শৰৎ কোন ফালে আহে – বনজিত দাস

শৰৎ কোন ফালে আহে

বনজিত দাস,ৰিহাবাৰী, বজালী

শৰৎ কোন ফালে নামে
শুকুলা মেঘৰ আঁৰে আঁৰে
গাভৰুৰ আঁচল টানি
শীতল বতাহে য’ত আমনি কৰে  ।

নৈৰ পাৰৰ কহুৱা নাচোনত
পুলকিত মন
তাতে নেকি শৰৎ নামে
ৰিক্ত শৰালি জাকে জাকে উৰে
মুক্ত আকাশত ঠোঁটত গুজি
কাৰ বাতৰি নিয়ে ।

দূৰণিত শুভ্ৰ বসন আঁৰি
কাক নো সাৱটে
স্বপ্নাতুৰ পৰসত চুমা আঁকে
সেউজ পথাৰৰ ভাজে ভাজে
মুকুতা মণি টোপালে উচুপি কান্দে
মায়াজালৰ ৰাগিনী তুলি
উলাহতে সমীৰণে কথা পাতে
শৰৎ কোন ফালে নামে ।

মৌনতা নে দুচকুত হেৰোৱা
তন্দ্ৰা ভৰা উদাশ ৰাতি
শেতেলীত পৰি কোনে নিদ্ৰা ভাঙে
টুপ্ টুপ্ সৰে নিজানত কোনে বাৰু মাতে
জোন গলা ৰাত্ৰি জগাই
তিতা দুবৰিৰ দলিচাত সুৱাগ চৰে
মন উচাতন শেৱালি তৰা ফুলৰ
চানেকি ৰৈ ৰৈ চাই জুমি
এইবাটে শৰৎ আহিল বুলি ।