কোলাহলৰ জিলিকনি বনাম নীৰৱ সাধনা: আধুনিক সমাজৰ এক নৈতিক সংকট – শচীন্দ্ৰ কুমাৰ দাস

Pc Unsplash

কোলাহলৰ জিলিকনি বনাম নীৰৱ সাধনা: আধুনিক সমাজৰ এক নৈতিক সংকট

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

কীৰ্তিৰ্যস্য স জীৱতি— অৰ্থাৎ যাৰ কৰ্মৰ কীৰ্তি জীয়াই থাকে, তেৱেঁই প্ৰকৃততে জীয়াই থাকে। কিন্তু একবিংশ শতিকাৰ এই আধুনিক যান্ত্ৰিক পৃথিৱীখনৰ বুকুলৈ চালে প্ৰাচীন মনীষীসকলৰ এই চিৰন্তন আপ্তবাক্যটো যেন ক্ৰমান্বয়ে ধোঁৱাকোৱা হৈ পৰা দেখা যায়। বৰ্তমান সময়ত এজন মানুহৰ আত্মিক যোগ্যতা, গভীৰ জ্ঞান আৰু সমাজৰ প্ৰতি থকা নিঃস্বাৰ্থ দায়বদ্ধতাতকৈ তেওঁৰ আৰ্থিক প্ৰতিপত্তি আৰু ক্ষমতাৰ জোখতহে সমাজৰ এক বুজন সংখ্যকে তেওঁৰ মূল্যায়ন কৰিবলৈ আৰম্ভ কৰিছে। ই আমাৰ সামগ্ৰিক সামাজিক মূল্যবোধৰ এক ভয়াৱহ আৰু গভীৰ নৈতিক সংকটৰ সংকেত বহন কৰিছে, যি সঁচাকৈয়ে বিবেকবান প্ৰতিজন মানুহৰ বাবে অতি বেদনাদায়ক।

আজিকালিৰ এই প্ৰচাৰ সৰ্বস্ব আৰু বজাৰকেন্দ্ৰিক সমাজব্যৱস্থাত ধন-বল আৰু সাময়িক ক্ষমতা থকা একাংশ লোকে অতি কম সময়ৰ ভিতৰতে সস্তীয়া জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰা দেখিবলৈ পোৱা যায়। যাৰ ওচৰত অফুৰন্ত অৰ্থবল আছে, তেওঁলোকে আধুনিক জনসংযোগ মাধ্যম বা ছচিয়েল মিডিয়াৰ কৃত্ৰিম পোহৰ ব্যৱহাৰ কৰি নিজৰ অতি নগণ্য কামকো এক বৃহৎ ঐতিহাসিক অৱদান হিচাপে সমাজৰ আগত সজাই-পৰাই দাঙি ধৰে। আনকি বিভিন্ন নামী-বেনামী অনুষ্ঠান বা সংগঠনৰ পৰা ধনৰ বিনিময়ত ডাঙৰ ডাঙৰ সন্মান আৰু সমাজৰ উচ্চ বাব বা পদবী কিনি নিজৰ বুকুত ‘যোগ্যতা’ৰ ভুৱা তক্‌মা আঁৰি লোৱাৰ এক কুৎসিত প্ৰতিযোগিতাও আমাৰ চকুৰ আগতেই চলিছে। টকাৰ এই ঝংকাৰে সমাজৰ বিবেকক যেন এক গভীৰ টোপনিৰ মাজলৈ ঠেলি দিছে।

