এৰি দিয়াৰ সাহস ৰাখক
অৰ্ণৱ কটকী
জাঁজী,যোৰহাট
তেওঁ বিচৰা সুখৰ বাবে তেওঁক এৰি দিয়াৰ সাহস সকলোৰে নাথাকে। প্ৰেম মানে প্ৰাপ্তি নহয় সকলোৱেই জানে কিন্তু আপোনাৰ মনটোৱে আপোনাক হয়তো এই কথা মানি লবলৈ বাৰে বাৰে অস্বীকাৰ কৰে। কেতিয়াবা মনে নিবিচৰাকৈ সময়ক মানি আঁতৰি আহিব লগীয়া হয়। প্ৰেমৰ সম্পৰ্ক,বা আন যিকোনো সম্পৰ্কতে সময়ে এক বিশেষ ভূমিকা পালন কৰে।
আটাইতকৈ বেছি আপুনি যিজন ব্যক্তিক হেৰুৱাবলৈ ভয় কৰে সেইজন ব্যক্তিকেই কিন্তু সোনকালে ত্যাগ কৰিবলগীয়া হয়। ত্যাগ কৰা মানে আপুনি তেওঁক বেয়া পোৱা বা আপোনাৰ শত্ৰু হৈ পৰা নুবুজাই।ভালপোৱা নাথাকিলেও মৰম আকুলতা মন ভৰি সোমাই থাকে, অলক্ষিতে।
হেৰুৱাৰ ভয়ত যদি আপুনি তেওঁক সামৰি ৰাখি ৰাখি এদিন নিজেই নিজৰ ওচৰত হেৰাবলৈ লয় তেনে মুক্ত মনে তেওঁক এৰি দিয়ক। নিজেই নিজৰ মনটোক কষ্টৰ পৰা মুকলি কৰাটো কিন্তু আটাইতকৈ বেছি সাহসৰ কথা। সেই সাহস খিনি বুকুৰ মাজত জীয়াই তোলক নীৰৱে। আনে আপোনাৰ চকু পানী মূল্য নিদিয়ে কেৱল এই চকুপানী খিনি তেওঁলোকৰ বাবে এখন ধাৰাবাহিকৰ সংলাপৰ দৰে হে হয় আৰু আপোনাৰ হাঁহিটো আনৰ বাবে কোনো বন্দী কয়দীক নচঁচা শূলত দিয়াৰ দৰে হয়।
হাঁহিবলৈ শিকক, সহিবলৈ শিকক, ভাল মনোভাৱত জেদী হওঁক।
এৰি দিয়ক, উৰিব দিয়ক যি উৰিব খোজে আপোনাক মাজ আকাশত এৰি ।
এৰি দিয়াৰ সাহস ৰাখক, যিকোনো ক্ষেত্ৰতে, যিকোনো কথাতে।
