ৰক্তপলাশৰ ৰং
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
শীতৰ কুঁৱলী ফালি ওলোৱা ৰ’দজাকৰ দৰেই আছিল কৰবী। পঢ়া-শুনাত তাই যেনেকৈ মেধাৰ পৰিচয় দি সমগ্ৰ অঞ্চলটোৰ ভিতৰতে বি.এ. পৰীক্ষাত উজলিব পাৰিছিল, ঠিক তেনেকৈ মাক পদুমীৰ যতনত ঘৰুৱা কাম-কাজ, তাতশালৰ খোপ আৰু পাকঘৰৰ সুবাসতো তাই আছিল সমানেই পাকৈত। কিন্তু সমাজৰ চকু আছিল বেলেগ। কৰবীৰ গাৰ বৰণটো আছিল অলপ ক’লা— ঠিক বৰষুণৰ পিছৰ তিতা মাটিডৰাৰ দৰে এক গভীৰ বৰণ। সেই এধানিমান ক’লা বৰণটোৱেই যেন তাইৰ সমস্ত গুণক ঢাকি ৰাখিবলৈ সমাজৰ বাবে যথেষ্ট আছিল।
দেউতাক প্ৰফুল্ল বৰুৱা আছিল বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত বৰবাবু। অফিচৰ পুৰণি ফাইলৰ দৰেই তেওঁৰ মনটোও চৰকাৰী মৰ্যাদা আৰু পদবীৰ অহংকাৰেৰে বান্ধ খাই আছিল। একমাত্ৰ জীয়ৰীৰ বাবে তেওঁ চহৰৰ এজন টাই-কলাৰ পিন্ধা চাকৰিয়াল দৰা বিচাৰি ব্যাকুল হৈ পৰিছিল। কিন্তু যিয়েই আহে, কৰবীৰ গুণৰ খবৰ লোৱাৰ আগতেই তাইৰ গাৰ ক’লা বৰণটো চাই নাক কোঁচাই গুচি যায়। বৰবাবুৰ মন লাহে লাহে হতাশাত গধুৰ হৈ পৰিল।
ঠিক সেই একেখন গাঁৱৰে আন এটা মূৰত আছিল দৰ্পণ। উচ্চশিক্ষাৰ ডিগ্ৰীটো সামৰি সি কোনো চহৰীয়া অফিচৰ কেৰাণী হোৱাৰ সপোন দেখা নাছিল। সি বাচি লৈছিল নিজৰ পৈতৃক সোণগুটি ফুলা মাটিডৰা। বৈজ্ঞানিক পদ্ধতিৰে কৰা তাৰ সেউজীয়া খেতিখনে অঞ্চলটোত এক নতুন জোৱাৰ আনিছিল। সৰুতেই মাকক হেৰুওৱা দৰ্পণৰ ঘৰত দেউতাকৰ বাহিৰে কোনো নাছিল। দৰ্পণে কৰবীক দেখা পাইছিল গাঁৱৰ পুথিভঁৰালত, নামঘৰৰ চোতালত। তাইৰ চকুৰ গভীৰতা আৰু শান্ত স্বভাৱটোৱে দৰ্পণৰ মন চুই গৈছিল। সি তাইৰ গাৰ বৰণত নহয়, আত্মাৰ পবিত্ৰতাত হে হেৰাই গৈছিল। কৰবীয়েও অজানিতে দৰ্পণৰ সেই পৰিশ্ৰমী আৰু উদাৰ ব্যক্তিত্বক মনৰ একোণত স্থান দি থৈছিল।
এদিন পুতেকৰ মনৰ বতৰা পাই দৰ্পণৰ সৰল খেতিয়ক দেউতাকে কমল কলিতাই বিয়াৰ প্ৰস্তাৱটো লৈ প্ৰফুল্ল বৰুৱাৰ ড্ৰয়িং ৰূমত বহিছিল। কিন্তু বৰবাবুৰ মনৰ ভিতৰৰ অৱসৰপ্ৰাপ্ত আমোলাজন জাগি উঠিল। চাহৰ কাপটো টেবুলত থৈ তেওঁ গহীনাই ক’লে, “কলিতা , আপোনাৰ ল’ৰা ভাল হ’ব পাৰে, কিন্তু মই এজন চৰকাৰী বৰবাবু আছিলোঁ। মোৰ শিক্ষিতা ছোৱালীজনীক মই এজন খেতিয়কৰ হাতত তুলি দি সমাজত মুখ দেখুৱাব নোৱাৰীম।” দৰ্পণৰ দেউতাকে নিৰৱে এটা হুমুনিয়াহ কাঢ়ি বিদায় ল’লে।
