সুধাকণ্ঠৰ গীতত গণ-চেতনা – দৰ্শনা দত্ত 

pc India Today

সুধাকণ্ঠৰ গীতত গণ-চেতনা

দৰ্শনা দত্ত
দেৰগাঁও, গোলাঘাট

সংগীত কেৱল আত্মবিনোদন বা মনোৰঞ্জনৰ মাধ্যমেই নহয়— ই সমাজ পৰিৱৰ্তন আৰু গণ-চেতনাৰ এক শক্তিশালী অস্ত্ৰ। এই শাশ্বত সত্যকে নিজৰ কালজয়ী সৃষ্টিৰ জৰিয়তে প্ৰমাণ কৰি থৈ গৈছে অসমৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই। তেওঁৰ প্ৰায়বোৰ গীতেই আছিল আছিল নিপীড়িত জনতাক নিজৰ অধিকাৰৰ হকে মাত মাতিবলৈ দিয়া এক উদাত্ত আহ্বান, সমাজ সংস্কাৰৰ বাবে জৰাজীৰ্ণ চিন্তাধাৰাৰ প্ৰাচীৰ ভাঙি মানুহৰ মনৰ কলুষিতা ধুই নিকা কৰাৰ প্ৰয়াস আৰু ভগ্নপ্ৰায় সমাজখনক ৰক্ষা কৰিবলৈ সকলোকে আগবাঢ়ি আহিবলৈ জনোৱা এক সতেজ অনুৰোধ। সেই উদ্দেশ্যৰেই সাধাৰণ, শোষিত আৰু বঞ্চিত শ্ৰমিক শ্ৰেণীৰ মাজত জাগৰণৰ বীজ সিঁচিবলৈ তথা সমাজখনক  শান্তি, সমতা, একতা আৰু মানৱতাৰ নতুন পোহৰেৰে আলোকিত কৰিবলৈ তেওঁ নিজৰ কলম, কণ্ঠ আৰু সুৰক সাৰথি কৰি লৈছিল। ড° হাজৰিকাৰ গীতত ফুটি উঠা গণ-জাগৰণৰ স্বৰূপটোৱেই আছিল তেওঁৰ শিল্পীসত্তাৰ অন্যতম এটি উজ্জ্বল দিশ। সামন্তবাদী সমাজব্যৱস্থাৰ শোষণৰ বিৰুদ্ধে তেওঁ হাতত তুলি লৈছিল বিপ্লৱৰ সুৰ। শিল্পীগৰাকীৰ তেনে এটা গীতৰ উদাহৰণ হ’ল —

“দোলা হে’ দোলা হেʼ দোলা হে’ দোলা
একা-বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ
বৰ বৰ মানুহৰ দোলা।
হেʼদোলা…
আপোন কৰিলোঁ বনুৱাৰ জীৱনক
দেহা ভাগৰাই তোলা, হেʼ তোলা…।”

এই কালজয়ী গীতটোৰ জৰিয়তে তেওঁ দোলা কঢ়িওৱা মানুহবোৰৰ তথা সমাজৰ আটাইতকৈ নিম্ন স্তৰৰ শ্ৰমিকসকলৰ শোষণ আৰু অন্তৰ্দাহ ফুটাই তুলিছে। যিসকলে সমাজৰ উচ্চ শ্ৰেণীক কান্ধত তুলি লৈ ফুৰে অথচ নিজে সদায় লঘোণ, অভাৱ আৰু অন্ধকাৰত থাকে, তেওঁলোকৰ অধিকাৰৰ কথা ইয়াত তীক্ষ্ণভাৱে উত্থাপন কৰা হৈছে। গীতটিৰ প্ৰতিটো শব্দই সমাজৰ পুঁজিবাদী চৰিত্ৰ আৰু পৰিশ্ৰমী জনতাৰ কৰুণ বাস্তৱক উদঙাই দেখুৱায়। সুধাকণ্ঠই ইয়াত অতি সাৰ্থকভাৱে ‘দোলা’ক শোষণৰ এক প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। ‘বৰ বৰ মানুহৰ দোলা’ কঢ়িয়াই লৈ যোৱা খাটি-খোৱা মানুহবোৰৰ কান্ধৰ তেজেৰে চহকী শ্ৰেণীৰ বিলাসিতা নিৰ্মাণ হয়। দোলাৰ ভিতৰত থকা ‘চহকী পাটৰ পাগ’ আৰু ‘শুকুলা চোঁৱৰ’ৰ বিপৰীতে দোলাভাৰীৰ নিজৰ পুত্ৰৰ কাপোৰহীনতা— “মোৰহে লৰাটিক এইবাৰ বিহুতে নিদিলোঁ সূতাৰে চোলা।” এই বৈপৰীত্যই শ্ৰোতাৰ বুকুত এক তীব্ৰ কঁপনিৰ সৃষ্টি কৰে।

