নদী,গছ আৰু নাৰী – বনজিত দাস 

Pc StockCake

নদী,গছ আৰু নাৰী

বনজিত দাস 
ৰিহাবাৰী, বজালী

নদী বৈ যায় —
নদীয়ে লিখে সভ্যতাৰ ইতিহাস
উৰ্বৰ কৰে সেউজ ভূমি ।

গছে শিপা মেলে
নাৰীৰ দৰেই গজালি মেলি
প্ৰজন্মৰ বীজ সিঁচি
সেউজীয়া সপোনৰ বুকুত
জীৱনৰ আখৰ লিখে ।

ডাল পাতেৰে —
বুকুত সাৱটি জাতিৰ ছাঁ
নিৰাপত্তাৰ আঁচল
পৃথিৱীৰ উশাহ
এটা জাতিৰ ভবিষ্যত ।

মাটিৰ বুকুত শিপাই
যিদৰে খামুচি ধৰে পৃথিৱী
নাৰীৰ বুকুতো তেনেকৈয়ে
সাঁচি ৰাখে এটা ভবিষ্যত
যাৰ গজালিত জন্ম লয়
এটা নতুন প্ৰজন্ম
এখন নতুন পৃথিৱী ।

নদীৰ দৰেই
নদী আৰু নাৰী, গছ আৰু নাৰী ।