দাগ… – নাচিমা য়াচমিন

Pc StockCake

দাগ…

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

:” বৌ, সেই ছোৱালীজনী কোন নো ? ” — নিজৰাই নিজৰ সমবয়সীয়া মহিলাগৰাকীক সুধিলে। নিজৰা ভূঞাই একমাত্ৰ পুত্ৰৰ সৈতে এই ঠাইখনিক নতুনকৈ আহিছে ।

:” কোনজনীৰ কথা কৈছে বৌ ?”

:” সৌৱা কঁকাললৈকে বৈ যোৱা বেণী গাঁঠা ছোৱালীজনী, বগা ৰঙৰ চুৰিদাৰ পিন্ধা যে,,,”

:” বৌ, মই কৈ আছোঁ শুনক ভালদৰে, তাইৰ পিন্ধনৰ কাপোৰযোৰ বগা হ’লে কি হ’ব, তাই এজনী দাগি ছোৱালী। আপুনি যিমান পাৰে তাইৰ পৰা দূৰত থাকিব বুইছে। আপুনি ইয়াত নতুন যিহেতু সাৱধান কৰাটো চুবুৰীয়া হিচাপে আমাৰ দায়িত্ব।”

নিজৰাৰ কথাখিনি অলপো ভাল নালাগিল। মহিলা এগৰাকীয়ে অইন এগৰাকী মহিলাৰ বিষয়ে যে এনে মনোভাৱ ৰাখিব পাৰে ভাৱিয়েই তেওঁৰ অশান্তি লাগি যায়।

ঘৰলৈ যোৱাৰ পাছতো তেওঁ বহুসময় সেই কথাটোকে ভাৱি থাকিল — সেই পদুমী পাহিৰ দৰে কোমলীয়া ছোৱালীজনীৰ নো এনে কি দাগ থাকিব পাৰে যে মানুহ বোৰে তাইক ঘিণৰ চকুৰে চায়।

পিছদিনাখন তেওঁ বজাৰৰ মূৰত শাক-পাচলি কিনিবলৈ গৈছিল। বজাৰখনৰ এচুকত মানুহৰ জুম এটা দেখি তেওঁ অলপ আগবাঢ়ি গ’ল। তাতেই তেওঁৰ চকু পৰিল সেই বগা চুৰিদাৰ পিন্ধা ছোৱালীজনীৰ ওপৰত। তাই এখন সৰু দোকানৰ সন্মুখত থিয় হৈ এগৰাকী বৃদ্ধাক বেগটো দাঙি দিবলৈ সহায় কৰি আছিল।নিজৰাই অলপ সময় তাইলৈ চাই থাকিল। ছোৱালীজনীৰ মুখখনত এক অদ্ভুত শান্তি আছিল। তাইৰ চকুযুৰিত যেন বহুতো নোকোৱা কথাই নীৰৱে বাঁহ সাজি লৈছে।

হঠাৎ কাষত থকা দুগৰাকী মহিলাৰ কথোপকথন তেওঁৰ কাণত পৰিল।

:” তাইক দেখিছেনে? বৰ ভাল মানুহৰ ভাও জুৰে নহয় নে? ভিতৰৰ কথাবোৰ আমি নাজানোঁ যেন। “

আনগৰাকীয়ে মুখখন বেঁকা কৰি ক’লে,

:” সেইবাবেইতো ঘৰৰ মানুহেও তাইক এৰি দিছে। এনে ছোৱালীৰ পৰা আঁতৰি থকাই ভাল।”

কথাকেইটা শুনি নিজৰাৰ মনটো বেয়া লাগি গ’ল। তেওঁ ছোৱালীজনীৰ মুখলৈ চালে। সকলো কথা শুনিও তাই যেন একো শুনা নাই, নিজৰ কামত ব্যস্ত তাই।কিন্তু মানুহৰ কথা জানো ইমান সহজে বুকুৰ পৰা আঁতৰাব পাৰি?

