চলাচল স্বাভাৱিক কৰাটো এতিয়া ৰে’ল কৰ্তৃপক্ষৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে । কি কাৰণত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