দেউতাকৰ এই প্ৰত্যাখ্যানে কৰবীৰ বুকুত এক নীৰৱ ধুমুহাৰ সৃষ্টি কৰিলে। সমাজৰ এই ৰূপ সৰ্বস্ব মানসিকতা আৰু দেউতাকৰ অন্ধ অহংকাৰ তাই সহ্য কৰিব নোৱাৰিলে। মনৰ ভিতৰতে ভাঙি পৰা কৰবীক অৱশেষত এক নেৰানেপেৰা টান জ্বৰে আক্ৰান্ত কৰিলে। দিনৰ পিছত দিন গ’ল, গাঁৱৰ ডাক্তৰৰ ঔষধ বিফল হ’ল। কৰবীৰ দেহা লাহে লাহে শেঁতা পৰি বিছনাৰ সৈতে মিলি যোৱাৰ উপক্ৰম হ’ল। জীয়ৰীৰ এই মৰণসদৃশ অৱস্থা দেখি প্ৰফুল্ল বৰুৱা হিতাহিত জ্ঞান হেৰুৱাই পেলালে। চহৰৰ হস্পিতাললৈ নিবলৈ গাড়ী এখনৰ বাবে তেওঁ যেতিয়া চোতালত বহি চকুলো টুকিছিল, ঠিক তেনেতে ধূলি উৰুৱাই এখন টেক্সী লৈ বৰুৱাৰ চোতালত হাজিৰ হ’লহি দৰ্পণ। পুৰণি অপমানক মৰমৰ জোৰেৰে নেওচি সি কৰবীক চহৰৰ ডাঙৰ হস্পিতাললৈ লৈ গ’ল।
হস্পিতালৰ নিৰ্জমজাত ডাক্তৰে জনালে— কৰবীৰ শৰীৰত তেজ নাই জৰুৰীভাৱে ‘বি-পজিটিভ’ তেজৰ প্ৰয়োজন। ব্লাড বেংক সেই গ্ৰুপ ৰ তেজ নাই। প্ৰফুল্ল বৰুৱাৰ ভৰিৰ তলৰ মাটি খহি পৰিল। ঠিক তেনেতে দৰ্পণে নিজৰ বহল হাতখন আগবঢ়াই দিলে, “খুৰা, মোৰ তেজৰ গ্ৰুপো একেই। মই কৰবীক তেজ দিম।” হাস্পতালৰ সেই হুমুনিয়াহভৰা দীঘলীয়া দিনকেইটাত দৰ্পণে নিজৰ ঘৰ-খেতি সকলো পাহৰি দিনে-নিশাই উজাগৰে কটালে। লঘোণে-ভোগোণে থকা বৰবাবুক সি এজন নিজৰ সন্তানৰ দৰে আলপৈচান ধৰিলে।
দৰ্পণৰ শৰীৰৰ পৰা বৈ যোৱা ৰঙা তেজে যেতিয়া কৰবীৰ শৰীৰত প্ৰাণৰ সঞ্চাৰ কৰিলে, তেতিয়া প্ৰফুল্ল বৰুৱাৰ চকুৰ আগৰ পৰাও অহংকাৰৰ ক’লা পৰ্দাখন সোলকি পৰিল। তেওঁ বুজি পালে যে যি চৰকাৰী চাকৰি আৰু ভুৱা সামাজিক মৰ্যাদাৰ পিছত তেওঁ দৌৰিছিল, বিপদৰ সময়ত সেইবোৰে তেওঁক তেজ দিবলৈ অহা নাছিল। আহিছিল কেৱল এজন সৰল, মাটিৰ মানুহ— যাৰ ধমনীত বৈ থকা তেজে আজি তেওঁৰ জীৱনৰ একমাত্ৰ প্ৰদীপ গছিক খেতিয়কৰ দৰেই পবিত্ৰ কৰি তুলিলে।
এসপ্তাহৰ পিছত কৰবী ঘৰলৈ উভতি আহিল। ঘৰৰ চোতালত ভৰি দিয়াৰ পিছতে প্ৰফুল্ল বৰুৱাই দৰ্পণৰ হাতখন দুহাতেৰে খামুচি ধৰিলে। তেওঁৰ চকুৰ পৰা বৈ অহা চকুলোৰে দৰ্পণৰ খহটা হাত দুখন তিতি গ’ল। বৰুৱাই আৱেগিক হৈ ক’লে, “দৰ্পণ, মোক ক্ষমা কৰি দিবা বোপা। মই চহৰীয়া বতাহত অন্ধ হৈ প্ৰকৃত মানুহ চিনি পোৱাত ভুল কৰিছিলোঁ। তুমি মোৰ ছোৱালীজনীক কেৱল তেজেৰেই নহয়, নিজৰ পবিত্ৰ মৰমেৰে নতুন জীৱন দিলা। মোৰ কৰবীক মই তোমাৰ দৰে এজন সুপুৰুষৰ হাতত তুলি দিবলৈ পালে ধন্য হ’ম।”
চোতালৰ এচুকত থিয় হৈ থকা মাক পদুমীৰ ওঁঠত তেতিয়া স্বস্তিৰ হাঁহি। কৰবীৰ শেঁতা পৰি যোৱা মুখখনত লাজ আৰু আনন্দৰ এক নতুন ৰক্তপলাশৰ ৰং বিৰিঙি উঠিল। দৰ্পণে সৰলতাৰে বৰবাবুক সাবটি ধৰিলে। শীতৰ সেই কুঁৱলী ফালি অহা আবেলিটোত দুয়োখন ঘৰৰ মিলনৰ এক নতুন সুৰ বাজি উঠিল।