কিছু সময়ৰ পাছত ছোৱালীজনীয়ে বৃদ্ধাগৰাকীক বিদায় দি বজাৰৰ আনটো মূৰলৈ খোজ ল’লে। নিজৰাই কিবা এটা ভাবি তাইৰ পিছে পিছে গ’ল।

:” মাজনী, অলপ শুনাচোন।”

ছোৱালীজনী ৰৈ গ’ল। তাইৰ মুখত আচৰিত হোৱাৰ চিহ্ন যদিওঁ  মৃদু হাঁহি মাৰি ক’লে,

:” কওকচোন, খুৰী।”

:” তোমাৰ নামটো কি?”— নিজৰাই ক’লে,

:” পদুমী।”

:”পদুমী , ধুনীয়া নাম। তুমি ইয়াতে থাকা নেকি?”

:” হয়, খুৰী। ইয়াতে থাকোঁ।”

নিজৰাই অলপ ইতস্ততঃ কৰি সুধিলে,

:” তোমাক এটা কথা সুধিব পাৰোঁনে? বেয়া নাপাবা।”

পদুমীয়ে মূৰ দুপিয়ালে।

:” মানুহবোৰে তোমাৰ বিষয়ে ইমান বেয়াকৈ কিয় কয়, মাজনী?”

প্ৰশ্নটো শুনি পদুমীৰ মুখৰ হাঁহিটো যেন লাহে লাহে ম্লান পৰিল। তাই কিছু সময় তলমূৰ কৰি থাকিল। তাৰ পাছত ক’লে,

:” খুৰী, কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ মন যায়, কিন্তু উত্তৰ শুনিবলৈ মানুহৰ মন নাথাকে।”

নিজৰা থমকি ৰ’ল। পদুমীয়ে আকৌ ক’লে,

 :” মোৰ বিষয়ে মানুহে যি কয়, তাৰ একোৱেই মই সলনি কৰিব নোৱাৰোঁ। কিন্তু সেই কথাবোৰৰ বাবে মই  জীয়াই থাকিবলৈ এৰি দিব নোৱাৰোঁ নহয়!”

কথাখিনি কৈ তাই যাবলৈ ওলাল। নিজৰাই তাইৰ হাতখন আলফুলে ধৰি ক’লে,

:” মই তোমাক বেয়া বুলি ভবা নাই, মাজনী। মই মাথোঁ তোমাৰ কথাটো জানিব হে বিচাৰিছোঁ।”

এইবাৰ পদুমীয়ে নিজৰাৰ মুখলৈ পোনপটীয়াকৈ চালে। তাইৰ চকুযুৰিত জমা হৈ থকা পানীখিনি জিলিকি উঠিল।

:” তেন্তে এদিন মোৰ ঘৰলৈ আহিব, খুৰী। সকলো কথা ক’ম। কিন্তু এটা কথা মনত ৰাখিব—মোৰ জীৱনৰ ঘটনাবোৰ শুনি মোক বিচাৰ কৰাৰ আগতে এবাৰ ভাবিব, সেই পৰিস্থিতিত আপুনি থাকিলে কি কৰিলেহেঁতেন?”

কথাষাৰ কৈ পদুমী গুচি গ’ল।

নিজৰা বহু সময় তাতেই থিয় হৈ থাকিল। তেওঁৰ মনত এটা প্ৰশ্নই বাৰে বাৰে আক্ৰমণ কৰি  থাকিল—এনে  কি ঘটিছিল পদুমীৰ জীৱনত, যাৰ বাবে তাইৰ নামটোৰ লগত ‘দাগ’ শব্দটো জোৰা লাগি গ’ল?