অৱশ্যে এই গীতটিত কেৱল শ্ৰমিক শ্ৰেণীৰ কাৰুণ্যই প্ৰকাশ পোৱা নাই, গীতটোৰ শেষৰফালে তেওঁলোকৰ অপৰাজেয় শক্তি আৰু এক প্ৰচ্ছন্ন সতৰ্কবাণীও প্ৰতিধ্বনিত হৈছে। “আমাৰ কান্ধৰপৰা পিছলিব লাগিলে, বাগৰি পৰিব দোলা”— এই ফাঁকি গীতেৰে শিল্পীগৰাকীয়ে স্পষ্ট কৰি দিছে যে সমাজৰ তথাকথিত উচ্চ শ্ৰেণীৰ ভেটিটো পৰিশ্ৰমী আৰু সাধাৰণ মানুহৰ শ্ৰমৰ ওপৰতহে বৰ্তি আছে। যি শ্ৰমিকে নিজৰ ঘাম আৰু তেজেৰে সমাজৰ ব্যৱস্থাটোক সচল কৰি ৰাখিছে, তেওঁলোকৰ নীৰৱতাক দুৰ্বলতা বুলি ভাবিলে ভুল হ’ব। যদি কেতিয়াবা এই ব্যৱস্থাৰ বিৰুদ্ধে তেওঁলোকৰ কান্ধ ভাগৰি পৰে বা তেওঁলোকে সজাগভাৱে নিজৰ কান্ধ আঁতৰাই আনে, তেন্তে সমগ্ৰ ক্ষমতাৰ প্ৰাচীৰ মুহূৰ্ততে ধূলিস্যাৎ হৈ পৰিব। অৰ্থাৎ, কাৰুণ্যৰ মাজেৰে আৰম্ভ হোৱা গীতটোৱে শেষলৈ শ্ৰমজীৱী মানুহৰ হাতলৈ এক ঐতিহাসিক অপৰাজেয় শক্তিৰ মৰ্যাদা ঘূৰাই আনিছে আৰু এক নীৰৱ বিপ্লৱৰ সূচনা কৰিছে। ড° হাজৰিকাৰ অনন্য মানৱতাবাদী দৃষ্টিভংগী প্ৰকাশ পোৱা এই গীতটি আজিৰ পুঁজিবাদী সমাজখনতো বহুলভাৱে প্ৰাসংগিক।

কেৱল শ্ৰমিক শ্ৰেণীৰ শোষণেৰে নহয়, সুধাকণ্ঠৰ গণ-জাগৰণৰ চেতনা বিশ্বজনীন মানৱতাবাদ আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ সুৰেও স্পৰ্শ কৰিছিল। সংকীৰ্ণ প্ৰাদেশিকতা আৰু সাম্প্ৰদায়িকতাৰ ঊৰ্ধ্বত গৈ তেওঁ মানুহক মানুহ হিচাপে চিনি পাবলৈ গীতৰ মাজেৰে আহ্বান জনাইছিল। তেওঁৰ তেনে এক যুগান্তকাৰী কালজয়ী সৃষ্টি হ’ল—

“মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাৱে
অকণি সহানুভূতিৰে
ভাবিব নোৱাৰে কোনেনো কোৱা, সমনীয়া?”

