গ্ৰন্থমেলাত উপলব্ধ হ’ল ৰঞ্জু হাজৰিকাৰ নৱতম উপন্যাস ‘ভলকান’
বিহমাৰী,পিজোস বৈষ্ণৱ, ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া সাহিত্যৰ অদ্বিতীয় ৰহস্য সম্ৰাট, এছিয়া মহাদেশৰ ভিতৰতে সৰ্বাধিক গ্ৰন্থ প্ৰকাশ কৰি অভিলেখ সৃষ্টি কৰা শ্ৰদ্ধাৰ লেখক ৰঞ্জু হাজৰিকাৰ নৱতম উপন্যাস ‘ভলকান’ আজিৰ পৰা পাঠকৰ বাবে মুকলি হ’ল। অসমৰ আগশাৰীৰ প্ৰকাশক ‘দাপোণ প্ৰকাশন’ৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন আজিৰ পৰা অসম গ্ৰন্থমেলা যোৰহাট আৰু ডিব্ৰুগড় গ্ৰন্থমেলাত উপলব্ধ হৈছে। ৰহস্য, ৰোমাঞ্চ আৰু মানৱীয় অনুভূতিৰ অপূৰ্ব সংমিশ্ৰণেৰে ৰচিত ‘ভলকান’ আবাল, বৃদ্ধ, বনিতা সকলো বয়সৰ পাঠকৰ বাবে উপযোগী হ’ব বুলি প্ৰকাশকে আশা প্ৰকাশ কৰিছে। লেখকৰ পূৰ্বৰ পুথিসমূহে যিদৰে লাখ লাখ পাঠকৰ হৃদয় জয় কৰিছিল, এই গ্ৰন্থখনেৰেও সেই ধাৰা অক্ষুণ্ণ থাকিব বুলি সাহিত্য মহলে আশা কৰিছে। ৰঞ্জু হাজৰিকা কেৱল এগৰাকী লেখক নহয়, তেখেত অসমৰ সাহিত্যৰ শ্ৰেষ্ঠ সম্পদ। তেখেতৰ প্ৰতিখন গ্ৰন্থই অসমীয়া ভাষা আৰু সাহিত্যৰ ভঁৰাল চহকী কৰি আহিছে। গ্ৰন্থমেলালৈ যাব নোৱাৰা পাঠকে ডাকযোগেও গ্ৰন্থখন সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ বাবে 8181814602 নম্বৰত (WhatsApp) যোগাযোগ কৰিব পাৰিব। গ্ৰন্থখনৰ মূল্য ₹ 599.00 মাত্ৰ। ডাক খৰচ সম্পূৰ্ণ বিনামূলীয়া।