দুদিন পাছত নিজৰা পদুমীৰ ঘৰলৈ গ’ল। ঘৰটো গাঁৱৰ আন ঘৰবোৰৰ দৰে আড়ম্বৰপূৰ্ণ নাছিল। চোতালখন পৰিষ্কাৰ, বাৰাণ্ডাৰ কাষত কেইজোপামান ফুলৰ গছ, আৰু  দুখন পুৰণি চকী। পদুমীয়ে তেওঁক দেখি আচৰিত অলপ হয় যদিও মৰমেৰে ভিতৰলৈ মাতিলে।

চাহৰ কাপটো আগবঢ়াই দি পদুমীয়ে ক’লে,

:” খুৰী, আপুনি মোৰ কথা জানিব বিচাৰিছিল নহয়? আজি কম। “

নিজৰা মনে মনে বহি ৰ’ল।পদুমীয়ে খিৰিকীৰে বাহিৰলৈ চাই ক’বলৈ ধৰিলে—

:” খুৰী, মইয়ো আন ছোৱালীৰ দৰে সপোন দেখিছিলোঁ। মোৰো সংসাৰ হ’ব,  নতুন ঘৰখনত সুখে -শান্তিৰে সকলোকে আপোন কৰি ল’ম। কিন্তু মই জনা নাছিলোঁ, মোৰ এই সপোনবিলাকে মোক এজনী দাগী ছোৱালীৰূপে পৰিচিত কৰি তুলিব।

তাই অলপ মান ৰৈ যায়।

:” কলেজত পঢ়ি থাকোঁতে মূৰ চিনাকি হয় এজন ল’ৰাৰ লগত। মই বাছৰ বাবে ৰৈ থকা সময়খিনিত সি সদায় বাইকত বহি মোক চাই থাকিছিল। বৰ মৰমলগা ল’ৰাটো। লাহে লাহে কথা বতৰা আৰম্ভ হয়, তাৰ পাছত বন্ধুত্ব তেনেকৈয়ে প্ৰেম।

নিজৰাৰ বুকুখন কঁপি উঠিল।

:” তাৰ পাছত কি হৈছিল, মাজনী?”

পদুমীয়ে চকু দুটা মুদি দীঘলকৈ উশাহ এটা ল’লে।

:”মই বিশ্বাস কৰিছিলোঁ তাক আৰু সেই বিশ্বাসেই মোৰ কাল হ’ল। ঘৰত মোৰ বিয়াৰ কথা -বতৰা আৰম্ভ হৈ গৈছিল। কিন্তু মই মোৰ হৃদয়খন সেই ল’ৰাটোক দি দিছিলোঁ। সি মোক আৱেগিক কৰি তুলিছিল। আৰু তাৰ কথামতেই এদিন মই কোনেও গম নোপোৱাকৈ  ঘৰৰ পৰা আ- অলংকাৰ কিছুমান আৰু টকা -পইছা সামৰি ভালপোৱাৰ বিশ্বাসেৰে  ওলাই গৈছিলো।”

নিজৰাৰ মুখৰ মাত হেৰাই গ’ল।পদুমীয়ে পুনৰ ক’লে,

:”কিন্তু মোৰ ভালপোৱাই মোৰ লগত প্ৰতাৰণা কৰিলে। ষ্টেচনৰ মাজত অকলশৰে এৰি সি মোৰ টকা -পইছাৰ বেগ লৈ যি গ’ল গ’লেই আজিও তাৰ কোনো খা -খবৰ নাই। তাৰ নম্বৰটোকো অফ কৰি দিছিল। অকলে কি কৰিম, ক’ত যাম, মই একোৱেই বুজি পোৱা নাছিলোঁ। কেঁচা মঙহৰ লোভত ৰৈ থকা ৰাক্ষসবিলাকৰ পৰা কোনোমতে নিজক ৰক্ষা কৰি কৈ ৰাতিটো পাৰ কৰিলোঁ। হাতত টকা- পইছা একো নাছিল আনকি ফোনটোও নাছিল। ঘৰলৈ উভতি যাবলৈও ভালেমান টকাৰ প্ৰয়োজন। ৰাস্তাত অনাই বনাই ঘূৰি ফুৰিছিলোঁ। ভোকে পিয়াহে কাতৰ প্ৰাণটোৱে নিজৰ ভুল বুজি পাইছিল। কিন্তু তেতিয়ালৈকে বহুত পলম হৈ পৰিছিল। খুব কষ্টৰে তিনিদিন মহানগৰীত পাৰ কৰি খুজি মাগি টকা অলপ যোগাৰ কৰি ঘৰলৈ বুলি বাট ল’লোঁ।

