মিছাইল মানৱ,এ পি জে আব্দুল কালামৰ মিছাইল প্ৰস্তুতকৰণ আৰু উৎক্ষেপণ : এটি চমু আলোচনা – নাছিৰ আহমেদ

Pc Hindustan Times

মিছাইল মানৱ,এ পি জে আব্দুল কালামৰ মিছাইল প্ৰস্তুতকৰণ আৰু উৎক্ষেপণ : এটি চমু আলোচনা

নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা

ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি, আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী তথা মিছাইল মানৱ এ পি জে আব্দুল কালাম ডাঙৰীয়াৰ লেখা ” অগ্নিৰ ডেউকা” (  Wings of Fire) গ্ৰন্থৰ আধাৰত মিছাইল মানৱ গৰাকীৰ মিছাইল প্ৰস্তুতকৰণ প্ৰণালী,কাৰ্যকৰণ আৰু উৎক্ষেপণৰ ওপৰত এটি চমু আলোচনা আগবঢ়োৱা হ’ল।

ৰকেট উৎক্ষেপণৰ জয়যাত্ৰাত সমানেই ফেৰ মাৰি ৰকেট বিজ্ঞানী এ পি জে আব্দুল কালামে ইছৰোত (ISRO) সুদীৰ্ঘ ওঠৰ বছৰ ধৰি কাম কৰাৰ পিছত এছ এল ভি -৩  আৰু পৰৱৰ্তী এছ এল ভি – ৩ ডি ১ৰ উৰণ ১৯৮১ চনৰ ৩১ মে’ ৰ দিনা সফলতাৰে সম্পন্ন কৰাৰ পিছত  ডি. আৰ.ডি.এল.-ত যোগদান কৰি নাৰায়ণন আৰু তেওঁৰ দলে ‘ডেভিল মিছাইল কাৰ্যক্ৰম’ আটলত তুলি থোৱা দুখ লগা অৱস্থাক তেওঁলোকৰ নিৰ্দেশ মৰ্মেই মিছাইল বিকাশ কাৰ্যক্ৰমক ( জি. এম. ডি. পি) এটা সুবিন্যস্ত ৰূপ দিবলৈ দায়িত্ব গ্ৰহণ কৰে।

তাৰ পিছত তেওঁৰ সম্ভাৱনাপূৰ্ণ কামৰ ঠাইখন জানিবলৈ ১৯৮২ চনৰ এপ্ৰিল মাহত ডি.আৰ. ডি. এল.লৈ গৈছিল। তেতিয়া ইয়াৰ সঞ্চালক আছিল এছ. এল. বাঞ্চাল। সেই সময়ত ডি.আৰ. ডি. এল.ত পাঁচটা স্টাফ প্ৰজেক্ট আৰু ষোলটা ক্ষমতা নিৰ্মাণ প্ৰজেক্টৰ কাম চলি আছিল।

তাৰ বাহিৰেও, ভৱিষ্যতে স্বদেশী মিছাইল নিৰ্মাণ কৰা টেক্ ন’লজি উন্নত কৰাৰ বাবে যমজ ৩০ টন তৰল ইন্ধন বিশিষ্ট ৰকেট ইঞ্জিন নিৰ্মাণৰ প্ৰচেষ্টা দেখি এ পি জে আব্দুল কালাম মুগ্ধ হৈছিল।

তেওঁ ১৯৮২ চনৰ পহিলা জুনত ডি.আৰ. ডি. এল. ত নিয়ম মাফিক যোগদান কৰিলে। ডি. আৰ. ডি.এল.ত তেওঁৰ প্ৰথম কেইমাহমান ভাল লাগিছিল। ডি.আৰ. ডি. এল.ত আৰ. এণ্ড ডি, কাম কাজ খৰতকীয়া কৰাৰ বাবে বৈজ্ঞানিক,কাৰিকৰী আৰু প্ৰযুক্তিৰ জলন্ত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক আৰু ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে  ‘মিছাইল টেক্ ন’লজি ‘ নামৰ এটি উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হয়। আৰু লেবৰেটৰীৰ মেনেজমেন্টৰ কাম-কাজত মধ্যমীয়া বিজ্ঞানী আৰু অভিযন্তাসকলক জড়িত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হয়। অৱশেষত কেইবাদিনৰ বাদানুবাদ আৰু আৰু কেইবা সপ্তাহৰ বিচাৰ-বিশ্লেষণ কৰাৰ অন্তত ‘ গাইডেড মিছাইল ডেভেলপ্ মেন্ট্ প্ৰগ্ৰেম’ ৰ জন্ম হ’ল। তেওঁলোকে দুটা ক্ষেপণাস্ত্ৰৰ বিকাশ আৰু উৎপাদনৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ পৰা বাৰ বছৰৰ ভিতৰত খৰচ কৰিবলৈ ৩৯০ কোটি টকা আৱন্টন বিচাৰিলে।

