অনন্ত পোহৰ – ৰশ্মি ৰেখা দুৱৰা

Pc Unsplash

অনন্ত পোহৰ

ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

অসম নহয়,
সমগ্ৰ বিশ্বতে তুমি
তোমাৰ দীপ্তি জিলিকি আছে ৰন্ধ্ৰে ৰন্ধ্ৰে।
তুমি সূৰ্য,
প্ৰচণ্ড তাপ সহি সহি
তোমাৰ পোহৰে জগত পোহৰালা।
তোমাৰ খোজৰ শব্দ!
নাই, এতিয়া শুনিবলৈয়ে নাই,
কায়িক দেহটো অচেতন হৈ পৰিল।
মানুহৰ মন জয় কৰি ক’ত গ’লা তুমি?
তোমাৰ গানৰ সুৰ আজিও
স্পন্দিত হৈ আছে।
আনৰ দুখত সমভাগী হোৱা হৃদয়খন
আজি ইমান নীৰৱ কিয়?
হঠাতে সাগৰৰ গভীৰতাত শুই পৰিলা
আকাশ-বতাহ ধূসৰিত
চৌদিশ নিস্তব্ধ হৈ পৰিল।
তুমি অস্ত যোৱা সূৰ্য নহয়
স্মৃতিৰ পৃষ্ঠাত জ্বলি থকা এক অনন্ত পোহৰ।