নাৰী শক্তিৰূপা দেৱী দুৰ্গা আৰু আধুনিক সমাজত নাৰীৰ মৰ্যাদা – ভাস্কৰ প্ৰিয়ম হাজৰিকা

Pc Anandabazar

নাৰী শক্তিৰূপা দেৱী দুৰ্গা আৰু আধুনিক সমাজত নাৰীৰ মৰ্যাদা

ভাস্কৰ প্ৰিয়ম হাজৰিকা
কৰচুং সত্ৰ,নগাঁও

ভাৰতীয় সংস্কৃতি আৰু হিন্দু ধৰ্মীয় পৰম্পৰাত শাৰদীয় দুৰ্গোৎসৱ এক অনন্য ধৰ্মীয়, সাংস্কৃতিক আৰু সামাজিক উৎসৱ। দেৱী দুৰ্গা শক্তি, সাহস, ন্যায় আৰু অশুভৰ বিনাশৰ সাৰ্বজনীন প্ৰতীক। পৌৰাণিক আখ্যান অনুসৰি, যেতিয়া মহিষাসুৰৰ অত্যাচাৰত স্বৰ্গ আৰু মৰ্ত্যলোকত অন্যায়-অবিচাৰে চূড়ান্ত ৰূপ ধাৰণ কৰিছিল, তেতিয়া দেৱতাসকলৰ সন্মিলিত শক্তিৰ পৰা আৱিৰ্ভাৱ হৈছিল মহাশক্তি দেৱী দুৰ্গাৰ। মহিষাসুৰক পৰাস্ত কৰি ন্যায় আৰু সত্যৰ প্ৰতিষ্ঠা কৰাই আছিল তেওঁৰ মূল উদ্দেশ্য।

দেৱী দুৰ্গাৰ এই মহিমা কেৱল ধৰ্মীয় বিশ্বাস আৰু পূজা-অৰ্চনাৰ মাজতে সীমাবদ্ধ নহয়। ইয়াৰ অন্তৰালত নিহিত হৈ আছে নাৰীশক্তিৰ জাগৰণ, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ আৰু আত্মমৰ্যাদা ৰক্ষাৰ এক চিৰন্তন বাৰ্তা। সেয়েহে, দুৰ্গোৎসৱ কেৱল দেৱীৰ বন্দনাৰ উৎসৱ নহয়, ই প্ৰতিগৰাকী নাৰীৰ অন্তৰত নিহিত হৈ থকা শক্তি, সাহসৰ প্ৰকাশ।

দেৱী দুৰ্গাৰ দহখন হাতত ধাৰণ কৰা বিভিন্ন অস্ত্ৰই তেওঁৰ অপৰিসীম শক্তি, বহুমুখী দক্ষতা আৰু অশুভৰ বিৰুদ্ধে সংগ্ৰামৰ প্ৰকাশ ঘটায়। তেওঁ একাধাৰে মাতৃ, সৃষ্টিৰ আধাৰ, সংৰক্ষক আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া এগৰাকী দুৰ্দম সাহসী যোদ্ধা। তেওঁৰ চৰিত্ৰই আমাক শিকায় যে কোমলতা আৰু শক্তি পৰস্পৰবিৰোধী নহয় বৰং প্ৰয়োজন অনুসৰি সহনশীলতা আৰু প্ৰতিবাদ দুয়োটাই এগৰাকী নাৰীৰ ব্যক্তিত্বৰ অবিচ্ছেদ্য অংশ।

এগৰাকী নাৰী কেৱল পৰিয়ালৰ যত্ন লোৱা এগৰাকী সদস্য নহয়। পুৰুষৰ লগতে সমানে তেওঁ জ্ঞানৰ স্ৰষ্টা, সমাজৰ নিৰ্মাতা, অৰ্থনীতিৰ চালিকাশক্তি আৰু ভৱিষ্যৎ প্ৰজন্মৰ পথপ্ৰদৰ্শক। নাৰীৰ অৱদান অবিহনে এখন সুস্থ, উন্নত আৰু মানৱীয় সমাজৰ কল্পনা কৰাটো অসম্ভৱ। সেয়েহে, দেৱী দুৰ্গাৰ বন্দনাৰ প্ৰকৃত তাৎপৰ্য হ’ল নাৰীৰ অন্তৰ্নিহিত শক্তি, প্ৰতিভা আৰু স্বতন্ত্ৰ সত্তাক সন্মান জনোৱা।