এই গীতটিৰ জৰিয়তে শিল্পীগৰাকীয়ে সমাজৰ আত্মকেন্দ্ৰিক আৰু শ্ৰেণী-বিভাজিত চৰিত্ৰটোক তীব্ৰভাৱে প্ৰশ্নবিদ্ধ কৰিছে। সমাজ ব্যৱস্থাই যে মানৱীয় সম্পৰ্কবোৰকো ক্ৰয়-বিক্ৰয়ৰ বস্তুলৈ ৰূপান্তৰিত কৰিছে, তাক তেওঁ অতি নিৰ্ভীকভাৱে প্ৰকাশ কৰিছে। ইতিহাসৰ অধ্যায়ক আধুনিক যুগৰ মানুহে কেনেকৈ নতুন ৰূপত দোহাৰিব খুজিছে, তাক লৈ তেওঁ সমাজৰ বিবেকক প্ৰশ্ন কৰিছে। তেওঁ সকীয়াই দিছে যে ইতিহাসৰ শোষণ-শাসনৰ দৰে ক’লা অধ্যায়বোৰ আকৌ দোহাৰিলে মানৱ সভ্যতাৰ বাবে সি চৰম বিপৰ্যয় হ’ব। আকৌ তেওঁ সাৰ্থকভাৱে সমাজখনক সোঁৱৰাই দিছে যে দুৰ্বল আৰু শোষিতজনক নিস্বাৰ্থভাৱে সহায় কৰাটোৱেই আচল মানৱ ধৰ্ম । গীতটোত ফুটি উঠা— “মানুহ যদিহে নহয় মানুহ, দানৱ কেতিয়াও নহয় মানুহ, যদি দানৱ কাহানিবা মানুহেই হয়, লাজ পাব কোনেনো কোৱা?”— এই প্ৰশ্নবাণে শ্ৰোতা তথা সমাজৰ বিবেকক জোকাৰি যায়। শিল্পীগৰাকীয়ে বুজি পাইছিল যে সমাজত একতা আৰু ভাতৃত্ববোধ নহা পৰ্যন্ত প্ৰকৃত গণ-জাগৰণ সম্ভৱ নহয়। সেইবাবেই তেওঁ নিঃস্ব আৰু দুৰ্বল মানুহক স্বাৰ্থহীন হৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে লগতে সমাজৰ ধনী আৰু শক্তিশালী শ্ৰেণীক স্বাৰ্থপৰতা ত্যাগ কৰিবলৈও সতৰ্ক কৰি দিছে। কেইবাটাও দশক পুৰণি হ’লেও জাতি-অজাতি, উচ্চ-নীচৰ ভেদাভেদে জৰ্জৰিত কৰা বৰ্তমানৰ সমাজ ব্যৱস্থাতো এই গীতটি গণ-চেতনাৰ এক অনন্য নিদৰ্শন।

লক্ষ্মীনাথ বেজবৰুৱাই অতীতৰ গৌৰৱেৰে জাতিক আত্মবিশ্বাসী হ’বলৈ শিকাই কৈছিল —

“আমি অসমীয়া নহওঁ দুখীয়া,
কিহৰ দুখীয়া হম?
সকলো আছিল,
সকলো আছে
নুবুজোঁ নলওঁ গম…।”

কিন্তু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই বেজবৰুৱাৰ সেই ঐতিহাসিক বাক্যশাৰীক সাৰথি কৰিলেও কেৱল অতীতৰ গুণ-গৰিমাতে আৱদ্ধ নাথাকিল। তেওঁ বৰ্তমান সময়ৰ অসমীয়া জাতিৰ অন্ধ আত্মসন্তুষ্টি, ভুৱা অহংকাৰ আৰু আলস্যতা দূৰ কৰি প্ৰকৃত কৰ্মমুখী আৰু সংগ্ৰামী চেতনা জগাই তুলিবলৈ সৃষ্টি কৰা কৰিছিল আটাইতকৈ তীক্ষ্ণ আৰু কালজয়ী গীতটো—

 “আমি অসমীয়া নহওঁ দুখীয়া,
বুলি সান্ত্বনা লভিলে নহ’ব
আজিৰ অসমীয়াই
নিজক নিচিনিলে
অসম ৰসাতলে যাব…।”

