শিশু গল্পৰ শিৰোনাম:
সকলোৰে মৰমৰ জুবিন মামা
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
জুবিন গাৰ্গ বুলি ক’লে চিনি নোপোৱা মানুহ হয়টো নোলাব।
অসমৰ ইকোণৰ পৰা সিকোণলৈ তেওঁৰ গীতৰ কলিয়ে মুখেৰে গুণগুণাই। তেওঁ কেৱল এজন জনপ্ৰিয় গায়কেই নাছিল; তেওঁ আছিল এগৰাকী শিল্পী, সংগীতজ্ঞ আৰু সমাজৰ প্ৰতি দায়বদ্ধ ব্যক্তি। সৰু-ডাঙৰ সকলোৰে মাজত তেওঁ জনপ্ৰিয় আৰু অতি মৰমৰ আছিল। সেয়েহে বহুতে মৰমতে তেওঁক “জুবিন মামা” বুলি মাতিছিল।
জুবিন গাৰ্গে অসমৰ সংগীত জগতক এক নতুন পৰিচয়েৰে গঢ়ি তুলিছিল। অসমীয়া গানৰ উপৰি তেওঁ হিন্দী, বাংলা আদি বিভিন্ন ভাষাতো গান গাইছিল। তেওঁৰ কণ্ঠত এক বিশেষ মাধুৰ্য আছিল। তেওঁৰ গানত প্ৰেম, দুখ, আনন্দ আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা শুনিবলৈ পোৱা গৈছিল। সেইবাবেই তেওঁৰ গান কেৱল মঞ্চতে সীমাবদ্ধ হৈ নাছিল; মানুহৰ হৃদয়লৈকে অন্তৰ্নিহিত হৈ আছিল।
কিন্তু জুবিন মামাৰ পৰিচয় কেৱল এজন গায়ক হিচাপে দিলে তেওঁৰ সম্পূৰ্ণ পৰিচয় আধৰুৱা হৈ ৰ’ব। তেওঁ মানুহক ভাল পাইছিল। সমাজৰ অসহায় আৰু দুখীয়া মানুহৰ কাষত সদায় থিয় দিছিল। মানুহে মানুহক সহায় কৰিলেহে সমাজখন আগুৱাই যাব বুলি বিশ্বাস কৰিছিল। কোনো মানুহৰ দুখ দেখি তেওঁ নীৰৱে বহি থাকি ভাল নাপাইছিল। এদিন এখন বিদ্যালয়ত শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক জুবিন মামাৰ বিষয়ে কৈ আছিল। সপ্তম শ্ৰেণীৰ ছাত্ৰ হৰ্ষিতে মন দি কথাবোৰ শুনি আছিল।
: তোমালোকে জানানে, জুবিন গাৰ্গে মানুহক কেৱল গান গাই আনন্দ দিয়া নাছিল। সমাজৰ বাবেও বহুকথা ভাবিছিল। তেওঁ বিচাৰিছিল- মানুহে জাতি, ধৰ্ম বা পৰিচয়ৰ ভেদাভেদ পাহৰি মিলাপ্ৰীতিৰে থকাটো।
: ছাৰ, এজন গায়কে সমাজৰ বাবে ইমান কথা কিয় ভাবিছিল? হৰ্ষিতে সুধিলে।
: কাৰণ এজন প্ৰকৃত শিল্পীয়ে কেৱল নিজৰ কথা নাভাবে। তেওঁ সমাজৰ সুখ-দুখৰ অংশীদাৰ হয়। জুবিন মামাৰ জীৱনৰ পৰা আমি সেই কথাই শিকিব পাৰোঁ।
ভাল মানুহ হ’বলৈ কেৱল ডাঙৰ কাম কৰিব নালাগে; আনৰ বাবে ভাল কাম কৰাৰ ইচ্ছা থাকিলেই কৰিব পাৰি। জুবিন মামাৰ প্ৰকৃতিৰ প্ৰতিও গভীৰ ভালপোৱা আছিল। বিশেষকৈ নাহৰ গছ তেওঁৰ অতি প্ৰিয় আছিল। নাহৰ অসমৰ এক চিনাকি আৰু মৰমৰ গছ। বসন্ত আহিলে নাহৰৰ ফুলে প্ৰকৃতিক যেন নতুন ৰূপ দিয়ে। জুবিন মামাই গছ-গছনি ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ কথাও কৈছিল। কাৰণ গছ থাকিলেহে মানুহ থাকিব।
বিদ্যালয়ৰ ওচৰত এখন সৰু খেলপথাৰ আছিল। খেলপথাৰখনৰ কাষত কেইজোপামান পুৰণি গছ আছিল। সেই গছবোৰৰ ছাঁত ছাত্ৰ-ছাত্ৰীসকলে বহি জিৰণি লৈছিল। গৰমৰ দিনত সেই গছবোৰেই তেওঁলোকক ছাঁ দিছিল। চৰাইবোৰে গছৰ ডালত বাহ সাজিছিল। এদিন হৰ্ষিতে শুনিলে যে খেলপথাৰখন ডাঙৰ কৰাৰ বাবে কিছুমান গছ কাটি পেলোৱাৰ কথা ভাবিছে। হৰ্ষিতৰ মনটো বেয়া লাগিল।সি বন্ধুবোৰক ক’লে,
: শুনা তোমালোকে, খেলপথাৰখনৰ গছবোৰ কাটি নতুনকৈ সজাব খুজিছে। আমি গছবোৰ কটিবলৈ নিদিওঁ। গছ আমাৰ বন্ধু।
: বন্ধু মিণ্টুৱে ক’লে, কিন্তু আমি সৰু ল’ৰা। আমি একো কৰিব নোৱাৰোঁ?
