আৰক্ষীৰ আত্মৰক্ষাৰ চেষ্টাত গুলীবিদ্ধ হৈ মৃত্যু ঘনকান্তৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ হোটেল বিলাস ইন কাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ অৱশেষত প্ৰাণ গ’ল।অসম আৰক্ষীৰ এনকাউণ্টাৰত ঘনকান্ত গগৈৰ মৃত্যু হয় ৷ শিৱসাগৰৰ ফুলপানীছিগাত ৰংমন ধাবাৰ সমীপত আৰক্ষীৰ গুলীত ঘনকান্ত গগৈ গুৰুতৰভাৱে আহত হৈছিল । চিকিৎসালয়লৈ নিয়াৰ পথত ঘনকান্তৰ মৃত্যু হয় ৷ পুৱতি নিশা প্ৰায় ৩.১০ বজাত এই ঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰাই ঘনকান্ত গগৈক শিৱসাগৰ আৰক্ষীয়ে আন এক গোচৰৰ তদন্তৰ খাতিৰত শিৱসাগৰ থানালৈ নিছিল । শিৱসাগৰ সদৰ থানাত ৰুজু হৈ থকা ১০৮/২০২৪ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ঘনকান্ত গগৈক লৈ আনিছিল ৷ আদবাটতে আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ পৰা পিষ্টল কাঢ়ি লৈ আৰক্ষীলৈ লক্ষ্য কৰি ৩জাঁই গুলীচালনা কৰি ঘনকান্তই পলায়নৰ চেষ্টা চলোৱা বুলি আন এক অভিযোগ পোৱা গৈছে । আৰক্ষীয়েও এই কথাত গুলীৰে প্ৰত্যুত্তৰ দিয়ে ৷ আৰক্ষীৰ গুলী লগাৰ পিছতে ঘনকান্তক চিকিৎসালয়লৈ নিয়া হৈছিল ৷ অৱশ্যে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ বুধবাৰে তিনিজনীয়া ব’ৰ্ড অৱ ডক্টৰছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব । আনহাতে, ঘনকান্ত গগৈৰ মৃত্যু সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ চেতিয়াই কয়, ‘‘তেওঁ এজন প্ৰফেছনেলী ট্ৰেইনড শ্বুটাৰ আৰু বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰৰ অভিজ্ঞতা আছে ৷ তেওঁ আমাৰ গৌৰীসাগৰ পোৱাৰ পিছত বাহিৰলৈ যাম বুলি ক’লে, প্ৰস্ৰাৱ লগা বুলি ক’লে ৷ তেওঁক বাহিৰলৈ নিব ধৰোতে আমাৰ যিজন উপ-পৰিদৰ্শক তেওঁৰ পৰা চাৰ্ভিছ পিষ্টলটো কাঢ়ি লৈ পলাই যোৱাৰ চেষ্টা কৰিছিল। সেই সময়তে আৰক্ষীৰ সৈতে ঘনকান্তৰ টনা-আঁজোৰা লাগে আৰু আৰক্ষী বিষয়াজনৰ ছাৰ্ভিছ ৰিভলভাৰৰ পৰা তিনিটাকৈ গুলী বাহিৰ হয় ৷ তেওঁ লগতে কয়, এই গুলীৰ দুটাই আৰক্ষীৰ বাহনখনত আৰু আনটোৱে আৰক্ষী বিষয়াগৰাকীৰ সোঁ-ভৰিত আঘাত হানে ৷ তাৰপিছতে আন এগৰাকী আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী চলাবলৈ বাধ্য হয় ৷ এই গুলীচালনাত গুৰুতৰভাৱে আহত হয় ঘনকান্ত গগৈ। পিছত চিকিৎসালয়লৈ নিয়াৰ পথতে ঘনকান্তৰ মৃত্যু হয়। আমাৰ আৰক্ষী বিষয়াজনৰো ভৰিত গুলী লাগে আৰু তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ সম্প্ৰতি তেওঁ চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে, ২৬ অক্টোবৰৰ নিশা হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছতে আৰক্ষীয়ে ঘনকান্তক আটক কৰিছিল ৷ ইয়াৰ পিছতে অভিযুক্ত গগৈক পল্টন বজাৰ থানাত সোধা-পোছাৰ পাছত আৰক্ষীয়ে গুৱাহাটীৰ চিজেএম আদালতত হাজিৰ কৰাইছিল ৷ আদালতে তেওঁক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে । এই ৭ দিনৰ পিছত অৰ্থাৎ মঙলবাৰে ঘনকান্তৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাত পুনৰ আদালতত হাজিৰ কৰোৱা হয় ৷ তাৰপিছত আদালতে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
