অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱসত স্বাস্থ্য মন্ত্ৰী অশোক সিংঘাল

অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱসত স্বাস্থ্য মন্ত্ৰী অশোক সিংঘাল: চিকিৎসা শিক্ষা, গৱেষণা, আন্তঃগাঁথনি আৰু উন্নত স্বাস্থ্যসেৱা নিশ্চিতকৰণৰ ওপৰত গুৰুত্ব আৰোপ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৭৯সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য অনুষ্ঠানত আজি অংশগ্ৰহণ কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে অসম চিকিৎসা মহাবিদ্যালয়ে বিগত কেইবাটাও দশক ধৰি চিকিৎসা শিক্ষা, গৱেষণা আৰু ৰোগীৰ সেৱাৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানক মন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে।এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে অসম চিকিৎসা মহাবিদ্যালয় কেৱল এখন চিকিৎসা শিক্ষাৰ প্ৰতিষ্ঠানেই নহয়, বৰং অসমৰ স্বাস্থ্যসেৱাৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংশ। সুদীৰ্ঘ ৭৯ বছৰীয়া যাত্ৰাত প্ৰতিষ্ঠানখনে অসংখ্য দক্ষ চিকিৎসক, বিশেষজ্ঞ আৰু স্বাস্থ্যকৰ্মী গঢ়ি তোলাৰ লগতে লাখ লাখ ৰোগীক চিকিৎসা সেৱা আগবঢ়াই ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থাক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।প্ৰতিষ্ঠানখনৰ প্ৰতিটো প্ৰজন্মৰ চিকিৎসক, অধ্যাপক, শিক্ষাৰ্থী, স্বাস্থ্যকৰ্মী আৰু কৰ্মচাৰীৰ নিষ্ঠা, একাগ্ৰতা আৰু সেৱাৰ মনোভাৱেই ইয়াৰ গৌৰৱময় ইতিহাস ৰচনা কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ঐতিহ্য আৰু অভিজ্ঞতাক মূলধন হিচাপে লৈ অসম চিকিৎসা মহাবিদ্যালয়ক আগন্তুক দিনত চিকিৎসা শিক্ষা, গৱেষণা আৰু ৰোগীৰ সেৱাৰ ক্ষেত্ৰত অধিক উন্নত পৰ্যায়লৈ লৈ যোৱাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিষ্ঠানখনৰ আন্তঃগাঁথনিৰ উন্নয়ন, চিকিৎসা শিক্ষাৰ গুণগত মান বৃদ্ধি আৰু ৰোগীসকলৰ বাবে উন্নত চিকিৎসা সেৱা নিশ্চিত কৰাৰ দিশত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। অনুষ্ঠানত বিধায়ক তৰংগ গগৈ আৰু প্ৰশান্ত ফুকনো উপস্থিত থাকে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ বি.এছ.চি. নাৰ্চিং মহাবিদ্যালয়, দন্ত চিকিৎসা মহাবিদ্যালয় আৰু কৰ্কটৰোগ প্ৰতিষ্ঠান পৰিদৰ্শন কৰি প্ৰতিষ্ঠানকেইখনৰ শৈক্ষিক পৰিৱেশ, আন্তঃগাঁথনি, চিকিৎসা সেৱা আৰু চলি থকা উন্নয়নমূলক কাম-কাজৰ সামগ্ৰিক স্থিতিৰ বুজ লয়। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানসমূহৰ সংশ্লিষ্ট কৰ্তৃপক্ষ, চিকিৎসক, অধ্যাপক, স্বাস্থ্যকৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰে। প্ৰতিষ্ঠানসমূহৰ শৈক্ষিক আৰু প্ৰশাসনিক কাম-কাজৰ লগতে চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যা, প্ৰত্যাহ্বান আৰু প্ৰয়োজনীয়তাৰ বিষয়ে বিতংভাৱে অৱগত হয়।বি.এছ.চি. নাৰ্চিং মহাবিদ্যালয়ৰ পৰিদৰ্শনকালত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উন্নত শৈক্ষিক পৰিৱেশ, প্ৰশিক্ষণৰ সুবিধা আৰু দক্ষ নাৰ্চিং মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আনহাতে, দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থা, প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু ৰোগীসকলক আগবঢ়োৱা দন্ত চিকিৎসা সেৱাৰ বিভিন্ন দিশৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। একেদৰে কৰ্কট প্ৰতিষ্ঠান পৰিদৰ্শন কৰি কৰ্কট ৰোগীৰ বাবে উপলব্ধ চিকিৎসা সেৱা, চিকিৎসা ব্যৱস্থাপনা, প্ৰয়োজনীয় সা-সুবিধা আৰু প্ৰতিষ্ঠানখনৰ সামগ্ৰিক কাৰ্যকলাপৰ বিষয়ে অৱগত হয়। কৰ্কট ৰোগৰ চিকিৎসা সেৱা অধিক উন্নত আৰু সহজলভ্য কৰি তোলাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনৰ ভূমিকা আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বিষয়েও আলোচনা কৰে।পৰিদৰ্শনৰ সময়ত প্ৰতিষ্ঠানকেইখনত চলি থকা বিভিন্ন আন্তঃগাঁথনিমূলক আৰু উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। যিসমূহ কাম দ্ৰুতভাৱে সম্পূৰ্ণ কৰাৰ প্ৰয়োজন, সেইসমূহৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বিষয়েও আলোচনা কৰে। ইয়াৰ পুৰ্বে পুৱা মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক অধ্যাপক (ড°) সঞ্জীৱ কাকতিয়ে আনুষ্ঠানিকভাৱে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰাৰ লগতে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত বহু সংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে। ৰাজ্যখনৰ বিভিন্ন লোকনৃত্য প্ৰদৰ্শনেৰে এক আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচীয়ে উপস্থিত সকলোকে আপ্লুত কৰে। ইয়াৰ পিছতেই আনুষ্ঠানিক মুকলি সভা অনুষ্ঠিত হয়, য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মাননীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংঘলে।অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে উপ-অধ্যক্ষ অধ্যাপিকা ৰীমা নাথে। ড° জন বেৰী হোৱাইট প্ৰেক্ষাগৃহটি মহাবিদ্যালয়ৰ প্ৰেৰণাদায়ী সমবেত সংগীত ‘পূৰ্ব ভাৰতীৰ তীৰ্থ প্ৰাংগণত’ ধ্বনিৰে মুখৰিত হৈ পৰে। অধ্যক্ষ অধ্যাপক সঞ্জীৱ কাকতিয়ে মহাবিদ্যালয়খনৰ বাৰ্ষিক প্ৰতিবেদন দাঙি ধৰে। সমবেত সকলো সন্মানীয় অতিথিয়ে অসম চিকিৎসা মহাবিদ্যালয়ক লৈ তেওঁলোকৰ আশা আৰু আকাংক্ষাৰ বিষয়ে বক্তব্য ৰাখে আৰু ৮০সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলোকে ওলগ জনায়।মহাবিদ্যালয়খনৰ বাৰ্ষিক সাহিত্য সৃষ্টি ‘আমকল’উন্মোচন মন্ত্ৰী অশোক সিংঘলে। বাৰ্ষিক বঁটাসমূহ যোগ্য প্ৰাপকসকলৰ হাতত তুলি দিয়া হয়। শেষত আমাৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ৰ মধুৰ পৰিৱেশনেৰে কাৰ্যসূচীৰ সামৰণি পৰে।