এটা হ’ল -ল’লেভেল কুইক ৰিএক্ শ্যন টেক্‌নিকেল্ ক’ৰ্ ভেইকল্ আৰু আনটো হ’ল -মিডিয়াম ৰেঞ্জ চাৰফেচ-টু চাৰফেচ ৱেপন চিষ্টেম।

দ্বিতীয় পৰ্যায়ত তেওঁলোকে ভূ-পৃষ্ঠৰ পৰা শূন্যলৈ নিক্ষেপ কৰিব পৰা এনেকুৱা ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লৈছিল, যিয়ে একেবাৰতে কেইবাটাও লক্ষ্যত আঘাত হানিব পাৰে। টেঙ্কভেদী ( এন্টি-টেঙ্ক) নিৰ্মাণৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱাৰ বাবে ডি. আৰ. ডি. এল. বিখ্যাত হৈছিল।

এ পি জে আব্দুল কালামৰ নেতৃত্বত বিজ্ঞানীসকলে  ‘ফায়াৰ এণ্ড ফৰগেট ‘ সামৰ্থ্য থকা থাৰ্ড জেনেৰেশ্যন্ এন্টি টেঙ্ক গাইডেড্ মিছাইলৰ বিকাশৰ সাধন কৰাৰ বাবে পৰিকল্পনা হাতত ল’লে। তেওঁৰ মনত ৰি-এন্ট্ৰি এক্সপেৰিমেন্ট্ লঞ্চ ভেইকল্ (ৰেক্স-আৰ. ই. এক্স) হেৰুওৱা সপোন পুনৰুদ্ধাৰ কৰাৰ দুৰ্বাৰ আকাঙ্ক্ষা হৈছিল। ‘হীট শ্বিল্ড’ৰ আৰ্হিত ব্যৱহাৰৰ বাবে ডাটা উৎপন্ন কৰিবলৈ তেওঁৰ সহকৰ্মীসকলক এটা কাৰিকৰী বিকাশ পৰিযোজনা হাতত ল’বলৈ উৎসাহিত কৰিলে।লং-ৰেঞ্জ  মিছাইল প্ৰস্তুতকৰণৰ ক্ষেত্ৰত সেই ‘ হীট শ্বীল্ড’ বোৰ পিছত দৰকাৰ হৈছিল।

মিছাইল কাৰ্যক্ৰম সমান্তৰাল ভাৱে চলাই থকা হৈছিল আৰু ইয়াৰ নক্সা,উন্নয়ন আৰু উৎপাদনত বাৰটা শৈক্ষিক প্ৰতিষ্ঠান, ডি.আৰ. ডি.ও.ৰ  ত্ৰিশটা প্ৰয়োগ শালা, কাউন্সিল অব চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছ(চি.এছ. আই. আৰ) ইছৰো ( ISRO) আৰু বিভিন্ন উদ্যোগ সহযোগী হৈছিল।

১৯৮৪ চনৰ এপ্ৰিল -জুন মাহৰ ভিতৰতে মিছাইল কাৰ্যক্ৰমত লাগি থকা তেওঁলোকৰ ছয়জনে শৈক্ষিক প্ৰতিষ্ঠানলৈ গৈ প্ৰতিশ্ৰুতি সম্পন্ন ডেকা সকলৰ এখন তালিকা প্ৰস্তুত কৰিলে।

মিছাইল কাৰ্যক্ৰমৰ প্ৰথম প্ৰক্ষেপণ ১৯৮৫ চনৰ ১৬ চেপ্তেম্বৰৰ দিনা কৰা হৈছিল। সেই দিনাই শ্ৰীহৰিকোটাৰ (SHAR)টেষ্ট ৰেঞ্জৰ পৰা’ত্ৰিশূল’ ক উৎক্ষেপণ কৰা হৈছিল। এইটো প্ৰক্ষেপিত উৰণ আছিল। ইয়াৰ উৰণ সময়ৰ ভিতৰত চলিড্ ইন্ধন ৰকেট মটৰৰ কাম কাজ পৰীক্ষা কৰা হৈছিল। ভূ-পৃষ্ঠৰ পৰা মিছাইলৰ পথৰ গতি-বিধি নিৰীক্ষণ কৰাৰ বাবে দুটা চি-বেন্দ্ ৰাডাৰ আৰু কেলিডিঅ’-থিয়ড’লাইট. (KTLs) ভূমি জৰিপ কাৰ্যত ব্যৱহৃত যন্ত্ৰ বিশেষ) ব্যৱহাৰ কৰা হৈছিল। পৰীক্ষণ সফল হ’ল।

