আটকৰ ২৪ ঘণ্টাৰ ভিতৰতে হাজিৰ কৰাব লাগিব ন্যায়ালয়ত
ৰঙিলী বাৰ্ত্তাসেৱা- আৰক্ষীয়ে কোনো ব্যক্তিক এটা সময়ত আটক কৰি আন এটা সময়ত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ দেখুৱালেও ২৪ ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰোৱাৰ সাংবিধানিক সময়সীমা আটক কৰাৰ মুহূৰ্তৰ পৰাই গণনা কৰা হ’ব। অন্যথা মুকলি কৰি দিব লাগিব ধৃত ব্যক্তিগৰাকীক। বৃহস্পতিবাৰে এটা গোচৰৰ শুনানিত এই ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে। লগতে শীর্ষ ন্যায়ালয়খনে জনায় যে যিসময়ত সংশ্লিষ্ট ব্যক্তিগৰাকীক আটক কৰা হ’ব সেই সময়ৰ পৰা ২৪ ঘণ্টাৰ হিচাপ কৰিব লাগিব। যিটো সময়ত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি দেখুওৱা হৈছে সেই সময়ৰ পৰা হিচাপ কৰিলে নহ’ব। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ অতুল এছ চন্দুৰকৰৰ বিচাৰপীঠে জনায় যে ২৪ ঘণ্টাৰ ভিতৰত ধৃত ব্যক্তিগৰাকীক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাবই লাগিব। নহ’লে সেই ব্যক্তিগৰাকীক নিজৰ জিম্মাত ৰাখিব নোৱাৰিব আৰক্ষীয়ে। উল্লেখ্য যে সংবিধানৰ অনুচ্ছেদ ২২ (২)ত কোৱা হৈছে যে আটক ব্যক্তিগৰাকীক ২৪ ঘণ্টাৰ ভিতৰত ন্যায়ালয় বা দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাব লাগিব। শীর্ষ ন্যায়ালয়খনে বৃহস্পতিবাৰে জনায় যে সংবিধানত যি কোৱা হৈছে তাৰ বাহিৰে আটক বা গ্ৰেপ্তাৰক লৈ কোনো কৃত্রিম ব্যাখ্যা দিয়াটো নচলিব। ২৪ ঘণ্টাৰ ভিতৰত ধৃত ব্যক্তিগৰাকীক ন্যায়ালয়ত হাজিৰ কৰা নহ’লে সেয়া সাংবিধানিক পদ্ধতিৰ বিৰুদ্ধাচৰণ বুলি গণ্য কৰে উচ্চতম ন্যায়ালয়ে। কিন্তু ২৪ ঘণ্টাৰ হিচাপৰ ক্ষেত্ৰত আটক কৰা স্থলৰ পৰা দণ্ডাধীশৰ ন্যায়ালয়লৈ আহি পোৱাৰ বাবে প্রয়োজনীয় যাত্ৰাৰ সময়ছোৱাক বাদ দিব লাগিব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ যে ২৪ ঘণ্টাৰ ভিতৰতে ধৃত ব্যক্তিগৰাকীক হাজিৰ কৰোৱা হৈছে নে নাই, তাৰিখ আৰু সময় চালিজাৰি চোৱা হৈছে নে নাই তাক নিৰীক্ষণ কৰিব লাগিব দণ্ডাধীশগৰাকীয়ে। উচ্চতম ন্যায়ালয়ে কৈছে যে আটক ব্যক্তিগৰাকীক হাজিৰ কৰাৰ সময়ত তেওঁৰ স্বাধীনতা খর্ব হোৱাৰ প্ৰকৃত তাৰিখ আৰু সময় নথিভুক্ত কৰিব লাগিব দণ্ডাধীশে। তাৰ পিছত ২৪ ঘণ্টাৰ নিয়ম মনা হৈছে নে নাই তাক চালিজাৰি চাব লাগিব। ২৪ ঘণ্টাৰ নিয়ম ভাঙিলে সংশ্লিষ্ট ব্যক্তিক অবিলম্বে মুকলি কৰি দিব লাগিব। আকৌ ২৪ ঘণ্টাৰ ভিতৰত হাজিৰ কৰোৱা হ’লেও আটক কৰি ৰখাৰ সময় পৰিস্থিতিৰ তুলনাত অযুক্তিকৰভাৱে দীঘলীয়া হ’লে মেজিষ্ট্ৰেট ৰিমাণ্ডৰ আবেদন খাৰিজ কৰিব পাৰিব। সুজিত দাস বনাম ইউনিয়ন অৱ ইণ্ডিয়া গোচৰত এই ৰায় দিয়ে শীর্ষ ন্যায়ালয়খনে। ড্ৰাগছৰ গোচৰত চাৰিজন অভিযুক্তক ২০২৫ চনৰ ২৯ ছেপ্টেম্বৰৰ দুপৰীয়া ২ বজাত আটক কৰা হৈছিল। কিন্তু আনুষ্ঠানিক গ্ৰেপ্তাৰ দেখুওৱা হয় পিছদিনা পুৱা ১১ বজাত। দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয় ৩০ ছেপ্টেম্বৰৰ বিয়লি ৪.৪৫ বজাত। উচ্চতম ন্যায়ালয়ে এই আটকক অসাংবিধানিক বুলি চাৰিওজনকে অবিলম্বে মুক্তিৰ নিৰ্দেশ দিয়ে।