গীতটোৰ প্ৰতিটো স্তৱকতে ফুটি উঠিছে জাতীয় সত্তা বচাই ৰখাৰ এক ব্যাকুল আৰু শক্তিশালী আহ্বান। শিল্পীগৰাকীয়ে বুজি পাইছিল যে কেৱল অতীতৰ ইতিহাসৰ গুণগানেৰে কোনো জাতি জীয়াই থাকিব নোৱাৰে। অসমৰ বাৰেৰহণীয়া জাতি-উপজাতি আৰু কৃষ্টিৰ যি মিলনভূমি, তাক ৰক্ষা কৰিবলৈ হ’লে বিভেদ পৰিহাৰ কৰি নিজ হাতেৰে শ্ৰম কৰিব লাগিব। তেওঁ স্পষ্টকৈ সকীয়াই দিছে যে নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে সমগ্ৰ সমাজখন নিঃশেষ হ’ব আৰু এদিন অসমীয়াই ‘অসমৰ মাটিতে নিজেই মগনীয়া’ হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব। গীতটোৰ গভীৰতালৈ গ’লে দেখা যায় যে সুধাকণ্ঠই ইয়াত জাতীয় বীৰ আৰু পুৰোধা ব্যক্তিসকলৰ প্ৰাসংগিকতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। দেশৰ বাবে মোমাইক কাটিবলৈকো কুণ্ঠাবোধ নকৰা হেংদানধাৰী লাচিত বৰফুকন আজি শাৰীৰিকভাৱে উপস্থিত নাথাকিলেও, প্ৰতিজন অসমীয়াই লাচিতৰ দৰেই দুৰ্জয় সাহসেৰে অসম মাতৃক ৰক্ষা কৰিবলৈ আগুৱাই যাব লাগিব। তেওঁ সমাজৰ একাংশ কাপুৰুষতাক প্ৰত্যাহ্বান জনাই বুকুত সাহস বান্ধিবলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ক্ৰান্তিকাৰী চেতনা আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ অগ্নিবৰ্ষী চিঞৰক ‘হাতে-কামে নৱৰূপ’ দিবলৈ আহ্বান জনাইছে। কিয়নো তেওঁ বিশ্বাস কৰিছিল যে বৰ্তমানৰ প্ৰজন্মই সংগ্ৰাম নকৰিলে নিজৰ মাটিতে ‘ভগনীয়া’ হোৱাটো নিশ্চিত। গীতটোৰ সামৰণিত সুধাকণ্ঠই অসমীয়া ৰাইজক এক প্ৰবল সত্যৰ মুখামুখি কৰাইছে। তেওঁ কৈছে যে যদি আমি এতিয়াও সচেতন নহওঁ, তেন্তে আমাৰ প্ৰাপ্য অধিকাৰ থিতাতে হেৰাই যাব। নিজক নবচালে আমাৰ হেঁপাহৰ ভোগালী উৎসৱতো দুৰ্ভোগ নামি আহিব আৰু অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহুটিও এদিন কঙালীলৈ ৰূপান্তৰিত হ’ব। এইদৰে সুধাকণ্ঠই গীতটোৰ জৰিয়তে অসমীয়া মানুহৰ বিবেকক সজাগ কৰি এক মহাশক্তিশালী, কৰ্মমুখী তথা অস্তিত্ব ৰক্ষাৰ বাবে জাগৰণৰ সূচনা কৰিছিল।

সুধাকণ্ঠৰ গণ-জাগৰণ আৰু বৈপ্লৱিক চেতনাৰ পৰিসৰ আছিল বিশ্বজনীন। লুইতৰ পাৰৰ পৰা মিচিচিপি বা ভল্লাৰ পাৰলৈ সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰা এই চিৰযাযাবৰ শিল্পীগৰাকীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত মানুহৰ ওপৰত চলা বৈষম্য আৰু কাৰুণ্যক অতি সূক্ষ্মভাৱে প্ৰত্যক্ষ কৰিছিল। তেওঁৰ বিশ্ব-মানৱতাবাদী দৃষ্টিভংগী প্ৰকাশ পোৱা তেনে এক অনন্য যুগান্তকাৰী সৃষ্টি হ’ল— ‘মই এটি যাযাবৰ’ গীতিটি। গীতটিৰ এক বিশেষ অংশত পুঁজিবাদী বিশ্বৰ চৰম শ্ৰেণী-বিভাজন আৰু মানৱীয় স্খলনৰ ছবিখন তেওঁ এনেদৰে দেখুৱাইছে—

“মই দেখিছো অনেক গগণ চুম্বী
অট্টালিকাৰ শাৰী,
তাৰ ছাঁতেই দেখিছো ক’তনা
গৃহহীন নৰ-নাৰী…
বহু দেশে দেশে গৃহদাস দেখি
চিন্তিত হওঁ বৰ,
মনৰ মানুহ বহুতেই দেখো
ঘৰতেই হৈছে পৰ,
সেয়ে মই যাযাবৰ…”

