মোৰ পদূলিত
মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি
মোৰ পদূলিত
ৰৈ
মোৰ ফালে
জুমি চাই
তেওঁ
নাজানো কিয়বা
চাই,
হঠাৎ দেখোন
কিবা এটা
আপোন আপোন
লাগি যায়৷
মোৰ পদূলিত
ৰৈ
মোৰ ফালে
ৰ’লাগি চাই
তেওঁ
নাজানো কিয়বা
চাই,
হঠাৎ চোন
এসাগৰ
সুবাসে গীত গাই
যায়৷
মোৰ পদূলিত
ৰৈ
মোৰ ফালে
নয়নজুৰাই চাই
তেওঁ
নাজানো কিয়বা
চাই,
অজানিতে হিয়াখন
জুৰ পৰি যায়…!!!