১৯৮৮ চনৰ আৰম্ভণিতে  ‘পৃথ্বী ‘ মিছাইলৰ কাৰ্যক্ৰম শেষ হৈ আহিছিল। প্ৰথম বাৰৰ বাবে আমাৰ দেশত মিছাইল প্ৰণালীত পেলোড্ ৰেঞ্জ্ কম্বি্নেশ্বনত নমনীয়তা ( Flexibility) আনিব পৰা থূপীকৃত তৰল প্ৰপেলেন্ট্(LP) ইঞ্জিন ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল।

১৯৮৮ চনৰ ২৫ ফেব্ৰুৱাৰীৰ দিনাখন এঘাৰ বাজি তেইশ মিনিট যোৱাৰ লগে লগে  ‘পৃথ্বী ‘ ৰ প্ৰক্ষেপণ কৰা হ’ল। আমাৰ দেশৰ ৰকেট বিজ্ঞানৰ ইতিহাসত এয়া এক যুগান্তকাৰী ঘটনা হিচাপে পৰিগণিত হৈছিল।

‘ পৃথ্বী ‘ এশ পঞ্চাছ কিলোমিটাৰ দূৰত্বলৈ হাজাৰ কিলোগ্ৰাম ওজন সৰ্বস্ব পাৰস্পৰিক বিস্ফোৰক -শীৰ্ষ নিব পৰা ক্ষমতাযুক্ত ভূ-পৃষ্ঠৰ পৰা ভূ-পৃষ্ঠলৈ আঘাত কৰিব পৰা কেৱল এটা মিছাইলেই নহয়,বৰং সঁচা অৰ্থত ই দেশখনৰ ভৱিষ্যতৰ গাইডেদ মিছাইলৰ বুনিয়াদী নিদৰ্শ বা আৰ্হি হিচাপেও বিবেচিত হৈছে।

১৯৮৯ চনৰ ২০ এপ্ৰিলত  ‘অগ্নি ‘ মিছাইল প্ৰক্ষেপণৰ তাৰিখ ধাৰ্য কৰা হৈছিল। প্ৰক্ষেপণ প্ৰস্তুতিৰ আটাইবোৰ কাম নিৰ্ধাৰিত কাৰ্যসূচী মতে হৈছিল। ১৯৮৯ চনৰ ২০ এপ্ৰিলত উৰণ কাৰ্য আৰম্ভ কৰাৰ টি- ১৪ চেকেণ্ডত কম্পিউটাৰে  ‘হোল্ড’ চিগনেল দিলে ; অৰ্থাৎ ক’ৰবাত বিজুতি ঘটিছে। তুৰন্তে সেই বিজুতি আঁতৰোৱা হ’ল। ইফালে আকৌ ডাউন-ৰেঞ্জ ষ্টেছনেও ‘ হোল্ড ‘ ইংগিত দিলে। তেতিয়া বাধ্যত পৰি অগ্নি মিছাইলৰ উৰণ কাৰ্য স্থগিত কৰিব লগীয়া হৈছিল। পিছৰ দহদিন দহৰাতি একেলেথাৰিয়ে পুঙ্খানুপুঙ্খভাৱে বিশ্লেষণ কৰি এই কামটোত নিয়োজিত বিজ্ঞানীসকলে অৱশেষত ১৯৮৯ চনৰ পহিলা মে’ ৰ দিনা যানখন উৎক্ষেপণৰ বাবে সাজু কৰিলে। কিন্তু আকৌ বিজুতি দেখা দিলে। দ্বিতীয় বাৰ উৰণ প্ৰচেষ্টাৰ সময়ত বিজুতিৰ কাৰণ সম্পৰ্কে বিষদভাৱে আলোচনা বিলোচনা কৰি তেওঁলোকে নিয়ন্ত্ৰণ প্ৰণালীৰ সম্পূৰ্ণ নতুন ৰূপ দিলে। এ‌ পি জে আব্দুল কালামৰ পৰামৰ্শ মতে এই কামটোৰ দায়িত্ব দিয়া হৈছিল ডি.আৰ.ডি. ও.-‘ইছৰো’ ৰ দলক। পিছদিনা ৰাতিপুৱা সাত বাজি এঘাৰ মিনিটত  ‘অগ্নি’ য়ে উড্ডয়ন কৰিলে। সেইটো আছিল একেবাৰে নিখুঁত উৎক্ষেপণ। মিছাইল টোৱে নিৰ্দিষ্ট কক্ষপথেদি গতি কৰিছিল আৰু আটাইবোৰ যন্ত্ৰপাতি ঠিকমতে পৰিচালিত হৈছিল।