তাইৰ চকুৰ পানীবিলাকে এইবাৰ বাধা নামানি মাথোঁ বৈ আহিল।

:”ঘৰত অহাৰ পাছত মোক সকলোৱে দাগী বুলি ক’বলৈ ধৰিলে। তিনিদিন ল’ৰাৰ লগত থকা বুলি বৰ্ণনা কৰিলে। মোৰ সঁচা কথাৰ চিৎকাৰবিলাক কোনেও নুশুনিলে। তেঁওলোকৰ চকুত মই বেয়া ছোৱালী, মই দাগী।

খুৰী, মোৰ গাত সঁচাকৈয়ে কোনো দাগ নাই। দাগ আছে  মানুহৰ সেই মনবোৰত—যিবোৰে এগৰাকী নাৰীৰ দুখতকৈ তাইৰ চৰিত্ৰ বিচাৰ কৰিবলৈ বেছি ভাল পায়। প্ৰতাৰণা কৰাজনক কোনো প্ৰশ্ন নকৰে বৰঞ্চ প্ৰতাৰিত হোৱা  জনকেই প্ৰশ্ন -অপবাদৰে জীৱন দুৰ্বিসহ কৰি তোলে।

নিজৰাই আৰু নিজকে ধৰি ৰাখিব নোৱাৰিলে। তেওঁ পদুমীক বুকুৰ মাজলৈ টানি ল’লে।সেই মুহূৰ্তত তেওঁ বুজি পালে—বগা চুৰিদাৰৰ আঁৰত লুকাই থকা ছোৱালীজনী কোনো অপৰাধৰ প্ৰতীক নহয়। তাই এগৰাকী নাৰী, যিয়ে নিজৰ দুখৰ সৈতে যুঁজি এতিয়াও জীয়াই থাকিবলৈ শিকিছে।

ঘৰলৈ উভতি অহাৰ সময়ত নিজৰাৰ মনত এটাই কথা ঘূৰি থাকিল—

সমাজে এগৰাকী নাৰীৰ গাত দাগ লগাবলৈ এপলকো নাভাবে, কিন্তু সেই দাগটো মচি পেলাবলৈ তাইৰ কিমানটা ৰাতি চকুপানীৰে পাৰ হয়, তাৰ হিচাপ কোনেও নাৰাখে।

আচলতে দাগ পদুমীৰ গাত নাছিল, দাগ আছিল সেই সমাজখনৰ দৃষ্টিত, যিয়ে এজনী প্ৰতাৰিত ছোৱালীক দোষী সজাইছিল, অথচ তাইক প্ৰতাৰণা কৰা মানুহজনৰ বিচাৰ কৰিবলৈ পাহৰি গৈছিল।

এজনী ছোৱালীৰ ভুলে যদি তাইৰ চৰিত্ৰত দাগ লগায়, তেন্তে তাইক প্ৰতাৰণা কৰা ল’ৰাজনৰ চৰিত্ৰত কিয় দাগ নালাগে? নে সমাজৰ বিচাৰত দোষ সদায় নাৰীৰহে হয়?

বগা কাপোৰত লগা দাগ ধুই আঁতৰাব পাৰি, কিন্তু মানুহৰ মনত লগা দাগ আঁতৰাবলৈ কেৱল পানী নহয়, এখন নিৰ্মল হৃদয়ৰো প্ৰয়োজন।