ইয়াৰ জৰিয়তে শিল্পীগৰাকীয়ে আধুনিক সভ্যতাৰ বুকুত গঢ়ি উঠা এক চৰম বৈপৰীত্যক আঙুলিয়াই দিছে। যিখন সমাজত এফালে আকাশলংঘী অট্টালিকাৰ বিলাসিতা, ঠিক তাৰ ছাঁতেই আনফালে হাজাৰ হাজাৰ আশ্ৰয়হীন, ভোকাতুৰ মানুহৰ ক্ৰন্দন— সেই অৰ্থনৈতিক বৈষম্যই শিল্পীগৰাকীৰ প্ৰাণ স্পৰ্শ কৰিছিল। গীতটিত ‘বাগিছাৰ ভৰি থকা ঘৰ’ আৰু ‘অকালতে সৰি পৰা মৰহা ফুলৰ পাপৰি’ৰ ৰূপকেৰে পুঁজিপতিৰ প্ৰাচুৰ্যৰ বিপৰীতে দুখীয়া-দৰিদ্ৰৰ অকাল মৃত্যু আৰু কাৰুণ্যতাক অতি সাৰ্থকভাৱে অংকন কৰিছে। কেৱল অৰ্থনৈতিক শোষণেৰে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত আজিও বৰ্তি থকা ‘গৃহদাস’ প্ৰথা অৰ্থাৎ মানুহক দাস কৰি ৰখাৰ মানসিকতাই তেওঁৰ মনক ‘চিন্তিত’ আৰু বিচলিত কৰি তুলিছিল। যি যুগত যান্ত্ৰিকতাৰ বহুল প্ৰসাৰ ঘটিছে, সেই যুগত মানুহৰ মাজৰ পৰা আন্তৰিকতা হেৰাই যোৱা আৰু ‘মনৰ মানুহ নিজৰ ঘৰতে পৰ’ হোৱা মানসিকতাই আধুনিক মানৱীয় সংকটক প্ৰতিফলিত কৰে।

সুধাকণ্ঠৰ গণ-জাগৰণৰ চেতনা আছিল সমাজৰ অন্তৰালত থকা নীৰৱ আৰ্তনাদ আৰু ক্ষোভক এক মহাশক্তিলৈ ৰূপান্তৰিত কৰাৰ এক অপূৰ্ব প্ৰয়াস। সমাজৰ নিষ্পেষিত জনতাৰ বুকুৰ দীৰ্ঘদিনীয়া যন্ত্ৰণা আৰু তাৰ পিছত অহা বৈপ্লৱিক পৰিৱৰ্তনৰ জোৱাৰক তেওঁ অতি সাৰ্থকভাৱে ফুটাই তুলিছিল তেওঁৰ আন এক কালজয়ী প্ৰতিবাদী গীত— ‘প্ৰতিধ্বনি শুনো মই’ গীতটিত। গীতটিৰ মৰ্মস্পৰ্শী পংক্তি কেইটাত ফুটি উঠিছে এক গভীৰ সামাজিক চেতনা —

“প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো
মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ
নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো।
কাণ পাতি শুনো মই বুজিব নোৱাৰোঁ
চকু মেলি চাওঁ মই মনিব নোৱাৰোঁ
চকু মুদি ভাবোঁ মই ধৰিব নোৱাৰোঁ…।”

প্ৰথমাৱস্থাত শিল্পীগৰাকীয়ে সমাজৰ চৌপাশে থকা নিষ্পেষিত মানুহবোৰৰ আধ্যাত্মিক আৰু সামাজিক যন্ত্ৰণাৰ ‘নিশাৰ চিঞৰ’বোৰ ধৰিব পৰা নাছিল। তেওঁ অনুভৱ কৰিছিল যে ই হ’ব পাৰে কোনো গাভৰুৰ সতীত্ব বা সপোন হেৰুওৱাৰ শোকভৰা কথা, কোনো আইতাৰ পুৰণি দিনৰ সাধু কথা, অথবা কঠিয়াতলীত দিন-ৰাতি একাকাৰ কৰিও অধিকাৰৰ পৰা বঞ্চিত হোৱা খেতিয়ক ‘ৰংমন’ৰ বুকুত জমা হোৱা চৰম বেথা। কিন্তু পৰৱৰ্তী সময়ত দেখা যায় যে যুগ যুগ ধৰি চলি অহা এই পুৰণি শোষণ আৰু যন্ত্ৰণাৰ অধ্যায়সমূহৰ অন্ত পৰিছে। “শেষ হ’ল কোনো গাভৰুৰ শোকভৰা কথা…”, “শেষ হ’ল কোনো ৰংমনৰ কঠিয়াতলীৰ বেথা…” — আদি বাক্যৰে তেওঁ পুৰণি সমাজখনৰ নীৰৱ সহনশীলতা শেষ হোৱাৰ ইংগিত দিছে।