‘ নাগ’ৰ প্ৰথম উৰণ সহ মিছাইল কাৰ্যসূচীৰ বাবে মিছাইল মানৱ এ পি জে আব্দুল কালাম , মিঃ আয়াৰ আৰু তেওঁৰ দলটোৱে  পুৰস্কাৰ লাভ কৰাত এটা উৎসৱৰ আয়োজন কৰিছিল। ভাৰতৰ প্ৰথম অল্- কম্পজিট এয়াৰ্ ফ্ৰেইম আৰু প্ৰক্ষেপণ পদ্ধতি দুবাৰকৈ পৰীক্ষা কৰি উঠাত পিছদিনাও তেওঁলোকে তাৰ পুনৰাবৃত্তি কৰিলে। এই পৰীক্ষাবোৰে দেশীয় থাৰ্মেল বেটাৰীৰ উৎকৰ্ষতাকে প্ৰতিপন্ন কৰিলে। প্ৰযুক্তি বিদ্যাত প্ৰভূত বিকাশ লাভ কৰা পৃথিৱীৰ যিকোনো দেশৰ সমানে সমানে ভাৰতেও  ‘ফায়াৰ্ -এণ্ড- ফৰগেট্’ ক্ষমতা থকা এন্টি-টেঙ্ক্ মিছাইল উদ্ভাৱন কৰাত তৃতীয় পিৰি পোৱাৰ মৰ্যাদা লাভ কৰিলে। দেশীয় সংমিশ্ৰিত প্ৰযুক্তি বিদ্যা এটা মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ল। ‘নাগ’ মিছাইলৰ  কৃতকাৰ্যতায়ো জোঁটৱদ্ধ প্ৰচেষ্টাৰ কাৰ্যকাৰিতাকে প্ৰতিপন্ন কৰিলে ; এই পদ্ধতিয়েই  ‘অগ্নি ‘ৰ সফল উৎক্ষেপণৰ পথ প্ৰশস্ত কৰিছিল।

‘ নাগ’ মিছাইলত দুটা মুখ্য টেক্ ন’লজি প্ৰয়োগ কৰা হৈছিল। এটা হ’ল-‘ ইমেজিং ইনফ্ৰা ৰে’ড্’ প্ৰণালী ( আই.  আই.আৰ‌.) আনটো হ’ল –  ‘মিলিমেট্ৰিক ওৱেভ্’ ( এম. এম. ডব্লিউ.) ৰাডাৰ

‘ আকাশ ‘ মিছাইলৰ পৰীক্ষামূলক উৰণৰ যোগেদি তেওঁলোকে আমাৰ দেশৰ ৪৪তম স্বাধীনতা দিৱস উদযাপন কৰিলে। মিঃ প্ৰহ্লাদ আৰু এ পি জে আব্দুল কালামৰ দলটোৱে এটা নতুন মজবুত ক্ষেপণক বুছটাৰ পদ্ধতিৰ উদ্ভাৱন কৰিলে। অভুতপূৰ্ব উচ্চ শক্তিসম্পন্ন এই ক্ষেপণক মাটিৰ পৰা আকাশলৈ নিক্ষেপ কৰা মিছাইলৰ দুৰত্ব নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ হ’ল। ভূ-পৃষ্ঠত বায়ু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেশে আৰু এটা দৃঢ় পদক্ষেপ দিবলৈ সক্ষম হ’ল।

এনেদৰে  ত্ৰিশূল, পৃথ্বী, নাগ, অগ্নি, আকাশ আদি গুৰুত্বপূৰ্ণ মিছাইল উদ্ভাৱনেৰে আমাৰ দেশক পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ সন্মান প্ৰদান কৰা মিছাইল মানৱ তথা ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে নিজৰ ওপজা ভূমিক প্ৰাচুৰ্যময় কৰি তোলাৰ সপোন মিশ্ৰিত কেইবাটাও অপূৰ্ব, হৃদয়স্পৰ্শী গীত আৰু কবিতা ৰচনা কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

( তদানীন্তন ৰাষ্ট্ৰপতি, আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী তথা মিছাইল মানৱ এ পি জে আব্দুল কালামৰ জন্ম দিৱস উপলক্ষে ( জন্ম দিৱস ১৯৩১ চনৰ ১৫ অক্টোবৰ) এই লেখাটি অৰ্পণ কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।)