বিজ্ঞাপন – মিতালি বৰঠাকুৰ

Pc StockCake

বিজ্ঞাপন 

মিতালি বৰঠাকুৰ
মালিগাওঁ, আদৰ্শ কলনী,গুৱাহাটী 

যান্ত্ৰিক পৃথিৱী
যান্ত্ৰিক মানুহ তুমি , মই , সকলো
অনুভূতি বোৰ দুৰ্লভ
হাঁহিবোৰ নগৰৰ উচ্চ উচ্চ হৰ্ডিঙত ওলমি ৰ’ল

বিজ্ঞাপন
আমাৰ  ওঁঠৰ হাঁহিবোৰ এতিয়া বিজ্ঞাপন হ’ল
ৰঙীন বিজ্ঞাপন  – –
হৃদয় খন ফোপোলা
শূণ্য

দৃষ্টি প্ৰখৰ
প্ৰতিজন বাটৰুৱাৰ
ৰৈ যায়
হৰ্ডিংত ওলমি থকা সুখৰ হাঁহিবোৰত
নিজৰ অজ্ঞাতে  নিজকো ওলোমাই দিয়ে
চহৰৰ সেই ডাঙৰ ডাঙৰ হৰ্ডিংবোৰত

সুখৰ  বিজ্ঞাপন
চকুপানীৰ আঁৰত
হাঁহিবোৰ ওলমি ৰওঁক
আমিও হৈ পৰো এটি এটি সুখৰ  বিজ্ঞাপন – –