একবিংশ শতিকাৰ আধুনিক সমাজত নাৰীয়ে শিক্ষা, বিজ্ঞান-প্ৰযুক্তি, মহাকাশ গৱেষণা, চিকিৎসা, ৰাজনীতি, প্ৰশাসন, ক্ৰীড়া, সাহিত্য, উদ্যোগ আৰু ব্যৱসায়-বাণিজ্যৰ দৰে প্ৰায় প্ৰতিটো ক্ষেত্ৰতে নিজৰ যোগ্যতাৰ পৰিচয় দিছে। তেওঁলোকে প্ৰমাণ কৰিছে যে সুযোগ আৰু উপযুক্ত পৰিৱেশ লাভ কৰিলে নাৰীয়েও যিকোনো ক্ষেত্ৰত অসাধাৰণ সফলতা অৰ্জন কৰিব পাৰে আৰু তাৰে উদাহৰণো আছে। নাৰী কোনো ক্ষেত্ৰতে দূৰ্বল নহয়। আজিৰ নাৰীয়ে পৰিয়ালৰ দায়িত্ব পালন কৰাৰ লগতে কৰ্মক্ষেত্ৰতো নিজৰ দক্ষতা আৰু নেতৃত্বৰ পৰিচয় দিছে। বহু নাৰীয়ে আৰ্থিক স্বাৱলম্বিতাৰ জৰিয়তে নিজৰ পৰিয়ালক সহায় কৰাৰ লগতে সমাজৰ উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে তথাপিও বতৰ্মান সময়ত বিভিন্ন কাৰণত নাৰী অত‍্যাচাৰৰ সন্মুখীন হৈ আহিছে। যৌতুক প্ৰথা, ঘৰুৱা হিংসা, যৌন নিৰ্যাতন, বাল্যবিবাহ, কৰ্মক্ষেত্ৰত বৈষম্য, নাৰীৰ প্ৰতি অপমানজনক মনোভাব আৰু সামাজিক নিৰাপত্তাহীনতাই নাৰীৰ স্বাধীনতা তথা মৰ্যাদাক বাধাগ্ৰস্ত কৰি আহিছে।

এইখিনিতে প্ৰশ্ন হয় যিখন সমাজে দেৱী দুৰ্গাক ভক্তিৰে পূজা কৰে, সেই একেখন সমাজত নাৰী বাৰে বাৰে কিয় নিৰ্যাতিত হয়? বাৰে বাৰে কিয় এগৰাকী নাৰীয়ে নিৰাপত্তাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়?

নাৰীক কেৱল দেৱী, মাতৃ, ভগ্নী বা পত্নীৰ ৰূপত সন্মান জনালেই তেওঁৰ প্ৰতি আমাৰ দায়িত্ব শেষ নহয়। তেওঁ প্ৰথমে এগৰাকী স্বতন্ত্ৰ মানুহ, যাৰ নিজস্ব চিন্তা, অনুভূতি, ইচ্ছা, সপোন আৰু সিদ্ধান্ত গ্ৰহণ কৰা পুৰুষৰ লগতে সমান অধিকাৰ আছে।

এগৰাকী নাৰীয়ে নিজৰ জীৱনৰ পথ নিজে নিৰ্ধাৰণ কৰিব পাৰিব লাগিব। শিক্ষা গ্ৰহণ, পছন্দৰ বৃত্তি বাছনি, আৰ্থিকভাৱে স্বাৱলম্বী হোৱা, নিজৰ মতামত প্ৰকাশ কৰা আৰু নিৰাপদ পৰিৱেশত জীৱন যাপন কৰা তেওঁৰ মৌলিক অধিকাৰ। দেৱী দুৰ্গাৰ শক্তিৰ প্ৰকৃত আদৰ্শ হ’ল অন্যায়ৰ বিৰুদ্ধে নিৰ্ভীকভাৱে থিয় দিয়া। সেই আদৰ্শক বাস্তৱ জীৱনত প্ৰতিফলিত কৰিবলৈ নাৰীক নিজৰ অধিকাৰৰ প্ৰতি সচেতন কৰাৰ লগতে সমাজৰ প্ৰতিগৰাকী ব্যক্তিক নাৰীৰ স্বাধীনতা আৰু মৰ্যাদা ৰক্ষাৰ প্ৰতি দায়বদ্ধ কৰি তুলিব লাগিব।

দেৱী দুৰ্গাৰ আৰাধনা কেৱল আড়ম্বৰপূৰ্ণ পূজা-পাৰ্বণৰ মাজতে সীমাবদ্ধ থাকিব নালাগে। ইয়াৰ প্ৰকৃত সাৰ্থকতা নিহিত হৈ আছে ন্যায়, সাহস, সমতা আৰু মানৱীয় মৰ্যাদাৰ আদৰ্শক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰতিষ্ঠা কৰাৰ মাজত। যেতিয়ালৈকে এগৰাকী নাৰীয়ে ভয়, নিৰ্যাতন আৰু বৈষম্যৰ পৰা মুক্ত হৈ নিজৰ সপোন পূৰণ কৰাৰ অধিকাৰ নাপায়, তেতিয়ালৈকে নাৰীশক্তিৰ বন্দনা সম্পূৰ্ণ সাৰ্থক হ’ব নোৱাৰে।

এগৰাকী নাৰীৰে যেতিয়া সকলো সময়তে নিজকে নিৰাপদ অনুভৱ কৰিব আৰু এগৰাকী নাৰীৰে সমাজৰ প্ৰতিটো দিশতে মদৰ্য‍্যা পাব সেইদিনাহে দেৱী দুৰ্গাৰ আৰাধনাই প্ৰকৃত সাৰ্থকতা লাভ কৰিব।