ইয়াৰ বিপৰীতে, যিসকল প্ৰকৃত সাধকে দিন-ৰাতি একাকাৰ কৰি নাম-যশৰ আশা নকৰি, কেৱল নিজৰ অন্তৰৰ তাগিদাত নীৰৱে ঘাম পেলায়, ধন-সম্পত্তি বা ক্ষন্তেকীয়া মোহত ভোল নগৈ সমাজৰ মঙ্গলৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি যায়, তেওঁলোক প্ৰায়ে সমাজৰ চকুত আজীৱন অৱহেলিত হৈয়েই ৰৈ যায়। বহু সময়ত দেখা যায় যে এই প্ৰকৃত সমাজকৰ্মী, সৎ শ্ৰমিক বা জ্ঞানী ব্যক্তিসকল বৰ বেছি মুখচহকী নহয়। তেওঁলোকৰ কথা কোৱাৰ শৈলী হয়তো বৰ বেছি আকৰ্ষণীয় নহয়, আনকি জনতাৰ আগত কিবা কওঁতে তেওঁলোকৰ কণ্ঠ কঁপিব পাৰে বা মুখত থোটোৰা লাগিব পাৰে, কিন্তু তেওঁলোকৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু হৃদয়খন পবিত্ৰ হয়। দুৰ্ভাগ্যবশতঃ চতুৰালি আৰু ভণ্ডামিক আদৰি লোৱা আধুনিক সমাজে তেওঁলোকৰ জীয়াই থকা অৱস্থাত কোনো উচিত মূল্যায়ন নকৰে। তেওঁলোকৰ কৰ্মৰ প্ৰকৃত স্বীকাৰোক্তি সমাজলৈ তেতিয়াহে আহে, যেতিয়া তেওঁলোক ধৰাতলৰ পৰা চিৰবিদায় লৈ মৰণোত্তৰ ইতিহাসৰ নিস্তব্ধ পাতত বিলীন হৈ যায়। এয়া সমাজৰ বাবে এক চৰম লজ্জাজনক সত্য।

প্ৰশ্ন হয়, কোনো প্ৰকৃত যোগ্যতা নোহোৱাকৈ কেৱল ধনৰ বিনিময়ত পোৱা এনে কৃত্ৰিম সন্মান বা উচ্চ পদবীৰ বাস্তৱিক জীৱনত সঁচাকৈয়ে কিবা মূল্য আছে নে? গভীৰভাৱে অনুধাৱন কৰিলে হৃদয়ৰ কোণে কোণে অনুভৱ হয় যে ইয়াৰ বাস্তৱিক মূল্য আচলতে শূন্য। এই ক্ৰয় কৰা সন্মান আৰু সামাজিক পদবীৰ কেৱল এটা সাময়িক ভ্ৰম আৰু ক্ষণস্থায়ী আৱৰণ মাথোঁ। ই আচলতে মানুহজনলৈ জনোৱা সন্মান নহয়, ই কেৱল তেওঁ ক্ষন্তেকৰ বাবে আৰোহণ কৰা চকীখন বা ক্ষমতাটোক কৰা চাটুকাৰিতা। টকা দি সন্মান বা সস্তীয়া জনপ্ৰিয়তা কিনা ব্যক্তিয়ে বাহিৰত যিমানেই আত্মপ্ৰদৰ্শন নকৰক কিয়, তেওঁ কেতিয়াও অন্তৰৰ পৰা এক অনাবিল মানসিক শান্তি আৰু প্ৰকৃত আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰে। ক্ষমতা বা অৰ্থৰ প্ৰতিপত্তি হেৰুওৱাৰ লগে লগে তেওঁলোকৰ এই মিছা মুখাখন খহি পৰে আৰু সমাজৰ নিষ্ঠুৰ সোঁতে তেওঁলোকক ইতিহাসৰ আৱৰ্জনালৈ দলিয়াই দিয়ে।

প্ৰকৃততে এখন সুস্থ সমাজক ভিতৰৰ পৰা ধৰি ৰাখে সৎ শ্ৰমিক, নিষ্ঠাবান শিল্পী, আদৰ্শ খেতিয়ক আৰু প্ৰতিভাশালী খেলুৱৈসকল বা সমাজৰ প্ৰগতিৰ লগত জড়িত লোকসকল । যিজন খেতিয়কে হাড়ভাঙা পৰিশ্ৰমেৰে ৰ’দ-বৰষুণ কাতি কৰি সমগ্ৰ দেশৰ বাবে অন্ন উৎপাদন কৰিছে, তেওঁতকৈ ডাঙৰ দেশপ্ৰেমিক বা সমাজকৰ্মী আন কোন হ’ব পাৰে? যিজন ক্ৰীড়াবিদ বা শিল্পীয়ে নিজৰ উশাহ-নিশাহ একাকাৰ কৰি নিজৰ সাধনাৰে দেশৰ নাম বিশ্ব দৰবাৰত জিলিকাইছে, তেওঁলোকহে সমাজৰ আটাইতকৈ ওপৰৰ আসনখনত বহিবলৈ যোগ্য। তেওঁলোকৰ উশাহত সমাজখনে প্ৰাণ পায়, তেওঁলোকৰ ঘামত আমাৰ কপালৰ ৰেখা সলনি হয়।

