ব্যঞ্জন বৰ্ণ – বাহাৰুল ইছলাম

Pc YouTube

ব্যঞ্জন বৰ্ণ 

বাহাৰুল ইছলাম

ক- আহিল কমলপুৰত
কমলা লৈ হাতত
খ- য়ে খৰম পিন্ধি
ৰৈ আছে বাটত।
গ- ই বোলে গৰম ভাত
মুখত নিদিবা ভৰাই
ঘ- ককাকে ঘনে ঘনে
হাতত লয় শৰাই।
ঙ- খুড়াকে নাঙলেৰে
খেতিত মাৰে হাল
চ- ই চৰাই ধৰিবলৈ গৈ
বাটত পালে খাল।
ছ-য়ে ছাতি কিনি
 আনন্দ মনেৰে যায়
জ-ই জাপি পিন্ধি
পকা জামু খায়।
ঝ-ককায়ে ঝৰণা দেখি
বৰ ভাল পালে
ঞ- বোপায়ে জিঞা ধৰি লৈ
বিহু গীত গালে ।
ট-ই বোলে টকাই ডাঙৰ
ধনী হোৱাৰ মন
ঠ-য়ে ঠগাই ঠগাই
লৈ যায় ধন।
ড- য়ে বোলে ডলাৰ পৰা
খাম এথোক কল
ঢ-ককায়ে ঢোল বজায়
খেলিবলৈ গ’ল বল।
ণ- য়ে কাণৰ বিষত
তৎ হেৰাল গাত
ত- ই তামোল খাই খাই
মৰমেৰে দিলে মাত।
থ- বোপায়ে থালৰ পৰা
ভজা মাছ খালে
দ-ই হেনো দৰঙৰ পৰা
আপোন ঘৰ পালে।
ধ-ককাকে দাৱনি লৈ
ধান চপোৱাবলৈ গ’ল
ন- বোপাইৰ নতুন জুতাযোৰ
বৰ ধুনীয়া হ’ল।
প-ই বোলে পখিলা ধৰি লৈ
মামাৰ ঘৰলৈ যাম
ফ-য়ে বোলে ফৰিং ধৰি লৈ
জুমি জুমি চাম।
ব-বোপায়ে বগলী চাই
আনন্দেৰে গীত গালে
ভ- ই ভালুক চাবলৈ হেনো
চিৰিয়াখানা পালে।
ম-ই বোলে মটৰ গাড়ীৰে
মামাৰ ঘৰলৈ যাম
য-য়ে কয় যঁতৰ বোৱাই
পকা আম খাম।
ৰ- ককাকে ৰৌ মাছ কিনি
আনিলে বজাৰৰ পৰা
ল- বোপায়ে ল’ৰাহঁতক ক’লে
 বয়-বস্তুৰ দাম চৰা।
ৱ-য়ে চিয়াঁহী দোৱাত লৈ
সাউৎকৰে আহিল
শ- ই শৰতৰ বতৰা লৈ
ধীৰ গতিত ভাহিল।
ষ-ই ষাড় গৰুটোক ধৰি
বগৰাই দিলে
স-য়ে সাহসেৰে খেলি
পুৰস্কাৰ আনিলে ।
হ-বোপায়ে হৰিণ চাবলৈ
কাজিৰঙালৈ গ’ল
ক্ষ-ৰ বাহুৰ ক্ষমতা চাবলৈ
প্ৰতিযোগিতালৈ ব’ল।
ড়-য়ে গাড়ীৰে হেনো
ল’ৰা-ছোৱালীক আনে
ঢ়- ই বঢ়া-বুঢ়ীক বৰ
যতন কৰিবলৈ জানে।
য়-ই খেলত জয়ী হৈ
জয়ধ্বনি দিলে
ৎ-য়ে মৎস কিনি
পুৰস্কাৰ দিলে।
ং-বোপায়ে দলং দেখি
বৰ মজা পালে
ঃয়ে বাঃবাঃ বুলি কৈ
বৰ উৎসাহ দিলে।
ঁ -য়ে বাঁহী বজাই
খুবেই ৰং পায়
চিৰা-দৈ ৰসগোল্লা
বেছি বেছি খায়।