: আমি সৰু হ’লেও আমাৰ কণ্ঠ সৰু নহয়। আমি ছাৰহঁতক ক’ম।
পিছদিনা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ সৈতে আলোচনা কৰিলে। তেওঁলোকে গছ কটাৰ সলনি আন ঠাইত খেলপথাৰখন উন্নত কৰিবলৈ ক’লে। বিদ্যালয় কৰ্তৃপক্ষই কথাটো গুৰুত্বসহকাৰে বিবেচনা কৰিলে। শেষত কেইজোপামান পুৰণি গছ সংৰক্ষণ কৰি খেলপথাৰখন নতুনকৈ সজোৱাৰ সিদ্ধান্ত লোৱা হ’ল। সেইদিনা হৰ্ষিতে অনুভৱ কৰিলে- এজন মানুহৰ এটা ভাল চিন্তাই আন এজনৰ মনত নতুন চিন্তাৰ জন্ম দিব পাৰে।
জুবিন মামাই সাধাৰণ মানুহৰ লগত সময় কটাই ভাল পাইছিল। তেওঁৰ বাবে মানুহৰ মৰম আছিল অতি মূল্যৱান। বিখ্যাত শিল্পী হোৱাৰ পাছতো সাধাৰণ মানুহৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল সহজ-সৰল। সেইবাবেই তেওঁ বহু মানুহৰ হৃদয়ত নিজৰ বাবে বিশেষ স্থান সৃষ্টি কৰিব পাৰিছিল।
তেওঁ আন দহজনকো সমাজৰ হকে কাম কৰিবলৈ উৎসাহিত কৰিছিল। সমাজখন কেৱল চৰকাৰ বা কোনো এজন ব্যক্তিৰ নহয়,সমাজখন সকলোৰে। সেয়েহে আমি যদি নিজৰ চৌপাশৰ মানুহজনৰ বাবে অলপ সহায় কৰোঁ, যদি অসহায়জনক হাতখন আগবঢ়াই দিওঁ,যদি ৰাস্তাত আৱৰ্জনা নেপেলাওঁ,যদি এজোপা গছ ৰোপণ কৰোঁ, তেন্তে সেয়াও সমাজৰ বাবেই কৰা কাম।
জুবিন মামাৰ গানৰ দৰে তেওঁৰ এই চিন্তাবোৰো মানুহৰ মাজত বিয়পি পৰিছিল। কিন্তু ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত এটা দুখজনক খবৰে সমগ্ৰ অসমবাসীৰ লগতে বিশ্ববাসীক শোকস্তব্ধ কৰি পেলালে। সেইদিনা জুবিন গাৰ্গে ছিংগাপুৰত ইহলীলা সম্বৰণ কৰে। খবৰটো শুনি হৰ্ষিতৰ চকুত চকুলো বৈ আহিল। চাৰিওফালৰ পৰিৱেশ ধুঁৱলী-কুৱঁলী হৈ পৰিল। মুখৰ মাত যেন ক’ৰবাত হেৰাই গ’ল।
: মা, জুবিন মামা আৰু আমাৰ মাজত নাই। কেতিয়াও ঘূৰি নহাৰ বাটেৰে গ’লগৈ। খবৰটো পাই বহুত দুখত ভাঙি পৰিছোঁ।
: মাকে মৰমেৰে ক’লে, সকলো মানুহ এদিন এই পৃথিৱীৰ পৰা আঁতৰি যায়। কিন্তু তেওঁ কৰা ভাল কামবোৰ আৰু তেওঁৰ আদৰ্শ যদি মানুহে মনত ৰাখে, তেতিয়া কায়িকভাৱে আঁতৰি গ’লেও তেওঁ অন্তৰৰ পৰা কেতিয়াও আঁতৰি নাযায়।
হৰ্ষিতে কথাটো বুজিবলৈ চেষ্টা কৰিলে। পিছদিনা সন্ধিয়া সি নিজৰ বন্ধুবোৰক মাতিলে। সিহঁতে বিদ্যালয়ৰ ওচৰত এজোপা নাহৰ গছ ৰোপণ কৰাৰ সিদ্ধান্ত ল’লে। সকলোৱে মিলি গছপুলিটো ৰোপণ কৰিলে। তাৰপাাছত প্ৰতিদিনে পাল পাতি পানী দিবলৈ ধৰিলে।
সকলোৰে মুখত হাঁহি বিৰিঙিল। গছজোপা লাহে লাহে ডাঙৰ হ’বলৈ ধৰিছে। সময় পাৰ হ’ব। সৰু পুলিটো এদিন ডাঙৰ গছ হ’ব। চৰাই আহি তাৰ ডালত বহিব পাৰিব। গৰমৰ দিনত ছাত্ৰ-ছাত্ৰীসকলে তাৰ ছাঁত অলপ জিৰণি লৈ জুবিন মামাৰ গান শুনিব পাৰিব।
জুবিন গাৰ্গ আজি আমাৰ মাজত শাৰীৰিকভাৱে নাই। কিন্তু তেওঁৰ গান এতিয়াও মানুহৰ মুখে মুখে প্ৰবাহিত। তেওঁৰ সৃষ্টিয়ে নতুন প্ৰজন্মক অনুপ্ৰেৰণা দিছে। মানুহক ভালপোৱা,ভেদাভেদ পাহৰি একেলগে থকা,অসহায়জনৰ কাষত থিয় হোৱা আৰু প্ৰকৃতিৰ যত্ন লোৱাৰ দৰে আদৰ্শবোৰে আজিও বহুজনক পথ দেখুৱাই আছে।
