আধুনিকতাৰ সাঁথৰ – হৰেন কপ্তাক

Pc StockCake

আধুনিকতাৰ সাঁথৰ

হৰেন কপ্তাক

আধুনিক যান্ত্রিকতাৰ কথা কোৱা, শিক্ষিত নাগৰিক আমি
আকাশত উৰিছো, সাগৰত সাঁতুৰিছো
বতাহৰ গতিত নিমিষতে দৌৰিছো,
পণ্ডিতৰ মুখত অন্ধবিশ্বাসৰ নিন্দা
সজাগতাৰ নামত বৰ বৰ সভা,
অথচ নায়কৰ আঙুলিত মন্ত্ৰপুত আঙুঠিৰ শোভা
পূজাৰ নামত মৃন্ময় মূৰ্তি,
মূৰ দোহাই নায়কৰ আশিস ভিক্ষা,
আঁতিগুৰি নথকা সাঁথৰ যেন কথা
এফালে ৰকেট, আনফালে ৰাহু-কেঁতু,
সোঁহাতে ম’বাইল, বাঁওহাতে তাবিজ,
মগজুত আইনষ্টাইন, বুকুত ভয়ৰ বীজ,
অন্ধবিশ্বাসৰ কথা কোৱা মানুহজন কোন?