ধনৰ বিনিময়ত সন্মান আৰু বাব বিক্ৰী-ক্ৰয় কৰাৰ এই অসুস্থ মানসিকতাই বৰ্তমান সমাজৰ সমগ্ৰ ভেটিটোকে ফোঁপোলা কৰি তুলিছে। ইয়াৰ ফলত উঠি অহা নতুন প্ৰজন্মৰ মনলৈ এক অতি ভয়াৱহ আৰু ভুল বাৰ্তা প্ৰসাৰিত হৈছে, যিয়ে সমাজত অপৰাধপ্ৰৱণতা আৰু দুৰ্নীতিৰ জন্ম দিছে। কিন্তু অন্ধকাৰ যিমানেই গভীৰ নহওক কিয়, পোহৰৰ এটা সৰু ৰেখাই তাক দূৰ কৰিব পাৰে। সাম্প্ৰতিক সময়ত সমাজত এক নতুন আশাৰ সঞ্চাৰ হোৱা দেখা গৈছে। আজিৰ নতুন প্ৰজন্ম আৰু সচেতন সমাজখনে লাহে লাহে ভুৱা জিলিকনি আৰু প্ৰকৃত সাধনাৰ মাজৰ প্ৰভেদটো বুজি উঠিছে। ছচিয়েল মিডিয়াৰ সঠিক ব্যৱহাৰ আৰু জনসাধাৰণৰ সজাগতাৰ বাবে এতিয়া গাঁৱে-ভূঁয়ে চকুৰ আঁতৰত থকা প্ৰকৃত হীৰাসকল লাহে লাহে পোহৰলৈ আহিবলৈ ধৰিছে। সমাজৰ তৃণমূল পৰ্যায়ত নীৰৱে কাম কৰি থকা বহু আদৰ্শ খেতিয়ক, সমাজকৰ্মী বা শিল্পীক আজিকালি তেওঁলোকৰ জীৱিত অৱস্থাতেই ৰাষ্ট্ৰীয় পৰ্যায়ত বিচাৰি উলিয়াই সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰা হৈছে।

প্ৰকৃত কৰ্মই কেতিয়াও কাৰো ওচৰত পৰিচয় ভিক্ষা নিবিচাৰে, বৰঞ্চ কালৰ সোঁতত অম্লান পৰিচয়েহে প্ৰকৃত কৰ্মক বিচাৰি আহে। ইতিহাসেই ইয়াৰ প্ৰমাণ যে পৃথিৱীৰ বুকুত থকা ক্ষমতাশালী আৰু ধনী ভণ্ডবোৰৰ নাম সময়ৰ নিষ্ঠুৰ হাতোৰাই মচি পেলাইছে, কিন্তু নিঃস্বাৰ্থভাৱে সমাজক পোহৰাই থৈ যোৱা মানুহবোৰ সদায় মানুহৰ হৃদয়ৰ মণিকোঠাত অমৰ হৈ ৰৈছে। এই পৰিৱৰ্তনৰ সোঁতে অনাগত দিনত আমাৰ সমাজখনক আৰু অধিক সুস্থ, সুন্দৰ আৰু মূল্যবোধসম্পন্ন কৰি তুলিব, য’ত প্ৰতিভা আৰু সাধনাক ধনেৰে জুখিব পৰা নাযাব, বৰঞ্চ প্ৰতিগৰাকী প্ৰকৃত কৰ্মীয়ে তেওঁলোকৰ জীৱিত অৱস্থাতেই লাভ কৰিব উচিত মৰ্যাদা আৰু শ্ৰদ্ধাৰ আসন। সেইদিনা আমাৰ সমাজে প্ৰকৃত অৰ্থত এক নতুন প্ৰভাতৰ মুখ দেখিব।