যাত্ৰাৰ শেষ নাই
বনজিত দাস,ৰিহাবাৰী, বজালী
গৈ থকাটোৱে যাত্ৰা নহয়—
কেতিয়াবা সেয়া মাথোঁ
হেৰুৱাৰ নীৰৱ প্ৰস্তুতি।
পথ সলনি হ’লেই
মানুহে যাত্ৰা নকৰে,
কেতিয়াবা একে ঠাইতে ৰৈয়ো
মনৰ ভিতৰত বহু দূৰলৈ গুচি যায়।
গৈ থকাটো অকল যোৱা নহয়,
কেতিয়াবা সেয়া
এটি সম্পৰ্কৰ অন্তিম উশাহ,
এটি সপোনৰ নীৰৱ বিদায়,
আৰু নিজকে বিচাৰি
নিজৰ পৰাই আঁতৰি যোৱা।
আমি যে গৈয়ে থাকিম
যাত্ৰাৰ শেষ নাই !
