বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ তীব্ৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যুৎ মাচুল বৃদ্ধি বিৰুদ্ধে শনিবাৰে সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰ আৰু শক্তি বিভাগৰ এই জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰি আছুৰ আহ্বান মৰ্মে ৰাজ্যৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে । আছু কৰ্মীসকলে ৰাজ্যজুৰি শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটীৰ শ্বহীদ ন্যাসৰ সন্মুখত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ৰাজপথলৈ ওলাই আহি “অসম চৰকাৰ হায় হায়”, “শক্তি মন্ত্ৰী হায় হায়” আদি শ্ল’গানেৰে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ গুৱাহাটী ছাত্ৰ সন্থাই শক্তি বিভাগক শীঘ্ৰে এই বর্ধিত মাচুল প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক চৰম সকীয়নি প্ৰদান কৰে ।এই প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব দি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি কমল মহন্তই সংবাদ মাধ্যমৰ সন্মুখত চৰকাৰৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, “আমি চৰকাৰক স্পষ্টকৈ সকীয়াই দিব বিচাৰিছোঁ যে এইদৰে বাৰম্বাৰ ৰাইজৰ মূৰত ৰাম টাঙোন শোধালে নহ’ব । বিদ্যুতৰ মাচুল অনতিপলমে হ্ৰাস কৰিবই লাগিব । যিসময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে সৰ্বসাধাৰণ ৰাইজে ভালদৰে থিয় হ’ব পৰা নাই, তেনে সময়ত পুনৰ বিদ্যুতৰ মাচুল বৃদ্ধি কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য ।” আছুৰ সভাপতি উৎপল শর্মাই এই সন্দর্ভত কয় যে স্মার্ট মিটাৰ সংযোজনৰ নামত আচলতে অসমৰ প্ৰতিটো পৰিয়ালৰ ঘৰত স্মার্ট ডকাইত এটা জাপি দিয়া হৈছে। শেহতীয়াকৈ প্রলয়ংকৰী বানে তিনিওখন জিলাৰ মানুহক যথেষ্ট ক্ষতি কৰিছে। মানুহৰ পৰা আৰম্ভ কৰি পশুধনলৈকে যথেষ্ট ক্ষতি হৈছে। আর্থিক সংকটৰ পৰা এতিয়াও মানুহ মুক্ত হোৱা নাই। এনে প্রেক্ষাপটত বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলৈ শক্তি বিভাগে লোৱা সিদ্ধান্ত অমানবীয়-জনস্বার্থ পৰিপন্থী। নিতৌ খাদ্য সামগ্রীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈ থকাৰ সময়ত চৰকাৰৰ এই সিদ্ধান্তই জনতাক পুনৰ ৰামটাঙোন শোধাব। এই জনবিৰোধী সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰিবই লাগিব। বর্ধিত মাচুল হ্রাস কৰিবই লাগিব।