ইয়াৰ প্ৰকৃত অৰ্থ হ’ল— এতিয়া আৰু সমাজৰ নিৰ্যাতিতা নাৰী বা শোষিত খেতিয়ক ৰংমনে নীৰৱে চকুলো টুকি বহি থকা নাই। তেওঁলোকৰ বুকুৰ পুঞ্জীভূত কাৰুণ্য আৰু অসহায় ভাব এতিয়া শেষ হৈছে। যুগ যুগ ধৰি চলি অহা উৎপীড়নৰ বিৰুদ্ধে তেওঁলোকে এতিয়া নীৰৱতাক পৰিহাৰ কৰিছে। সুধাকণ্ঠই বুজাব খুজিছে যে শোষিত জনতাই এতিয়া নিজৰ দুখটোক কেৱল ভাগ্যৰ লিখন বুলি মানি নচলে, সেই বেথাক এক মহাশক্তিশালী প্ৰতিবাদী সঁজুলিলৈ ৰূপান্তৰিত কৰিছে। পুৰণি সমাজখনৰ এই নীৰৱ সহনশীলতাৰ অন্ত পৰি সমাজৰ বুকুত এতিয়া অধিকাৰ সাব্যস্ত কৰাৰ এক ‘নতুন চিঞৰ’ অৰ্থাৎ বৈপ্লৱিক জাগৰণৰ সূচনা হৈছে। শিল্পীগৰাকীৰ ভাষাত—

“মোৰ ক’লা চুলিত ৰাতিপুৱাৰ ৰঙা ৰ’দ পৰে,
চকুৰ আগৰ কুঁৱলীবোৰ ভয়ত উৰা মাৰে।
জাগি উঠা মানুহে হেজাৰ চিঞৰ মাৰে,
তাতে ঠেকা লাগি হাজাৰ পাহাৰ ভাঙি পৰে।
মানৱ সাগৰত কোলাহল শুনো।”

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি কেৱল অতীততে নহয়, ই বৰ্তমান আৰু ভৱিষ্যতৰ বাবেও সমানেই প্ৰাসংগিক। তেওঁৰ সংগীত আছিল সমাজ পৰিৱৰ্তন আৰু মানৱীয় চেতনাৰ এক অপ্ৰতিৰোধ্য অস্ত্ৰ। নিজৰ কালজয়ী কণ্ঠ আৰু সাৰ্থক কলমেৰে তেওঁ সমাজৰ সংকীৰ্ণতা, অন্যায়, ভণ্ডামি, নৈতিক স্খলন, শ্ৰেণী-বৈষম্য আৰু ভুৱা অহংকাৰক আঘাত কৰি মানুহৰ চিন্তা-ধাৰাক সজাগ কৰি তুলিছিল। তেওঁৰ গীতত ফুটি উঠা এই বিপ্লৱাত্মক আৰু সমাজমুখী চিন্তাই শোষিত জনতাক নিষ্ক্ৰিয়তা ত্যাগ কৰি একত্ৰিত হ’বলৈ আৰু সংগ্ৰামেৰে আত্মপ্ৰতিষ্ঠা কৰিবলৈ সদায় বাট দেখুৱাই আহিছে। যেতিয়ালৈকে সমাজত শোষণ, অন্যায় আৰু অস্তিত্বৰ সংকট থাকিব, তেতিয়ালৈকে সুধাকণ্ঠৰ এই জাগৰণধৰ্মী আদৰ্শ সমগ্ৰ মানৱ সমাজৰ বাবে সাহসৰ চিৰন্তন উৎস আৰু এক শক্তিশালী পথ-প্ৰদৰ্শক হৈ জিলিকি থাকিব।